অৰূপ মান্না

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰূপ মান্না

৫৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ কেটেলগত প্ৰকাশিত মান্নাৰ আলোকচিত্ৰ
জন্ম নগাঁও, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা পৰিচালক, চিত্ৰনাট্যকাৰ, আলোকচিত্ৰশিল্পী
উল্লেখযোগ্য কৰ্ম আইদেউ


অৰূপ মান্না (ইংৰাজী: Arup Manna) অসমৰ এজন চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, ফটো সাংবাদিক আৰু শিক্ষক। তেওঁৰ জন্ম নগাঁওত। মুম্বাইৰ চেইণ্ট জেভিয়াৰ্চ কলেজৰ পৰা চিনেমেটোগ্ৰাফী, সম্পাদনা আৰু পৰিচালনাৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ মুঠ তিনিখন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছে। মান্না পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নায়িকা আইদেউ সন্দিকৈৰ জীৱনভিত্তিক ছবি আইদেউ-এ শ্ৰেষ্ঠ অসমীয়া ছবি শিতানত ৫৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ৰজত কমল) পাবলৈ সক্ষম হয়। এই ছবিখনে কানাডা, ব্ৰাজিল, জাৰ্মানী আদি দেশকে ধৰি ১০খন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল।[1]

মান্নাই আইদেউ ছবিখনৰ উপৰিও বহুকেইখন দূৰদৰ্শন ধাৰাবাহিক আৰু তথ্যচিত্ৰৰ চিত্ৰনাট্যও লিখিছে।[1]

পৰিচালিত চলচ্চিত্ৰ[সম্পাদনা কৰক]

  1. জীৱন তৃষ্ণা (২০০৫)
  2. আইদেউ (২০০৭)
  3. আৰোহী (২০১৬)

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 "54th National Film Awards 2006". Directorate of Film Festivals, GOI. পৃষ্ঠাসমূহ: 65. Archived from the original on 28 September 2021. https://web.archive.org/web/20210928042908/http://dff.nic.in/Archive.aspx?ID=6। আহৰণ কৰা হৈছে: 27 April 2022. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]