বৃষ্টি (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৃষ্টি

বৃষ্টিৰ এটা গীতৰ দৃশ্যত বিষ্ণু খাৰঘৰীয়া
পৰিচালক দেউতি বৰুৱা
ৰচনা দেউতি বৰুৱা
অভিনয়ত বিজু ফুকন
ইলা কাকতি
সংগীত পৰিচালক জয়ন্ত হাজৰিকা
মুক্তি
১৯৭৪
দৈৰ্ঘ্য
১২২ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

বৃষ্টি (ইংৰাজী: Bristi) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। জয়শ্ৰী প্ৰডাকছন (প্ৰাঃ) লিমিটেডৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল এজন আগশাৰীৰ নাট্যকাৰ দেউতি বৰুৱাই। মধ্যবিত্তীয় আদৰ্শ আৰু সংঘাতক কেন্দ্ৰ কৰি ছবিৰ কাহিনী গঢ় লৈছে। যদিও মূলতঃ ই এখন প্ৰেমৰ ছবি আছিল, ছবিখনৰ যোগেদি সমকালীন অসমৰ দুৰ্নীতি, শিক্ষিত নিবনুৱাৰ হা-হুতাশ আৰু ক্ষোভৰ চিত্ৰ এখন পৰিস্ফুট হৈ পৰিছিল। সত্তৰৰ দশকত অসমীয়া চলচ্চিত্ৰ জগতত বহুকেইজন প্ৰতিভাশালী পৰিচালকৰ আবিৰ্ভাৱ হৈছিল। উক্ত দশকটোত যিকেইখন অৰ্থবহ অসমীয়া ছবিৰ নিৰ্মাণ হৈছিল, তাৰ ভিতৰত বৃষ্টি অন্যতম। এই ছবিখনৰ যোগেদি বিষ্ণু খাৰঘৰীয়াই চলচ্চিত্ৰ অভিনয়ৰ পাতনি মেলিছিল। ইয়াত তেওঁ এজন শিক্ষিত-নিবনুৱা খঙাল যুৱকৰ অভিনয় কৰিছিল।[1][2][3][4]

অভিনয়-শিল্পী[সম্পাদনা কৰক]

সংগীত[সম্পাদনা কৰক]

'বৃষ্টি'ৰ সঙ্গীত পৰিচালনা জয়ন্ত হাজৰিকাৰ। গীত লিখিছে ভূপেন হাজৰিকাই। কণ্ঠ জয়ন্ত হাজৰিকা, কুল বৰুৱা আৰু নিৰ্মলা মিশ্ৰৰ।[5]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "ৰম্ভা, মেনকা কিম্বা যুথিকা নামবোৰ নাজানো ভাই"  ভূপেন হাজৰিকাজয়ন্ত হাজৰিকা, কুল বৰুৱা  
2. "কাৰোবাৰ দুনয়ন সৰগৰ তৰা যেন লাগে"  ভূপেন হাজৰিকাকুল বৰুৱা  
3. "তুলসীৰ তলেতলে কত চাকি জ্বলালো"  ভূপেন হাজৰিকানিৰ্মলা মিশ্ৰ  
4. "সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল"  ভূপেন হাজৰিকাজয়ন্ত হাজৰিকা  

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

গানা-ডট-কমত বৃষ্টিৰ গীত