সমললৈ যাওক

নীতা আম্বানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নীতা আম্বানী
জন্ম নীতা দালাল
০১ নৱেম্বৰ, ১৯৬৩ (৬২ বছৰ)[1]
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান নাৰ্চী মঞ্জি কলেজ অফ কমাৰ্চ এণ্ড ইকনমিক্স
পেচা অধ্যক্ষ, ৰিলাইয়েন্স ফাউণ্ডেচন
মুম্বাই ইণ্ডিয়ানছ দলৰ গৰাকী
দাম্পত্যসঙ্গী মুকেশ আম্বানী (বি. ১৯৮৫)
সন্তান
আত্মীয়-স্বজন ধীৰুভাই আম্বানী (শহুৰ)
অনিল আম্বানী (দেৱৰ)

নীতা দালাল মুকেশ আম্বানী (জন্ম ১ নৱেম্বৰ ১৯৬৩) এগৰাকী ভাৰতীয় মহিলা উদ্যমী। তেওঁ ৰিলাইয়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আৰু বৰ্তমান অধ্যক্ষ। ইয়াৰ লগতে তেওঁ ৰিলাইয়েন্স ইণ্ডাষ্ট্ৰীছৰ অ-কাৰ্যবাহী সঞ্চালক।[2] তেওঁৰ স্বামী মুকেশ আম্বাণী ৰিলাইয়েন্স ইণ্ডাষ্ট্ৰীছৰ অধ্যক্ষ আৰু প্ৰবন্ধ সঞ্চালক।[3] তেওঁলোকৰ পৰিয়ালৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪০ মিলিয়ন আমেৰিকান ডলাৰতকৈ বেছি আৰু ভাৰতৰ আটাইতকৈ ধনী পৰিয়ালৰ অন্যতম। নীতা আম্বানী এগৰাকী কলা সংগ্ৰাহক[4][5] আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মুম্বাই ইণ্ডিয়ানছ ক্ৰিকেট দলৰ গৰাকী।[6] তেওঁ ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় স্কুলৰ প্ৰতিষ্ঠাপক আৰু বৰ্তমান সঞ্চালক।

২০১৬ চনত তেওঁ "ইণ্ডিয়া টুডে"ৰ দা ফিফটি হাই এণ্ড মাইটি ইণ্ডিয়ানছ তালিকাত স্থান লাভ কৰিছিল।[7] একে বছৰে ফৰ্বছে তেওঁক দা মষ্ট ইনফ্লুয়েন্সীয়েল ৱমেন বিজনেছ লিডাৰছ ইন এছিয়াৰ তালিকাত ৰাখে।[8] নীতা আম্বাণী আন্তৰ্জাতিক অলিম্পিক সমিতি বৰ্তমান সদস্য। তেওঁ আন্তৰ্জাতিক অলিম্পিক সমিতিৰ প্ৰথম ভাৰতীয় মহিলা সদস্য।[9]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৬৩ চনৰ ১ নৱেম্বৰ তাৰিখে মুম্বাইৰ এক মধ্যবিত্ত গুজৰাটী পৰিয়ালত নীতা আম্বানীৰ জন্ম হৈছিল।[10] তেওঁৰ পিতৃ ৰবীন্দ্ৰভাই দালাল আৰু মাতৃ পূৰ্ণিমা দালাল।[11] নাৰ্চী মঞ্জি কলেজ অফ কমাৰ্চ এণ্ড ইকনমিক্সত বাণিজ্য শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ সৰুৰে পৰা ভাৰতনাট্যম শিকিছিল আৰু পিছলৈ এগৰাকী পেছাদাৰী ভাৰতনাট্যম নৃত্যবিদত পৰিগণিত হৈছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

নীতা ৰবীন্দ্ৰভাই দালাল আৰু পূৰ্ণিমা দালালৰ দুহিতা।[12] তেওঁৰ ভগ্নী মমতা দালাল এগৰাকী শিক্ষয়িত্ৰী।[13] তেওঁৰ মুম্বাইৰ উপকণ্ঠ অঞ্চলৰ মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। তেওঁ এগৰাকী ভাৰত নাট্যম নৃত্যশিল্পী।[14] তেওঁ শিক্ষয়িত্ৰী হিচাপে কাম কৰি থাকোঁতে মুকেশ আম্বানীক লগ পাইছিল। তেওঁলোক ১৯৮৫ চনত বিবাহপাশত আবদ্ধ হয়। তেওঁ বিয়াৰ পিছতো কিছু বছৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল।[14]

তেওঁলোকৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে। আকাশ আৰু ঈশা আৰু কনিষ্ঠ অনন্ত আম্বানী। আকাশ আম্বানীয়ে ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি বৰ্তমান ৰিলাইয়েন্স জিঅ' ইনফ'কমৰ চীফ অফ ষ্ট্ৰেটেজি পদত অধিষ্ঠিত হৈ আছে।[15] ঈশা আম্বানীয়ে য়েল বিশ্ববিদ্যালয়ৰপৰা মনস্তত্ত্ব বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰি বৰ্তমান ৰিলাইয়েন্স জিঅ' ইনফ'কম আৰু ৰিলাইয়েন্স ৰিটেইলৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

তৃণমুল পৰ্যায়লৈ ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে নীতা আম্বানীয়ে আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে তেওঁক ভাৰত চৰকাৰে 'ৰাষ্ট্ৰীয় খেল প্ৰয়োৎসহন বঁটা ২০১৭' প্ৰদান কৰে। এই বঁটা তেওঁ ৰিলাইয়েন্স ফাউণ্ডেচনৰ অধ্যক্ষ হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ পৰা গ্ৰহণ কৰিছিল।[16] তেওঁ টাইমছ অফ ইণ্ডিয়া বাতৰি কাকতৰ ভাৰতীয় ক্ৰীড়াৰ শ্ৰেষ্ঠ ব্যৱসায়ী সহযোগীৰ বঁটা লাভ কৰিছিল।[17][18]২০১৬ চনত তেওঁ "ইণ্ডিয়া টুডে"ৰ দা ফিফটি হাই এণ্ড মাইটি ইণ্ডিয়ানছ তালিকাত স্থান লাভ কৰিছিল।[19] একে বছৰতে ফৰ্বছে তেওঁক দা মষ্ট ইনফ্লুয়েন্সীয়েল ৱমেন বিজনেছ লিডাৰছ ইন এছিয়াৰ তালিকাত ৰাখে।[20] নীতা আম্বাণী আন্তৰ্জাতিক অলিম্পিক সমিতি বৰ্তমান সদস্য। তেওঁ আন্তৰ্জাতিক অলিম্পিক সমিতিৰ প্ৰথম ভাৰতীয় মহিলা সদস্য।[21]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Rai, Manmohan (2014-11-03). "Nita Ambani celebrates her 50th birthday with family in Kashi". The Economic Times. http://economictimes.indiatimes.com/magazines/panache/nita-ambani-celebrates-her-50th-birthday-with-family-in-kashi/articleshow/45017154.cms আহৰণ কৰা হৈছে: 18 April 2016.
  2. "Nita Ambani Becomes First Woman Director on Reliance Board - NDTV". profit.ndtv.com. http://profit.ndtv.com/news/corporates/article-nita-ambani-becomes-first-woman-director-on-reliance-board-531590 আহৰণ কৰা হৈছে: 18 April 2016.
  3. "How Nita Ambani was courted". www.hindustantimes.com. http://www.hindustantimes.com/tabloid/how-nita-ambani-was-courted/story-cTSrWaXZTwC9mPSZBQ6BEP.html আহৰণ কৰা হৈছে: 19 April 2016.
  4. "Nita Ambani Met Breuer Nasreen Mohamedi-artnet News" (en-US ভাষাত). artnet News. 2016-03-23. https://news.artnet.com/people/meet-nita-ambani-main-sponsor-met-breuer-453716 আহৰণ কৰা হৈছে: 2016-04-18.
  5. Crow, Kelly (2016-03-10). "India’s Richest Woman Eyes the Art World". Wall Street Journal. ISSN 0099-9660. https://www.wsj.com/articles/indias-richest-woman-eyes-the-art-world-1457642463.
  6. "Nita Ambani hosted a party for IPL 2015 Champions Mumbai Indians - Firstpost" (en-US ভাষাত). Firstpost. http://www.firstpost.com/sports/neeta-ambani-hosted-party-ipl-2015-champions-mumbai-indians-2263038.html আহৰণ কৰা হৈছে: 2016-04-18.
  7. "High and Mighty rankings: 1 to 50". indiatoday.intoday.in. http://indiatoday.intoday.in/story/india-today-high-and-mighty-rankings-2016-power-people-list/1/616322.html আহৰণ কৰা হৈছে: 2016-05-02.
  8. Karmali, Naazneen. "Meet Nita Ambani, The First Lady Of Indian Business". Forbes. https://www.forbes.com/sites/naazneenkarmali/2016/04/06/meet-nita-ambani-the-first-lady-of-indian-business/#5e34d87f267e আহৰণ কৰা হৈছে: 2016-04-18.
  9. "Rio 2016: Nita Ambani is first Indian IOC member". indianexpress.com. 2016-08-05. http://indianexpress.com/sports/rio-2016-olympics/nita-ambani-elected-as-ioc-member-first-indian-woman-to-do-so-2954072/ আহৰণ কৰা হৈছে: 2017-03-06.
  10. "Nita Ambani's sis is a school teacher | Latest News & Updates at Daily News & Analysis" (en-US ভাষাত). dna. 2008-02-08. http://www.dnaindia.com/entertainment/report-nita-ambani-s-sis-is-a-school-teacher-1149865 আহৰণ কৰা হৈছে: 2016-04-18.
  11. "Nita Ambani's father passes away". The Indian Express. 2014-07-03. http://indianexpress.com/article/cities/mumbai/nita-ambanis-father-passes-away/ আহৰণ কৰা হৈছে: 2016-04-18.
  12. Express News Service (July 3, 2014). "Nita Ambani's father passes away". The Indian Express. http://indianexpress.com/article/cities/mumbai/nita-ambanis-father-passes-away/.
  13. "Nita Ambani's sis is a school teacher". Daily News and Analysis. Feb 8, 2008. http://www.dnaindia.com/entertainment/report-nita-ambani-s-sis-is-a-school-teacher-1149865.
  14. 1 2 Naazneen Karmali (April 6, 2016). "Meet Nita Ambani, The First Lady Of Indian Business". Forbes. https://www.forbes.com/sites/naazneenkarmali/2016/04/06/meet-nita-ambani-the-first-lady-of-indian-business/#304dbc46296d.
  15. Ruchika Mehta (July 20, 2014). "My legacy only motivates me: Akash Ambani". The Times of India. http://timesofindia.indiatimes.com/business/india-business/My-legacy-only-motivates-me-Akash-Ambani/articleshow/38716970.cms.
  16. "nita-ambani-awarded-rashtriya-khel-protsahan-award.-/abpasmita.abplive.in". /abpasmita.abplive.in. 2017-08-29. Archived from the original on 2017-08-31. https://web.archive.org/web/20170831130106/http://abpasmita.abplive.in/sports/others-nita-ambani-awarded-rashtriya-khel-protsahan-award-179943/ আহৰণ কৰা হৈছে: 2017-08-29.
  17. "Mahindra Scorpio Times of India Sports Award TOISA". https://timesofindia.indiatimes.com/live-updates-mahindra-scorpio-times-of-india-sports-awards-2018/liveblog/63082147.cms আহৰণ কৰা হৈছে: 2018-02-26.
  18. "Mahindra Scorpio TOISA: Nita Ambani receives Best Corporate Supporter of Indian Sports award". https://timesofindia.indiatimes.com/mahindra-scorpio-toisa-nita-ambani-receives-best-corporate-supporter-of-indian-sports-award/articleshow/63122684.cms আহৰণ কৰা হৈছে: 2018-03-01.
  19. "High and Mighty rankings: 1 to 50". indiatoday.intoday.in. http://indiatoday.intoday.in/story/india-today-high-and-mighty-rankings-2016-power-people-list/1/616322.html আহৰণ কৰা হৈছে: 2016-05-02.
  20. Karmali, Naazneen. "Meet Nita Ambani, The First Lady Of Indian Business". Forbes. https://www.forbes.com/sites/naazneenkarmali/2016/04/06/meet-nita-ambani-the-first-lady-of-indian-business/#5e34d87f267e আহৰণ কৰা হৈছে: 2016-04-18.
  21. "Rio 2016: Nita Ambani is first Indian IOC member". indianexpress.com. 2016-08-05. http://indianexpress.com/sports/rio-2016-olympics/nita-ambani-elected-as-ioc-member-first-indian-woman-to-do-so-2954072/ আহৰণ কৰা হৈছে: 2017-03-06.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]