মেক্স প্লেংক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেক্স প্লেংক

১৯৩৩ চনত মেক্স প্লেংক
জন্ম Max Karl Ernst Ludwig Planck
এপ্ৰিল ২৩, ১৮৫৮
Kiel, Duchy of Holstein
মৃত্যু অক্টোবৰ ৪, ১৯৪৭ (৮৯ বছৰ)
Göttingen, Lower Saxony, জাৰ্মেনী
জাতীয়তা জাৰ্মান
ক্ষেত্ৰ পদাৰ্থবিজ্ঞান
প্ৰতিষ্ঠান University of Kiel
University of Berlin
University of Göttingen
Kaiser-Wilhelm-Gesellschaft
শিক্ষানুষ্ঠান Ludwig Maximilian University of Munich
ডক্তৰেল পৰামৰ্শদাতা Alexander von Brill
ডক্তৰেল ছাত্ৰ Gustav Ludwig Hertz
Erich Kretschmann
Walther Meissner
Walter Schottky
Max von Laue
Max Abraham
Moritz Schlick
Walther Bothe
Julius Edgar Lilienfeld
আন notable students Lise Meitner
জনা যায় প্লেংকৰ ধ্ৰুৱক
প্লেংকৰ অভিধাৰণা
কৃষ্ণকায় বিকিৰণৰ প্লেংক তত্ব
উল্লেখনীয় বঁটা Nobel prize medal.svg পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা (১৯১৮)
Goethe Prize (1945)
জীৱনসংগী Marie Merck (১৮৮৭–১৯০৯)
Marga von Hösslin (১৯১১-১৯৪৭)
Signature
Notes
He is the father of Erwin Planck who was executed in 1945 by the Gestapo for his part in the July 20 plot.

মেক্স কাৰ্ল আৰ্নষ্ট লুডৱিগ প্লেংক (ইংৰাজী:Max Karl Ernst Ludwig Planck) (এফ আৰ এছ- ৰয়েল চছাইটিৰ সদস্য)[1] (এপ্ৰিল ২৩, ১৮৫৮ – অক্টোবৰ ৪, ১৮৪৭) এগৰাকী জাৰ্মান তাত্বিক পদাৰ্থবিজ্ঞানী আছিল। মেক্স প্লেংক কোৱান্টাম বলবিজ্ঞান বা কোৱান্টাম তত্বৰ জনক হিচাপে পৰিচিত আৰু ইয়াৰ বাবেই তেওঁ ১৯১৮ চনত পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল। [2]

তাত্বিক পদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰলৈ প্লেংকে কেইবাটাও উল্লেখনীয় বৰঙণি আগবঢ়াইছিল। কিন্তু তেওঁৰ যশস্যা মূলতঃ কোৱান্টাম তত্বৰ জনক হিচাপে সুখ্যাত। যিদৰে আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্বই স্থান আৰু কালৰ ব্যাখ্যাৰ ক্ষেত্ৰলৈ জোৱাৰ আনিছিল, সেইদৰেই প্লেংকৰ কোৱান্টাম তত্বই পাৰমানৱিক আৰু অৱ-পাৰমানৱিক(ইংৰাজী:subatomic) প্ৰক্ৰিয়াসমূহৰ ব্যাখ্যাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আছিল। এই দুয়োটা তত্বই বিংশ শতিকাৰ পদাৰ্থবিজ্ঞানৰ মৌলিক তত্ব হিচাপে চিহ্নিত।


জীৱনী[সম্পাদনা কৰক]

প্লেংকৰ জন্ম হৈছিল এটা পাৰম্পৰিক আৰু বৌদ্ধিক জাৰ্মান পৰিয়ালত। তেওঁৰ পিতৃ আৰু মাতৃৰ দুয়োফালৰ ককাক গ'টিনজেন বিশ্ববিদ্যালয়ৰ ধৰ্মতত্ব(ইংৰাজী:theology)ৰ অধ্যাপক আছিল। প্লেংকৰ পিতৃ কিয়েল বিশ্ববিদ্যালয় মিউনিখৰ লুডৱিগ মেক্সমিলান বিশ্ববিদ্যালয়ৰ আইনৰ অধ্যাপক আছিল।

Max Planck's signature at ten years of age.

প্লেংকৰ জন্ম হৈছিল হ'লষ্টেইনৰ কিয়েলত। তেওঁৰ পিতৃ জ'হান জুলিয়াছ ৱিলহেল্ম প্লেংক আৰু মাতৃ এমা পাটজিগ। তেওঁৰ নামকৰণ কৰা হৈছিল- কাৰ্ল আৰ্নষ্ট লুডৱিগ মাৰ্ক্স প্লেংক। তেওঁৰ প্ৰাথমিক নাম ৰখা হৈছিল মাৰ্ক্স (যিটো পুৰণি মাৰ্কাছ Markus ৰ এটা প্ৰকাৰ বা মেক্স(Max)ৰ এটা ভুল ৰূপ) আৰু ই মেক্সমিলানৰ সংক্ষিপ্ত ৰূপ। [3] অৱশ্যে ১০ বছৰ বয়সলৈ তেওঁ মেক্স হিচাপে হস্তাক্ষৰ কৰিবলৈ ল'লে আৰু সেই নামেৰেই পিছৰ জীৱনত জনাজাত হৈ পৰিল। H[4]

মেক্স প্লেংক তেওঁৰ দেউতাকৰ দ্বিতীয় পত্নীৰ সন্তান আছিল। তেওঁ পৰিয়ালৰ ষষ্ঠতম সন্তান আছিল, তেওঁৰ দুজন ভাতৃ-ভগ্নী দেউতাকৰ প্ৰথম পত্নীৰ আছিল। তেওঁৰ সৰুকালত ১৮৬৪ চনৰ দ্বিতীয় শ্চেলছৱিগ যুদ্ধৰ সময়ত প্ৰুছিয়ান সাম্ৰাজ্য আৰু অষ্ট্ৰিয়ান সেনা কিয়েললৈকে আগবাঢ়ি আহিছিল। ১৮৬৭ চনত তেওঁৰ পৰিয়ালটো মিউনিখলৈ উঠি যায় আৰু প্লেংক মেক্সমিলিয়ান জিমনাছিয়াম স্কুলত ভৰ্তি হয়। তাতেই প্লেংক গণিতজ্ঞ হাৰ্মান মুল্লাৰ(ইংৰাজী:Hermann Müller)ৰ সংস্পৰ্শলৈ আহে আৰু মুল্লাৰে গণিতৰ লগতে জ্যোতিৰ্বিদ্যা আৰু বলবিজ্ঞানৰ শিক্ষা প্ৰদান কৰে। মুল্লাৰৰ পৰাই প্লেংকে প্ৰথমে শক্তি সংৰক্ষণশীলতাৰ নীতি শিকিছিল। প্লেংকে অতি কম বয়সতে (মাত্ৰ ১৭ বছৰ বয়সতে) ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। [5] এইদৰেই প্লেংকৰ পদাৰ্থবিজ্ঞানৰ জগতখনলৈ প্ৰৱেশ ঘটিছিল।

সংগীতৰ ক্ষেত্ৰখনতো প্লেংক অতি প্ৰতিভাশালী আছিল। তেওঁ গায়ন শৈলীৰ শিক্ষা লোৱাৰ লগতে পিয়ান', অৰ্গেন আৰু চেল' বাদনৰ শিক্ষা লাভ কৰিছিল। প্লেংকে গীত আৰু অপেৰাও ৰচনা কৰিছিল। অৱশ্যে প্লেংকে সংগীতৰ পৰিৱৰ্তে পদাৰ্থবিজ্ঞানত মনোনিবেশ কৰিবলৈ ল'লে।

Planck as a young man, 1878

মিউনিখৰ পদাৰ্থবিজ্ঞানৰ অধ্যাপক ফিলিপ ভন জলী(ইংৰাজী:Philipp von Jolly)য়ে প্লেংকক পদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰলৈ প্ৰৱেশ নকৰিবলৈ উপদেশ দিছিল। অধ্যাপকজনে এইদৰে কৈছিল- "in this field, almost everything is already discovered, and all that remains is to fill a few holes."। প্লেংকে এইদৰে উত্তৰ দিছিল যে, নতুন আৱিস্কাৰ কৰাটো তেওঁৰ উদ্দেশ্য নহয়; তেওঁ মাথো পদাৰ্থবিজ্ঞানৰ আৱিস্কৃত মৌলিক ধাৰণাসমূহ বুজিবহে খোজে। ১৮৭৪ চনত প্লেংকে মিউনিখ বিশ্ববিদ্যালয়ত অধ্যয়ন আৰম্ভ কৰিছিল। অধ্যাপক জলীৰ অধীনত প্লেংকে তেওঁৰ বৈজ্ঞানিক কেৰিয়াৰৰ একমাত্ৰ পৰীক্ষাটো সম্পন্ন কৰিছিল। তেওঁ উত্তাপিত প্লেটিনামৰ মাজেদি হাইড্ৰ'জেনৰ ব্যাপন(ইংৰাজী: diffusion) অধ্যয়ন কৰিছিল। অৱশ্যে পিছলৈ প্লেংকে তাত্বিক পদাৰ্থবিজ্ঞানত মনোনিবেশ কৰিবলৈ ল'লে।[কেতিয়া ?]

১৮৭৭ চনত মেক্স প্লেংকে বাৰ্লিনৰ হামব'ল্ডট্ বিশ্ববিদ্যালয়ত পদাৰ্থবিদ হাৰ্মান ভন হেল্মহ'ল্টজ্ আৰু গুস্তাভ কিৰ্শ্চ'ফ আৰু গণিতজ্ঞ কাৰ্ল ৱেইৰষ্ট্ৰেছৰ অধীনত এবছৰৰ বাবে অধ্যয়ন কৰিছিল। তেওঁ এইদৰে লিখিছিল যে, হেল্মহ'ল্টজ্ কেতিয়াও সম্পূৰ্ণ প্ৰস্তুত নাছিল, খুব ধীৰ গতিৰে কথা কৈছিল আৰু বেছিভাগ সময়তে ভুলকৈ গণনা কৰিছিল আৰু তেওঁৰ শ্ৰোতাসকলক প্ৰায়ে বিৰক্ত কৰি তুলিছিল। অন্যহাতে কিৰ্শ্চ'ফ্ সাৱধানেৰে প্ৰস্তুত বক্তৃতা প্ৰদান কৰিছিল, কিন্তু এইবিলাক শুষ্ক আৰু একঘেয়ামী ধৰণৰ আছিল। অৱশ্যে সোনকালেই তেওঁ হেল্মহ'ল্টজৰ অন্তৰংগ বন্ধু হৈ পৰিছিল। প্লেংকে ৰুডল্ফ ক্ল'ছিয়াছৰ লিখনিসমূহৰ স্ব-অধ্যয়ন কৰিছিল আৰু ইয়াৰ জৰিয়তেই তেওঁ তাপ তত্বক তেওঁৰ অধ্যয়নৰ ক্ষেত্ৰ হিচাপে বাছি লৈছিল।

১৮৭৮ চনৰ অক্টোবৰত প্লেংকে তেওঁৰ যোগ্যতা আহৰণকাৰী পৰীক্ষা উত্তীৰ্ণ হৈছিল আৰু ১৮৭৯ চনৰ ফেব্ৰুৱাৰীত তেওঁৰ ডিজাৰটেছন(ইংৰাজী: dissertation) Über den zweiten Hauptsatz der mechanischen Wärmetheorie (On the second law of thermodynamics) সফলতাৰে সম্পন্ন কৰিছিল। ইয়াৰ পিছত প্লেংকে তেওঁৰ পূৰ্বৰ বিদ্যালয়ত কম সময়ৰ বাবে গণিতৰ শিক্ষক হিচাপে শিক্ষাদান কৰিছিল।

১৮৮০ চনৰ জুনত তেওঁ habilitation thesis Gleichgewichtszustände isotroper Körper in verschiedenen Temperaturen (Equilibrium states of isotropic bodies at different temperatures) উপস্থাপন কৰিছিল।

শৈক্ষিক কেৰিয়াৰ[সম্পাদনা কৰক]

হেবিলিটেছন থেছিছ (ইংৰাজী:habilitation thesis)ৰ সমাপ্তিৰ পিছতেই প্লেংকে এজন বিনামজুৰীপ্ৰাপ্ত ব্যক্তিগত শিক্ষক হিচাপে মিউনিখত কাম কৰিছিল আৰু শৈক্ষিক পদ এটা পোৱালৈকে সেইদৰেই আছিল। যদিও আৰম্ভনিতে প্লেংকক শৈক্ষিক সম্প্ৰদায়টোৱে উপেক্ষা কৰিছিল, তেওঁ তাপ তত্বৰ ক্ষেত্ৰত গৱেষণাৰ কাম আগবঢ়াই নিছিল। জ'ছাইআ উইলাৰ্ড গিবছৰ তাপগতিবিজ্ঞানীয় তাপগতিবিজ্ঞানীয় ব্যাখ্যাৰ বিষয়ে অৱগত নোহোৱাকৈয়ে তেওঁ এটাৰ পিছত আনটো তাপগতি সম্পৰ্কীয় তত্ব আৱিস্কাৰ কৰিছিল। তেওঁৰ গৱেষণাৰ ক্ষেত্ৰত ক্ল'ছিয়াছৰ এন্ট্ৰ'পিৰ ধাৰণাই এটা কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰিছিল।

১৮৮৫ চনৰ এপ্ৰিলত কিয়েল বিশ্ববিদ্যালয়ে প্লেংকক তাত্বিক পদাৰ্থবিজ্ঞানৰ সহযোগী অধ্যাপকৰ পদ প্ৰদান কৰে। তেওঁ বিশেষকৈ ভৌতিক ৰসায়নবিদ্যাত এন্ট্ৰ'পি আৰু ইয়াৰ প্ৰয়োগ সম্পৰ্কীয় গৱেষণা আৰু আগবঢ়াই নিছিল। তেওঁৰ বিখ্যাত Treatise on Thermodynamics ১৮৯৭ চনত প্ৰকাশিত হৈছিল। [6] তেওঁ আৰ্হেনিয়াছৰ বিদ্যুৎ অপঘটন বা বিযোজন(ইংৰাজী: electrolytic dissociation)ৰ এটা তাপগতিবিজ্ঞানীয় ব্যাখ্যা ডাঙি ধৰিছিল।

চাৰি বছৰৰ ভিতৰতেই বাৰ্লিন বিশ্ববিদ্যালয়ত তেওঁক কিৰ্শ্চ'ফৰ উত্তৰসুৰী হিচাপে নিযুক্তি দিয়া হয়- এই ক্ষেত্ৰত সম্ভৱতঃ হেল্মহ'ল্টজৰ অনুমোদনৰো প্ৰভাৱ আছিল। ১৮৯২ চনলৈ প্লেংক পূৰ্ণ পৰ্যায়ৰ অধ্যাপক ৰূপে উন্নীত হয়। ১৯০৭ চনত প্লেংকক ভিয়েনাত লুডৱিগ ব'ল্টজমেনৰ পিছত খালী হোৱা স্থানত অধ্যাপনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি বাৰ্লিনতে থাকিবলৈ সিদ্ধান্ত লয়। ১৯০৯ চনত বাৰ্লিন বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত হৈ থাকোঁতেই তেওঁক নিউ-ইয়'ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত তাত্বিক পদাৰ্থবিজ্ঞানৰ আৰ্নষ্ট কেম্পটন আডামছ লেকছাৰাৰ পদৰ বাবে আমন্ত্ৰণ জনোৱা হয়। তেওঁ প্ৰদান কৰা বক্তৃতাসমূহৰ এটা সংকলন কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যাপক এলবাৰ্টঅ প'টাৰ ৱিলছৰ দ্বাৰা অনুদিত আৰু প্ৰকাশিত হৈছিল। [7] তেওঁ বাৰ্লিনৰ পৰা ১৯২৬ চনৰ ১০ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে আৰু তেওঁৰ স্থানত আৰৱিন শ্ৰুডিঙগাৰ(ইংৰাজী:Erwin Schrödinger) নিযুক্ত হয়।


পৰিয়াল[সম্পাদনা কৰক]

১৮৮৭ চনৰ মাৰ্চত প্লেংকে মাৰি মেৰ্ক(ইংৰাজী:Marie Merck )(১৮৬১–১৯০৯)ক বিয়া কৰায়। মাৰি তেওঁৰ এজন স্কুলীয়া লগৰীয়াৰ ভগ্নী আছিল আৰু বিয়াৰ পছাৰ পিছত তেওঁলোক কিয়েলৰ এটা ভাৰা এপাৰ্টমেন্টত থাকিবলৈ ল'লে। তেওঁলোকৰ সন্তানৰ সংখ্যা আছিল পাঁচ: কাৰ্ল (১৮৮৮–১৯১৬), যমজ এম্মা (১৮৮৯–১৯১৯) আৰু গ্ৰেটে (১৮৮৯–১৯১৭), আৰু আৰৱিন প্লেংক(১৮৯৩–১৯৪৫)।

এই এপাৰ্টমেন্টৰ প্লেংকৰ পৰিয়াল বাৰ্লিন-গ্ৰুনেৱাল্ড (ইংৰাজী: Berlin-Grunewald, Wangenheimstrasse 21)ৰ এটা ভিলাত থাকিবলৈ ল'লে। বাৰ্লিন বিশ্ববিদ্যালয়ৰ কেইবাজনো অধ্যাপক আশে পাশে বাস কৰিছিল। তেওঁলোকৰ ভিতৰত ধৰ্মতত্ববিদ এড'ল্ফ ভন হাৰ্নেক প্লেংকৰ অন্তঃৰংগ বন্ধু আছিল। সোনকালেই প্লেংকৰ আৱাসগৃহ এটা সামাজিক আৰু সাংস্কৃতিক কেন্দ্ৰস্বৰূপ হৈ পৰিল। এলবাৰ্ট আইনষ্টাইন, অট্ট হান আৰু লিজ মেইটনেৰ আদিকে ধৰি বহু বিখ্যাত বিজ্ঞানীৰ প্লেংকৰ ঘৰলৈ সঘন আহ-যাহ আছিল। হাৰমান ভন হেল্মহ'ল্টজৰ আৱাসগৃহত যুটীয়াভাৱে সংগীতৰ পৰিৱেশনৰ এটা পৰম্পৰা ইতিমধ্যে প্ৰতিষ্ঠিত হৈছিল।

বহু বছৰ সুখেৰে কটোৱাৰ পিছত ১৯০৯ চনৰ জুলাই মাহত প্লেংকৰ পত্নী মাৰিৰ মৃত্যু হয়। সম্ভৱতঃ যক্ষ্মা ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু ঘটিছিল। ১৯১১ চনৰ মাৰ্চ মাহত প্লেংকে দ্বিতীয় পত্নী মাৰ্গা ভন হ'ছলিন(ইংৰাজী:Marga von Hoesslin) (১৮৮২–১৯৪৮)ক বিয়া কৰায় আৰু ডিচেম্বৰ মাহত তেওঁৰ পঞ্চম সন্তান হাৰমানৰ জন্ম হয়।

প্ৰথম বিশ্ব যুদ্ধৰ সময়ত প্লেংকৰ দ্বিতীয় পুত্ৰ আৰৱিন ১৯১৪ চনত ফ্ৰান্সৰ দ্বাৰা কয়দী ৰূপে আৱদ্ধ হয় আৰু প্লেংকৰ ডাঙৰ পুত্ৰ কাৰ্ল ৱাৰ্ডুনৰ যুদ্ধত নিহত হয়। ১৯১৭ চনত গ্ৰেটেৰ প্ৰথম সন্তান প্ৰসৱৰ সময়ত মৃত্যু হয়। গ্ৰেটেৰ মৃত্যুৰ পিছত তেওঁৰ ভনীয়েকে গ্ৰেটেৰ স্বামীক বিয়া কৰায় আৰু দুবছৰ পিছতেই ভনীয়েকো একেধৰণেই মৃত্যুমুখত পৰে। অৱশ্যে গ্ৰেটে আৰু ভনীয়েকৰ কন্যা সন্তান দুগৰাকী ৰক্ষা পৰে আৰু তেওঁলোকক তেওঁলোকৰ মৃত মাতৃৰ নামেৰে নামকৰণ কৰা হয়। এই সকলো দূৰ্ঘটনা প্লেংকে নিৰ্লিপ্তিৰে বহন কৰে।

১৯৪৫ চনৰ জানুৱাৰীত আৰৱিন প্লেংক ১৯৪৪ চনৰ হিটলাৰক হত্যাৰ বাবে চলোৱা ব্যথ প্ৰচেষ্টাত অংশ গ্ৰহণ কৰাৰ অপৰাধত নাজী বাহিনীৰ জনতাৰ আদালতৰ দ্বাৰা মৃত্যুদণ্ডৰে দণ্ডিত হয়। ১৯৪৫ চনৰ ২৩ জানুৱাৰীক আৰৱিনক মৃত্যুদণ্ড প্ৰদান কৰা হয়। [8]

  • পত্নী: মাৰি মেৰ্ক(বিবাহ ১৮৮৭), মাৰ্গা ভন হ'ছলিন(বিবাহ ১৯১০)
  • সন্তান: কাৰ্ল(১৮৮৮–১৯১৬), যমজ এম্মা(১৮৮৯–১৯১৯) আৰু গ্ৰেটে(১৮৮০–১৯১৭), আৰৱিন প্লেংক(১৮৯৩–১৯৪৫), হাৰমান(১৯১১–১৯৫৪)


বাৰ্লিন বিশ্ববিদ্যালয়ৰ অধ্যাপক[সম্পাদনা কৰক]

বাৰ্লিনত মেক্স প্লেংকে স্থানীয় পদাৰ্থবিজ্ঞান সংস্থা‍‍ ‍‍(Physical Society‌)ত যোগ দিছিল। পিছত তেওঁ এই সময়খিনিৰ বিষয়ে এইদৰে লিখিছিল: "In those days I was essentially the only theoretical physicist there, whence things were not so easy for me, because I started mentioning entropy, but this was not quite fashionable, since it was regarded as a mathematical spook".[9] প্লেংকৰ তৎপৰতাতেই জাৰ্মেনীৰ বিভিন্ন স্থানীয় পদাৰ্থবিজ্ঞান সংস্থাসমূহ ১৮৯৮ চনত একত্ৰিত হৈ ১৮৯৮ চনত জাৰ্মান পদাৰ্থবিজ্ঞান সংস্থা (ইংৰাজী:German Physical Society) (Deutsche Physikalische Gesellschaft, DPG) গঠন কৰিছিল। ১৯০৫ চনৰ পৰা ১৯০৯ চনলৈ প্লেংক এই সংস্থাৰ সভাপতি আছিল।

বাৰ্লিনৰ হামব'ল্ডট বিশ্ববিদ্যালয়ত থকা ফলক: "Max Planck, discoverer of the elementary quantum of action h, taught in this building from 1889 to 1928."

প্লেংকে ছটা সান্মাষিক জোৰা তাত্বিক পদাৰ্থবিজ্ঞানৰ এটা পাঠ্যক্ৰম আৰম্ভ কৰিছিল। এই পাঠ্যক্ৰম সম্পৰ্কে লিজা মেইটনেৰ(ইংৰাজী:Lise Meitner)-এ কৈছিল এইদৰে- "dry, somewhat impersonal"। আনহাতে জেমছ আৰ পাৰ্টিংটন(ইংৰাজী:James R. Partington)ৰ মতে এই পাঠ্যক্ৰম "using no notes, never making mistakes, never faltering; the best lecturer I ever heard", তেওঁ এইদৰেও কৈছিল "There were always many standing around the room. As the lecture-room was well heated and rather close, some of the listeners would from time to time drop to the floor, but this did not disturb the lecture"। প্লেংকে কোনো প্ৰকৃত পীঠ("school") স্থাপন কৰা নাছিল। তেওঁৰ অধীনত গৱেষণা সম্পন্ন কৰা শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় ২০ জন মানহে আছিল। তেওঁলোকৰ ভিতৰত উল্লেখনীয় কেইগৰাকীমান হৈছে:


১৮৯৭ মেক্স আব্ৰাহম (ইংৰাজী: Max Abraham) (১৮৭৫-১৯২২)
১৯০৪ ম'ৰিজ স্লিক (ইংৰাজী: Moritz Schlick) (১৮৮২-১৯৩৬)
১৯০৬ ৱাল্টাৰ মেইজনাৰ (ইংৰাজী: Walther Meissner) (১৮৮২-১৯৭৪)
১৯০৬ মেক্স ভল লউ (ইংৰাজী: Max von Laue) (১৮৭৯-১৯৬০)
১৯০৭ ফ্ৰিজ ৰেইছ (ইংৰাজী: Fritz Reiche) (১৮৮৩–১৯৬০)
১৯১২ ৱাল্টাৰ স্ক'টকী (ইংৰাজী: Walter Schottky) (১৮৮৬-১৯৭৬)
১৯১৪ ৱাল্টেৰ ব'থে (ইংৰাজী: Walther Bothe) (১৮৯১-১৯৫৭)

কৃষ্ণকায় বিকিৰণ[সম্পাদনা কৰক]

১৮৯৪ চনত প্লেংকে কৃষ্ণকায় বিকিৰণ(ইংৰাজী:black-body radiation) সমস্যাৰ ক্ষেত্ৰত মনোনিবেশ কৰিবলৈ ল'লে। তেওঁক কেইটামান বৈদ্যুতিক নিকায়ে লাইট বাল্বত নূণ্যতম শক্তিৰ ব্যয়েৰে অধিকতম পোহৰ পাব পৰা ব্যৱস্থা কৰিবলৈ পাচিঁছিল। এই সমস্যাটোৰ গৱেষণা ১৮৫৯ চনত কিৰ্শ্বফে আৰম্ভ কৰিছিল: "how does the intensity of the electromagnetic radiation emitted by a black body (a perfect absorber, also known as a cavity radiator) depend on the frequency of the radiation (i.e., the color of the light) and the temperature of the body?"। এই প্ৰশ্নটোৰ সম্পৰ্কে বহু পৰীক্ষা-নিৰীক্ষা সম্পাদিত হৈছিল যদিও পৰীক্ষাৰ তথ্যসমূহৰ লগত কোনো তাত্বিক সূত্ৰই খাপ খোৱা নাছিল। ৱিলহেল্ম ৱিন (ইংৰাজী:Wilhelm Wien)-এ ৱিনৰ সূত্ৰ(Wien's law) প্ৰস্তাৱ কৰিছিল আৰু এই তত্বই উচ্চ কম্পনাংকৰ পৰিসৰত শুদ্ধ ব্যাখ্যা ডাঙি ধৰিব পাৰিছিল কিন্তু নিম্ন কম্পনাংকৰ পৰিসৰত ব্যাখ্যা কৰিবলৈ অসমৰ্থ আছিল। কৃষ্ণকায় বিকিৰণৰ ব্যাখ্যাৰ আন এক তত্ব, ৰেলি-জীনৰ সূত্ৰ(ইংৰাজী:Rayleigh–Jeans law) অতিবেঙুনী প্ৰলয় (ইংৰাজী:ultraviolet catastrophe)ৰ ব্যাখ্যা কৰিছিল। কিন্তু বহু পাঠ্যপুথিত এই তত্বৰ উল্লেখ থকা স্বত্বেও প্লেংকক ই উদ্ধুদ্ধ কৰিব পৰা নাছিল। [10]

কৃষ্ণকায় বিকিৰণ সমস্যাটোৰ সমাধানৰ বাবে প্লেংকে ১৮৯৯ চনত এক প্ৰতিপ্ৰাদ্য আগবঢ়াইছিল। প্লেংকে এই প্ৰতিপ্ৰাদ্যটোৰ ভিত্তিক "principle of elementary disorder" নাম দিছিল। ইয়াৰ জৰিয়তে প্লেংকে এক আদৰ্শ দোলক(ideal oscillator)-ৰ এন্ট্ৰ'পি সম্পৰ্কীয় কেইটামান ধাৰণা(assumption)ৰ পৰা ৱিনৰ সূত্ৰ ব্যুৎপন্ন(derive) কৰিব পাৰিছিল। এই সূত্ৰটোক ৱিন-প্লেংকৰ সূত্ৰ হিচাপে(Wien–Planck law) জনা যায়। প্লেংকৰ আশাত চেঁচাপানী ঢালি কোনো পৰীক্ষামূলক গৱেষণালব্ধ তথ্যই এই সূত্ৰক মুঠেও নিশ্চিত কৰিব নোৱাৰিলে। প্লেংকে তেওঁৰ সূত্ৰৰ পুনৰীক্ষণ কৰিলে আৰু কৃষ্ণকায় বিকিৰণৰ প্লেংকৰ তত্ব(Planck's law of black-body radiation) হিচাপে বিখ্যাত সূত্ৰটোৰ প্ৰথম সংস্কৰণটো ব্যুৎপন্ন কৰে। প্লেংকৰ এই সূত্ৰই পৰীক্ষণীয়ভাৱে প্ৰাপ্ত কৃষ্ণকায় বিকিৰণৰ বৰ্ণালী ভালদৰে ব্যাখ্যা কৰিব পাৰিছিল। ১৯০০ চনৰ ১৯ অক্টোবৰত DPG-ৰ এখন সভাত এই তত্বটো প্ৰথম উত্থাপিত হৈছিল আৰু ১৯০১ চনত গৱেষণাপত্ৰৰ ৰূপত প্ৰকাশিত হৈছিল। অৱশ্যে, সূত্ৰটোৰ প্ৰথম ব্যুৎপন্নত শক্তি কোৱান্টাজেছন(energy quantisation) অন্তৰ্ভুক্ত কৰা নাছিল, আৰু পৰিসাংখ্যিক বল বিজ্ঞানৰ ধাৰণা ব্যৱহৃত হোৱা নাছিল। প্ৰকৃতপক্ষে প্লেংকে পৰিসাংখ্যিক বলবিজ্ঞান মানি ল'ব পৰা নাছিল। ১৯০০ চনৰ নৱেম্বৰত প্লেংকে তেওঁৰ বিকিৰণ তত্বৰ নীতিসমূহৰ অধিক মৌলিক ব্যাখ্যাৰ বাবে লুডৱিগ ব'ল্টজমেনৰ তাপগতিবিজ্ঞানৰ দ্বিতীয় সূত্ৰৰ পৰিসাংখ্যিক ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি তেওঁৰ প্ৰথম প্ৰস্তাৱটো পুনৰীক্ষণ কৰে। যিহেতু প্লেংক ব'ল্টজমেনৰ এই ব্যাখ্যাৰ দৰ্শনগত আৰু ভৌতিক নিহিতাৰ্থ সম্পৰ্কে গভীৰভাৱে সন্দিহান আছিল, সেয়ে তেওঁ পুনৰীক্ষণৰ বাবে এই নীতিৰ সহায় লোৱা সম্পৰ্কে পিছত তেওঁ এইদৰে কৈছিল, "an act of despair ... I was ready to sacrifice any of my previous convictions about physics."।[10]

১৯০০ চনৰ ১৪ ডিচেম্বৰত DPG-লৈ আগবঢ়োৱা এক প্ৰতিবেদনত থকা মেক্সৰ নতুন ব্যুৎপন্নৰ কেন্দ্ৰীয় ধাৰণাটোক বৰ্তমান প্লেংকৰ প্ৰতিপ্ৰাদ্য(ইংৰাজী:Planck postulate) হিচাপে জনা যায়। ইয়াৰ মূল ধাৰণাটো আছিল যে, বিদ্যুৎচুম্বকীয় শক্তি কেৱল পৰিমাণিক(কোৱান্টাইজদ্) ৰূপতহে নিৰ্গত হয়। অন্যভাৱে, বিদ্যুৎচুম্বকীয় শক্তি এক মৌলিক একক(ইংৰাজী:elementary unit) E = h \nu, য'ত h প্লেংকৰ ধ্ৰুৱক-- এই ধ্ৰুৱকক প্লেংকৰ একছন কোৱান্টাম(Planck's action quantum) হিচাপেও জনা যায় (এই ধ্ৰৱকটো ১৮৯৯ চনতে আগবঢ়োৱা হৈছিল), আৰু \nu (গ্ৰীক বৰ্ণ নিউ, ৰোমান বৰ্ণ v নহয়) শক্তি নিৰ্গমণৰ কম্পনাংক। মন কৰিবলগীয়া যে, ইয়াত আলোচিত শক্তিৰ মৌলিক একক(ইংৰাজী:elementary unit)-ক h \nu-ৰ দ্বাৰা সূচিত কৰা হয়, কেৱল h-ৰ দ্বাৰা নহয়। পদাৰ্থবিদসকলে এই একক ফ'টন কোৱান্টা হিচাপে অভিহিত কৰে আৰু \nu কম্পনাঙ্কৰ এটা ফ'টনৰ ইয়াৰ নিজা নিৰ্দিষ্ট আৰু অদ্বিতীয় শক্তি থাকে। সেই কম্পনাঙ্কৰ শক্তিৰ বিস্তাৰ(ইংৰাজী:amplitude) একক সময়ত উৎপন্ন সেই কম্পনাঙ্কৰ ফ'টনৰ সংখ্যাৰ ফলন।

১৯১৮ চনত মেক্স প্লেংক, সেই বছৰেই প্লেংকে কোৱান্টাম তত্বৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল।

প্ৰথম অৱস্থাত প্লেংকে কোৱান্টাইজেছন মাথো এটা বিধিসন্মত ধাৰণা হিচাপেহে বিবেচনা কৰিছিল। এই সম্পৰ্কে তেওঁ এইদৰে কৈছিল- "a purely formal assumption ... actually I did not think much about it..."। ধ্ৰুপদী পদাৰ্থবিজ্ঞানৰ সৈতে খাপ নোখোৱা এই ধাৰণাটোকেই কোৱান্টাম পদাৰ্থবিজ্ঞানৰ জন্ম হিচাপে গণ্য কৰা হয় আৰু ই হৈছে প্লেংকৰ শৈক্ষিক কেৰিয়াৰৰ বৃহত্তম বৌদ্ধিক কৃতিত্ব। (লুডৱিগ ব'ল্টজমেনএ ১৮৭৭ চনত এখন তাত্বিক গৱেষণাপত্ৰত ভৌতিক তন্ত্ৰ এটাৰ শক্তি স্তৰবিলাক বিছিন্ন(ইংৰাজী:discrete) হ'ব পৰাৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰিছিল।) প্লেংকৰ ধ্ৰুৱকৰ আৱিস্কাৰৰ জৰিয়তে তেওঁ ভৌতিক এককৰ এক নতুন সাৰ্বজনীন সংহতি (ইংৰাজী:universal set) সংজ্ঞাবদ্ধ কৰিছিল(যেনে- প্লেংক দৈৰ্ঘ্য(ইংৰাজী:Planck length) আৰু প্লেংক ভৰ(ইংৰাজী:)Planck mass)। এই ভৌতিক এককসমূহ কেইটামান মৌলিক ভৌতিক ধ্ৰুৱকৰ ওপৰত ভিত্তি কৰি সংজ্ঞাবদ্ধ কৰা হৈছে আৰু এই ধ্ৰুৱকসমূহৰ ওপৰতেই কোৱান্টাম তত্বৰ ভেটি গঢ় লৈ উঠিছে। পদাৰ্থবিজ্ঞানৰ এই নতুন শাখালৈ আগবঢ়োৱা মেক্স প্লেংকৰ মৌলিক অৱদানৰ বাবে ১৯১৮ চনত তেওঁক পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়। [11]

পৰৱৰ্তী সময়ত প্লেংকে শক্তি কোৱান্টাৰ তাৎপৰ্য বিচাৰি অধ্যয়ন কৰিছিল। তেওঁ এই সম্পৰ্কে এইদৰে কৈছিল: "My unavailing attempts to somehow reintegrate the action quantum into classical theory extended over several years and caused me much trouble." । ইয়াৰ বহু বছৰৰ পিছতো ৰেলী(John William Strutt, 3rd Baron Rayleigh), জীনছ(James Jeans) আৰু লৰেন্টজ(Hendrik Lorentz)ৰ দৰে অন্য পদাৰ্থবিজ্ঞানীয়ে প্লেংকৰ ধ্ৰুৱকৰ মান শূণ্য হিচাপে লৈ ধ্ৰুপদী পদাৰ্থবিজ্ঞানৰ তত্বৰ সৈতে কোৱান্টাম পদাৰ্থবিজ্ঞানৰ তত্বক সন্মিলিত কৰিবলৈ বিচাৰিছিল। অৱশ্যে, প্লেংকৰ স্পষ্ট ধাৰণা আছিল যে এই ধ্ৰুৱকৰ যথাৰ্থ অশূণ্য মান আছে। তেওঁ কৈছিল "I am unable to understand Jeans' stubbornness — he is an example of a theoretician as should never be existing, the same as Hegel was for philosophy. So much the worse for the facts if they don't fit."।[12]

মেক্স বৰ্ণ-এ প্লেংকৰ বিষয়ে এইদৰে লিখিছিল: "He was, by nature, a conservative mind; he had nothing of the revolutionary and was thoroughly skeptical about speculations. Yet his belief in the compelling force of logical reasoning from facts was so strong that he did not flinch from announcing the most revolutionary idea which ever has shaken physics."। [1]

আইনষ্টাইন আৰু আপেক্ষিকতাবাদৰ তত্ব[সম্পাদনা কৰক]

১৯০৫ চনত তেতিয়ালৈকে বিজ্ঞানৰ ক্ষেত্ৰত সম্পূৰ্ণ অখ্যাত এলবাৰ্ট আইনষ্টাইনৰ তিনিখন যুগান্তকাৰী গৱেষণা পত্ৰ Annalen der Physik নামৰ গৱেষণা পত্ৰিকাখনত প্ৰকাশিত হয়। আইনষ্টাইনৰ দ্বাৰা উপস্থাপিত বিশেষ আপেক্ষিকতাবাদ তত্বৰ তাৎপৰ্য তাৎক্ষণিকভাৱেই অনুধাৱন কৰা মাথো কেইগৰকীমানৰ মাজত আছিল মেক্স প্লেংক। জাৰ্মেনীত আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্বই শীঘ্ৰেই বহুল গ্ৰহণযোগ্যতা লাভ কৰাৰ আঁৰত প্লেংকৰ বৈজ্ঞানিক প্ৰভাৱো উল্লেখনীয় আছিল। আপেক্ষিকতাবাদৰ তত্বৰ গৱেষণা প্ৰসাৰণৰ বাবেও প্লেংকে উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল।  .

১৯০২ চনত ফিলিপ লেনাৰ্ড(ইংৰাজী:Philipp Lenard)-ৰ দ্বাৰা আৱিস্কৃত আলোক বিদ্যুৎ পৰিঘটনাৰ ওপৰত ভিত্তি কৰি আইনষ্টাইনৰ দ্বাৰা প্ৰস্তাৱিত পোহৰৰ কোৱান্টা (quanta) অৰ্থাৎ ফ'টন সম্পৰ্কীয় প্ৰতিপাদ্যটো আদিতে প্লেংকে নাকচ কৰিছিল। মেক্সৱেল (ইংৰাজী: Maxwell)-ৰ তড়িৎ চুম্বকত্ব বা ইলেক্ট্ৰ'ডাইনেমিকছ(electrodynamics) তত্ব সম্পূৰ্ণভাৱে নাকচ কৰিবলৈ প্লেংক ইচ্ছুক নাছিল।  "The theory of light would be thrown back not by decades, but by centuries, into the age when Christian Huygens dared to fight against the mighty emission theory of  Isaac Newton ..."

১৯১০ চনত, আইনষ্টাইনে দেখুৱাইছিল যে, নিম্ন উষ্ণতাত প্ৰদৰ্শিত আপেক্ষিক তাপ(specific heat)-ৰ অস্বাভাৱিক আচৰণ ধ্ৰুপদী পদাৰ্থবিজ্ঞানৰ আগবঢ়োৱা ব্যাখ্যাই সামৰিব নোৱৰা ভৌতিক পৰিঘটনাসমূহৰ এটা উদাহৰণ। ক্ৰমান্বয়ে বাঢ়ি অহা পৰস্পৰবিৰোধী ব্যাখ্যাসমূহৰ ক্ষেত্ৰত স্পষ্টতা অনাৰ বাবে প্লেংক আৰু নাৰ্ণষ্ট(ইংৰাজী:Nernst)-এ ১৯১৪ চনত ব্ৰাছেলছ(Brussels)-ত প্ৰথম ছ'লভে অভিৱৰ্তন(Solvay Conference)-ৰ আয়োজন কৰিছিল। এই অভিৱৰ্তনতেই আইনষ্টাইনে প্লেংকক তেওঁৰ তত্বৰ শুদ্ধতা সম্পৰ্কে পতিয়ন নিয়াবলৈ সক্ষম হৈছিল।

ইতিমধ্যে, প্লেংক বাৰ্লিন বিশ্ববিদ্যালয়ৰ গুৰু(dean) হিচাপে নিযুক্ত হৈছিল। ইয়াৰ জৰিয়তেই প্লেংকে আইনষ্টাইনক বাৰ্লিন বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ কৰি আনি ১৯১৪ চনত অধ্যাপকৰ পদ যাচিছিল। সোনকালেই, এই দুয়োজন বিজ্ঞানী অন্তৰংগ বন্ধুত পৰিণত হৈছিল আৰু সংগীত পৰিৱেশনৰ বাবে দুয়ো সঘনাই মিলিত হৈছিল।

কোৱান্টাম বলবিজ্ঞান[সম্পাদনা কৰক]

বাওঁফালৰ পৰা সোঁফাললৈ: ১৯৩১ চনৰ ১১ নৱেম্বৰ তাৰিখে ভন লাউয়ে আয়োজন কৰা নৈশ আহাৰত Walther Nernst, A. Einstein, M. Planck, Robert Andrews Millikan আৰু Max von Laue

১৯২০ চনৰ শেষভাগলৈ নীলছ ব'ৰ, ৱাৰ্ণাৰ হাইজেনবাৰ্গ আৰু উলফগেঙ পাউলি-য়ে কোৱান্টাম বলবিজ্ঞানৰ ক'পেনহেগেন ব্যাখ্যা (Copenhagen interpretation) সংজ্ঞাবদ্ধ কৰি উলিয়াইছিল। কিন্তু প্লেংক, আৰৱিন শ্ৰুডিংগাৰ, মেক্স ভন লাউ আৰু এলবাৰ্ট আইনষ্টাইন-এ এই সংজ্ঞা নাকচ কৰিছিল। প্লেংকে আশা কৰিছিল যে, তৰংগ বলবিজ্ঞান(wave mechanics)-ৰ বিকাশে শীঘ্ৰেই তেওঁৰ নিজৰ দ্বাৰাই সৃষ্ট কোৱান্টাম তত্বক অনাৱশ্যকীয় কৰি তুলিব। অৱশ্যে এয়া নঘটিল। পৰৱৰ্তী গৱেষণাই তেওঁ আৰু আইনষ্টাইনৰ পৰিৱৰ্তিত দৰ্শনগত ধাৰণাৰ বিপৰীতে কোৱান্টাম তত্বৰ ভেটি সুদৃঢ়হে কৰি তুলিলে। প্লেংকে তেওঁৰ ডেকা বয়সৰ এই সম্পৰ্কীয় পুৰণি ধাৰণাৰ সৈতে যুঁজি থাকোতে তেওঁৰ নিজৰেই আগৰ পৰ্যবেক্ষণৰ সত্যতা অনুধাৱন কৰিলে: "A new scientific truth does not triumph by convincing its opponents and making them see the light, but rather because its opponents eventually die, and a new generation grows up that is familiar with it."[13]


সন্মান আৰু বঁটা[সম্পাদনা কৰক]

The Max Planck two Deutsche Mark coin
  • বিজ্ঞান আৰু কলাৰ ক্ষেত্ৰত "Pour le Mérite" ১৯১৫ (১৯৩০ চনত তেওঁ ইয়াৰ আচাৰ্য হিচাপে নিৰ্বাচিত হৈছিল)
  • ১৯১৮ চনৰ পদাৰ্থবিজ্ঞানন'বেল বঁটা (১৯১৯ চনত প্ৰদান কৰা হৈছিল)
  • ১৯২৭ চনত ল'ৰেন্টজ্ মে'ডেল
  • ১৯২৭ চনত ফ্ৰেংক্ললিন মে'ডেল
  • ১৯২৮ চনত Adlerschild des Deutschen Reiches , জাৰ্মান ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰদত্ত
  • ১৯২৯ চনত মেংক প্লেংক মে'ডেল(একে বছৰেই এলবাৰ্ট আইনষ্টাইনকো প্ৰদান কৰা হৈছিল
  • ১৯২৯ চনত ক'পলে' মেডেল
  • ১৯৩৮ চনত International Astronomical Union-এ প্লেংকৰ নামানুসাৰে 1069 Planckia তাৰকাপুঞ্জৰ নামকৰণ কৰে

প্ৰকাশন[সম্পাদনা কৰক]


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 doi:10.1098/rsbm.1948.0024
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  2. The Nobel Prize in Physics 1918. Nobelprize.org. Retrieved on 2011-07-05.
  3. Christoph Seidler, Gestatten, Marx Planck, Spiegel Online, 24 April 2008
  4. Press release of the Max Planck Society about Max Planck's name.
  5. Encyclopædia Britannica: Max Planck
  6. Planck, Max (1897). Vorlesungen über Thermodynamik. প্ৰকাশক Leipzig: Verlag Von Veit & Company. http://gutenberg.org/ebooks/31564। আহৰণ কৰা হৈছে: 27 June 2012.  English translation: Planck, Max (1903). Treatise on Thermodynamics. প্ৰকাশক London: Longmans, Green, and Company. http://books.google.com/books?id=r4sJAAAAIAAJ&printsec=frontcover&dq=Treatise+on+Thermodynamics&lr=&ei=Nn3iSJjHJJCsMvjo4Cg#v=onepage&q&f=false। আহৰণ কৰা হৈছে: 27 June 2012. 
  7. Jacques Hadamard (1915). Four lectures on mathematics: delivered at Columbia University in 1911. Columbia University Press. পৃষ্ঠা. 7–. http://books.google.com/books?id=Ck8qAAAAYAAJ&pg=PP7। আহৰণ কৰা হৈছে: 5 July 2011. 
  8. Jürgen Heideking; Christof Mauch (5 October 1998). American Intelligence and the German Resistance to Hitler: A Documentary History. Westview Press. পৃষ্ঠা. 361–. ISBN 978-0-8133-3636-7. http://books.google.com/books?id=xoTWkzhf2uUC&pg=PA361। আহৰণ কৰা হৈছে: 5 July 2011. 
  9. Verband Deutscher Elektrotechniker; Elektrotechnischer Verein (Berlin, Germany) (1948). "ETZ: Elektrotechnische Zeitschrift: Ausg. A." (in German ভাষাত). ETZ: Elektrotechnische Zeitschrift (VDE-Verlag) খণ্ড 69 (A). http://books.google.be/books?id=ZFE7AAAAMAAJ. , Snipped extract
  10. 10.0 10.1 For a solid approach to the complexity of Planck's intellectual motivations for the quantum, for his reluctant acceptance of its implications, see Helge Kragh, Max Planck: the reluctant revolutionary, Physics World. December 2000.
  11. Kragh, Helge (1 December 2000), Max Planck: the reluctant revolutionary, PhysicsWorld.com
  12. Heilbron, 2000, page 8
  13. Quoted in Thomas Kuhn, The Structure of Scientific Revolutions (1970 ed.): p. 150.