আই এম ডি টি আইন, ১৯৮৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

আই এম ডি টি আইন বা অবৈধ অনুপ্ৰৱেশকাৰী (ন্যায়াধীকৰণৰ দ্বাৰা নিৰ্ধাৰণ) আইন, ১৯৮৩ (Illegal Migrants (Determination by Tribunal) Act, 1983) হৈছে অসমৰ অনুপ্ৰৱেশকাৰী সমস্যাৰ সৈতে জড়িত আৰু কেৱল অসমত প্ৰযোজ্য হোৱাকৈ ১৯৮৩ চনত গৃহীত কৰা এখন আইন। এই আইনখন ইতিমধ্যে বাতিল কৰা হৈছে।

সদনত গৃহীত[সম্পাদনা কৰক]

১৯৮৩ চনৰ ১৫ অক্টোবৰত ভাৰত চৰকাৰে অসমৰ অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ বাবে ন্যায়াধীকৰণ স্থাপন কৰিবলৈ এখন অৰ্ডিনেন্স পাছ কৰে। সেই বছৰৰে ১২ ডিচেম্বৰৰ দিনা আই এম ডি টি আইনখন সদনত গৃহীত হয়। এই আইনখন কেৱল অসমৰ বাবে প্ৰযোজ্য হৈছিল আৰু অসমৰ বাদে আন ৰাজ্যসমূহত অবৈধ অনুপ্ৰৱেশকাৰী বিদেশী আইন, ১৯৪৬ (Foreigners act,1946)-ৰ দ্বাৰা চিনাক্ত কৰা হৈছিল। উল্লেখযোগ্য যে ১৯৮০ চনত অসমত লোকসভা নিৰ্বাচন বৰ্জন[1][2] হোৱা হেতুকে সেই সময়ত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোনো সাংসদ সদনত অনুপস্থিত নথকা সময়তে এই আইনখন গৃহীত কৰা হৈছিল।[3]

মূল বিষয়বস্তু[সম্পাদনা কৰক]

এই আইনখনৰ মতে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহাসকল আৰু বৈধ নথিপত্ৰ অবিহনে ভাৰতত অহা লোকসকলক অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰা হৈছিল।

এই আইন অনুসৰি এজন ব্যক্তিয়ে তেওঁৰ পৰা ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা কোনো এজন ব্যক্তিক অবৈধ অনুপ্ৰৱেশকাৰী বুলি সন্দেহ কৰিলে ২৫ টকা জমা দি আই এম ডি টি ন্যায়াধীকৰণত অভিযোগ দাখিল কৰিব পাৰে। পিছলৈ এই ৩ কিলোমিটাৰ ব্যাসাৰ্ধ সলনি কৰি অভিযোগকাৰীজন যিখন থানাৰ অন্তৰ্গত সেইখন থানাৰেই পৰিসীমাৰ ভিতৰৰ আন এজন ব্যক্তিৰ ওপৰত অভিযোগ কৰিব পৰা নিয়ম প্ৰৱৰ্তন কৰিছিল লগতে জমা দিব লগা টকা ২৫ টকাৰ পৰা ১০ টকালৈ হ্ৰাস কৰা হৈছিল।

কিন্তু এই আইনখনৰ লেখত লবলগীয়া বৈশিষ্ট্য আছিল যে কোনো এজন ব্যক্তি অবৈধ অনুপ্ৰৱেশকাৰী বুলি অভিযোগ দিলে অভিযুক্তজন অবৈধ হয় নে নহয় সেইয়া প্ৰমাণ কৰাৰ দায়িত্ব আছিল অভিযোগকাৰীৰ আৰু আৰক্ষীৰহে, অভিযুক্ত ব্যক্তিজনৰ নহয়। কিন্তু বিদেশী আইন অনুসৰি অবৈধ অনুপ্ৰৱেশকাৰী নহয় বুলি প্ৰমাণ কৰাৰ দায়িত্ব আছিল অভিযুক্তজনৰ।[3]

বাতিলকৰণ প্ৰক্ৰিয়া[সম্পাদনা কৰক]

১৯৯২ চনৰ ১৯ ছেপ্টেম্বৰত পাচু গোপাল বৰুৱা সহিতে কেইবাজনেও এই আইনখনৰ বৈধতাৰ ওপৰত প্ৰশ্ন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ১৯৯৮চনত সদৌ অসম ছাত্ৰ সন্থা, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা ত্ৰিপাক্ষিক বৈঠকত অসমৰ ৰাইজৰ দাবীৰ প্ৰতিৰ লক্ষ্য ৰাখি আইনখন বাতিল কৰাৰ বিষয়ত আলোচনা চলোৱা হয়। সেই একেই বছৰতে অল ইণ্ডিয়া লয়াৰ্ছ ফ’ৰাম ফৰ চিভিল লিবাৰ্টিছে আইনখন বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। ১৯৯৯ চনৰ ১ ছেপ্টেম্বৰৰ দিনা প্ৰথম বাৰৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা আইনখন বাতিলকৰণৰ সমৰ্থনত উচ্চতম ন্যায়ালয়ত এফিডেফিট দাখিল কৰা হয়। ২০০০ চনৰ এপ্ৰিল মাহত সদৌ অসম ছাত্ৰ সন্থাৰ তেতিয়াৰ সভাপতি সৰ্বানন্দ সোণোৱালে আইনখনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনায়। আইন আয়োগৰ ১৭৫তম প্ৰতিবেদনেও আইনখনৰ বাতিলকৰণ সমৰ্থন কৰে। অসমত কংগ্ৰেছ চৰকাৰ অহাৰ পিছত ২০০১ চনৰ জুন মাহত অসম চৰকাৰে এফিডেফিটখনৰ ভাষ্য সলনি কৰি আইনখনক সমৰ্থন দিয়ে।[4] ২০০৩ চনত বাজপেয়ী চৰকাৰে আইনখন বাতিলকৰণ বিধেয়ক এখন উত্থাপন কৰি এখন সংসদীয় সমিতিলৈ প্ৰেৰণ কৰে। কিন্তু ২০০৪ চনৰ ফেব্ৰুৱাৰীত সদন ভংগ কৰি দিয়া বাবে সেই বিধেয়কখনো অকামিলা হৈ পৰে। অৱশেষত ২০০৫ চনৰ ১২ জুলাইৰ দিনাখন উচ্চতম ন্যায়ালয়ে বিলখন বাতিল কৰে।[3]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]