মফিজুদ্দিন আহমদ হাজৰিকা
| মফিজুদ্দিন আহমদ হাজৰিকা | |||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|
| স্থানীয় নাম | মফিজুদ্দিন আহমদ হাজৰিকা | ||||||||||
| জন্ম | ৩০ আগষ্ট, ১৮৭০ ডিব্ৰুগড়, প্ৰেচিডেঞ্চি অৱ ফ'ৰ্ট ৱিলিয়াম, ব্ৰিটিশ্ব ৰাজ | ||||||||||
| মৃত্যু | ২৯ অক্টোবৰ, ১৯৫৮ (৮৮ বছৰ) ডিব্ৰুগড়, অসম, ভাৰত | ||||||||||
| সমাধিস্থল | আমোলাপট্টি কবৰস্থান, ডিব্ৰুগড়, অসম | ||||||||||
| অন্য নাম | জ্ঞান-মালিনীৰ কবি | ||||||||||
| নাগৰিকত্ব |
| ||||||||||
| পেচা | |||||||||||
| সক্ৰিয় হৈ থকা সময় | ১৮৯৬–১৯৫৮ | ||||||||||
| ৰাজনৈতিক আন্দোলন | জোনাকী যুগ | ||||||||||
| দাম্পত্যসঙ্গী | হাফিজা খাতুন | ||||||||||
| সন্তান | ৬ | ||||||||||
| অসম সাহিত্য সভাৰ ১২শ সভাপতি | |||||||||||
| কাৰ্যকাল ১৯৩০ – ১৯৩০ | |||||||||||
| পূৰ্বসূৰী | কমলাকান্ত ভট্টাচাৰ্য্য | ||||||||||
| উত্তৰসূৰী | নগেন্দ্ৰ নাৰায়ণ চৌধুৰী | ||||||||||
| |||||||||||
মফিজুদ্দিন আহমদ হাজৰিকা (Assamese pronunciation: [mɔfizudːin aɦmɔd ɦazɔɹika]; ৩০ আগষ্ট ১৮৭০ – ২৯ অক্ট’বৰ ১৯৫৮) আছিল বিংশ শতিকাৰ প্ৰথম ভাগৰ এগৰাকী অসমীয়া কবি আৰু সাহিত্যিক। বিখ্যাত কবিতা পুথি ‘জ্ঞান মালিনী(১৮৯৬)’ৰ ৰচক। মফিজুদ্দিন আহমদ হাজৰিকা ১৯৩০ চনত গোলাঘাটত বহা অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল। ১৯১৩ চনত শিৱসাগৰত বহা ছাত্ৰ সভাৰ সভাপতিত্ব কৰিছিল। অসম চৰকাৰৰ পৰা তেখেতে সাহিত্যিক পেন্সন লাভ কৰিছিল।
জন্ম আৰু শিক্ষাজীৱন
[সম্পাদনা কৰক]মফিজুদ্দিন আহমদ হাজৰিকাৰ পিতৃৰ নাম হিম্মতুদ্দিন আহমদ। এখেতসকল বাঘ হাজৰিকাৰ বংশধৰ। জন্ম হৈছিল ডিব্ৰুগড়ত। ডিব্ৰুগড়তে পঢ়া-শুনা কৰি তাৰে চৰকাৰী হাইস্কুলৰপৰা ১৮৯২ চনত এণ্ট্ৰেন্স পৰীক্ষা দিয়ে।[1] কিন্তু পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰি পঢ়াৰ ইতি পেলায়।
কৰ্মজীৱন
[সম্পাদনা কৰক]১৮৯৩ মফিজুদ্দিন আহমদ হাজৰিকাই উত্তৰ লখিমপুৰত ফৰেষ্টাৰ হিচাপে কৰ্মত নিয়োজিত হয়। তিনিবছৰ এই কাম কৰাৰ পাছত ১৮৯৬ চনত লক্ষ্মীপুৰ কাছাৰীত আমোলা হিচাপে যোগদান কৰে। ১৯০২ চনত ডিব্ৰুগড় কাছাৰীলৈ বদলি হয়। অৱসৰৰ সময়লৈ তেওঁ চিভিল পেস্কাৰ পদবী পাইছিল। ১৯২৬ চনত অৱসৰ লয়।[1]
সাহিত্যিক জীৱন
[সম্পাদনা কৰক]১৮৯৬ চনত এখেতৰ বিখ্যাত কবিতা পুথি জ্ঞান মালিনী প্ৰকাশিত হয়। তেখেতৰ দ্বিতীয় কবিতা পুথি হ'ল 'মালিনীৰ বীণ', যিখন শেহতীয়াকৈ উদ্ধাৰ কৰা হৈছে । আন এখনি কবিতা পুথি তত্ত্ব পাৰিজাত(১৯৭০)। ।[1]
১৯০৪ চনৰপৰা ১৯৩৪ চনলৈ সুদীৰ্ঘ ৩০ বছৰ কাল ধৰি মফিজুদ্দিন আহমদ হাজৰিকা ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক আছিল। ১৯১৩ চনত শিৱসাগৰত বহা ছাত্ৰ সভাৰ সভাপতিত্ব কৰিছিল। ১৯৩০ চনত গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিল।[2][3] এখেতে সাহিত্যিক পেন্সন লাভ কৰিছিল।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 3 4 বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃষ্ঠা: ২১৪-২১৫
- ↑ Axom Xahitya Xabha (The Literary Society of Assam). www.assam.org Archived 2013-04-17 at the Wayback Machine আহৰণ কৰা তাৰিখ: ১০-১২-২০১২
- ↑ Presidents of Asam Sahitya Sabha since 1917. www.asamsahityasabha.com Archived 2013-01-29 at the Wayback Machine আহৰণ কৰা তাৰিখ: ১০-১২-২০১২
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিউৎসত মফিজুদ্দিন আহমদ হাজৰিকাৰ দ্বাৰা লিখা মূল পাঠ্য আছে। |