বিশ্ব মানসিক স্বাস্থ্য দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্ব মানসিক স্বাস্থ্য দিৱস
বিশ্ব মানসিক স্বাস্থ্য দিৱস
তামিলনাডুৰ ছালেমত মানসিক স্বাস্থ্য সজাগতাৰ এক সমদল, ২০১৪
পালন কৰে ৱৰ্ল্ড ফেডাৰে'ছন ফৰ মেণ্টেল হেল্থ (WFMH), বিশ্ব স্বাস্থ্য সংস্থা, WFMHৰ সদস্য সংস্থাসমূহ
প্ৰকাৰ আন্তঃৰাষ্ট্ৰীয়
তাৰিখ ১০ অক্টোবৰ
পৰৱৰ্তী তাৰিখ প্ৰতি বছৰে একেটা দিনত
অৱধি এদিন
সংঘটন বাৰ্ষিক
২০১৫ চনত জাৰ্মেনীৰ মিউনিখ চহৰত আয়োজিত বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সমদল

বিশ্ব মানসিক স্বাস্থ্য দিৱস (১০ অক্টোবৰ) হৈছে মানসিক স্বাস্থ্য শিক্ষা, সজাগতা সৃষ্টি, আৰু মানসিক স্বাস্থ্য বা মানসিক ৰোগৰ প্ৰতি থকা সামাজিক সংকোচবোধৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে পালিত এক গোলকীয় দিৱস।[1]ৱৰ্ল্ড ফেডাৰে'ছন ফৰ মেণ্টেল হেল্থৰ উদ্যোগত ইয়াক ১৯৯২ চনত পোনপ্ৰথমবাৰলৈ পালন কৰা হৈছিল । ১৫০ খনতকৈও অধিক দেশত ব্যাপ্তি আৰু সদস্যতা থকা ৱৰ্ল্ড ফেডাৰে'ছন ফৰ মেণ্টেল হেল্থ হৈছে মানসিক স্বাস্থ্য সম্পৰ্কীয় বিষয়ৰ বিশ্বস্তৰীয় সংগঠন। [2] প্ৰতিবছৰে অক্টোবৰ মাহৰ এই বিশেষ দিনটোত মানসিক স্বাস্থ্য সজাগতাৰ সহস্ৰাধিক প্ৰবক্তা-সমৰ্থকে এই বাৰ্ষিক সজাগতা সৃষ্টিকাৰী কাৰ্য্যক্ৰমণিকাত অংশ গ্ৰহণ কৰি মানসিক ৰোগ আৰু বিশ্বৰ ভিন্ন প্ৰান্তৰ নাগৰিকসকলৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। [3][4] কিছুমান দেশত ইয়াক মানসিক ৰোগ সজাগতা সপ্তাহৰ অংশ হিচাপে পালন কৰা হয়। [5] [6]

ইতিহাস[সম্পাদনা কৰক]

বিশ্ব মানসিক স্বাস্থ্য দিৱস প্ৰথমবাৰৰ বাবে ১৯৯২ চনৰ ১০ অক্টোবৰ তাৰিখে পালন কৰা হৈছিল। এইক্ষেত্ৰত ৱৰ্ল্ড ফেডাৰে'ছন ফৰ মেণ্টেল হেল্থৰ নামৰ সংস্থাটোৰ তদানীন্তন উপ-সচিব প্ৰধান ৰিচাৰ্ড হান্টাৰে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। ১৯৯৪ চন পৰ্য্যন্ত এই দিৱস পালনৰ কাৰ্য্যসূচীত মানসিক স্বাস্থ্য সম্পৰ্কে সজাগতাৰ উদগনি আৰু সাধাৰণ জনতাক মানসিক স্বাস্থ্য সম্পৰ্কে তথ্যসমৃদ্ধ কৰাৰ বাহিৰে কোনো বিশেষভাৱে নিৰ্ধাৰিত থী'ম বা কেন্দ্ৰীয় বিষয়বস্তু নাছিল।

১৯৯৪ চনত বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে পোনপ্ৰথমবাৰৰ বিশেষভাৱে নিৰ্ধাৰিত থী'ম সংযুক্ত কৰা হয়। ৱৰ্ল্ড ফেডাৰে'ছন ফৰ মেণ্টেল হেল্থৰ তদানীন্তন সচিব প্ৰধান ইউগেন ব্ৰ'ডীয়ে থীম সংযুক্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। সেইবছৰৰ দিৱসৰ থী'ম আছিল: "সমগ্ৰ বিশ্বতে মানসিক স্বাস্থ্য সংলগ্ন সেৱাসমূহৰ গুণগত উন্নয়ন সাধন"। [7]

বিশ্ব স্বাস্থ্য সংস্থা(WHO)-ই ৱৰ্ল্ড ফেডাৰে'ছন ফৰ মেণ্টেল হেল্থৰ উদ্যোগত আয়োজিত বিশ্ব মানসিক দিৱসৰ কাৰ্য্যসূচীসমূহক পৃষ্ঠপোষকতা আগবঢ়ায়। বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ ভিন ভিন দেশৰ স্বাস্থ্য মন্ত্ৰালয়সমূহ আৰু নাগৰিক সামাজিক সংস্থাসমূহৰ সৈতে থকা ইয়াৰ শক্তিশালী যোগসূত্ৰৰ ফলপ্ৰসু প্ৰয়োগেৰে মানসিক স্বাস্থ্য সম্বন্ধীয় বিষয়সমূহত সজাগতা সৃষ্টি কৰিবলৈ প্ৰয়াস চলায়। WHO-য়ে এই সম্পৰ্কীয় কাৰিকৰী উপাদানসমূহ আৰু সংযোগ সৃষ্টিকাৰী প্ৰচাৰ উপাদানসমূহৰ বিকাশৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়ায়। [8]

২০১৮ চনৰ বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ দিনটোতে যুক্তৰাজ্যৰ তদানীন্তন প্ৰধানমন্ত্ৰী টেৰেছা মে'ই জে'কী ড'ইল-প্ৰাইছক যুক্তৰাজ্যৰ প্ৰথমগৰাকী মানসিক স্বাস্থ্য, আত্মহত্যা প্ৰতিৰোধ আৰু ৰোগীৰ নিৰাপত্তা ইত্যাদি বিষয় পৰিচালনাৰ বাবে আত্মহত্যা প্ৰতিৰোধ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্ত কৰে। সেইবেলি যুক্তৰাজ্যৰ চৰকাৰে বিশ্বৰ সৰ্বপ্ৰথমখন গোলকীয় মানসিক স্বাস্থ্য শীৰ্ষ সন্মিলনৰ আয়োজক হিচাপে দায়িত্ব পালন কৰিছিল। [9]

বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ বিভিন্ন বৰ্ষৰ থী'মসমূহ[সম্পাদনা কৰক]

বৰ্ষ থীম[10][11]
২০২১ এখন অসমতাৰ বিশ্বত মানসিক স্বাস্থ্য[12]
২০২০ মানসিক স্বাস্থ্যৰ বাবে পদক্ষেপ: মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত অধিক বিনিয়োগ[13]
২০১৯ মানসিক স্বাস্থ্য্যৰ উদগনি আৰু আত্মহত্যা প্ৰতিৰোধ
২০১৮ পৰিৱৰ্তিত বিশ্বত যুৱপ্ৰজন্ম আৰু মানসিক স্বাস্থ্য
২০১১৭ কৰ্মক্ষেত্ৰত মানসিক স্বাস্থ্য
২০১৬ মনস্তাত্ত্বিক প্ৰাথমিক স্বাস্থ্য সেৱা
২০১৫ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত মৰ্য্যদা
২০১৪ স্ক্ৰিজ'ফেনিয়াৰ সৈতে জীৱন
২০১৩ মানসিক স্বাস্থ্য আৰু বয়সস্থ প্ৰাপ্তবয়স্কসকল
২০১২ অৱসাদগ্ৰস্ততা: এক গোলকীয় সংকট
২০১১ জোৰদাৰ দাবী: মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত বিনিয়োগ
২০১০ মানসিক স্বাস্থ্য আৰু সঞ্চিত শাৰীৰিক অসুস্থতা
২০০৯ প্ৰাথমিক স্বাস্থ্যসেৱাত মানসিক স্বাস্থ্য: চিকিৎসাৰ সংবৰ্দ্ধন আৰু মানসিক স্বাস্থ্যৰ উদগনি
২০০৮ মানসিক স্বাস্থ্যক গোলকীয় প্ৰাধান্য প্ৰদান: নাগৰিকৰ পৃষ্ঠপোষকতা আৰু কৰ্মসূচীৰ মাধ্যেমেৰে সেৱাৰ পৰিৱৰ্দ্ধন
২০০৭ পৰিৱৰ্তিত বিশ্বত মানসিক স্বাস্থ্য: সংস্কৃতি আৰু বৈচিত্ৰ্যৰ প্ৰভাৱ
২০০৬ সজাগতাৰ সৃষ্টি- বিপদশংকাৰ হ্ৰাসকৰণ: মানসিক অসুস্থতা আৰু আত্মহত্যা
২০০৫ জীৱন কালত মানসিক আৰু শাৰীৰিক স্বাস্থ্য
২০০৪ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সম্পৰ্ক: সহ-সাংঘটনিক বিসংগতিসমূহ
২০০৩ শিশু আৰু কিশোৰৰ মাজত আৱেগজনিত আৰু আচৰণজনিত বিসংগতি
২০০২ শিশু আৰু কিশোৰৰ ওপৰত হিংসা আৰু অভিঘাত (ট্ৰ'মা)ৰ প্ৰভাৱ
২০০০-০১ মানসিক স্বাস্থ্য আৰু কৰ্ম
১৯৯৯ মানসিক স্বাস্থ্য আৰু বয়স-বৃদ্ধি
১৯৯৮ মানসিক স্বাস্থ্য আৰু মানৱ অধিকাৰ
১৯৯৭ শিশু আৰু মানসিক স্বাস্থ্য
১৯৯৬ নাৰী আৰু মানসিক স্বাস্থ্য
১৯৯৪ সমগ্ৰ বিশ্বতে মানসিক স্বাস্থ্য সংলগ্ন সেৱাসমূহৰ গুণগত উন্নয়ন সাধন

লগতে চাওক[সম্পাদনা কৰক]

References[সম্পাদনা কৰক]

  1. Jenkins, Rachel; Lynne Friedli; Andrew McCulloch; Camilla Parker (2002). Developing a National Mental Health Policy. Psychology Press. পৃষ্ঠা. 65. ISBN 978-1-84169-295-1. 
  2. Watson, Robert W. (2006). White House Studies Compendium, Volume 5. Nova Science Publishers. পৃষ্ঠা. 69. ISBN 978-1-60021-542-1. 
  3. "World Mental Health Day". Mental Health in Family Medicine খণ্ড 7 (1): 59–60. 2010. 
  4. Mngoma, Nomusa F.; Ayonrinde, Oyedeji A.; Fergus, Stevenson; Jeeves, Alan H.; Jolly, Rosemary J. (2020-04-20). "Distress, desperation and despair: anxiety, depression and suicidality among rural South African youth". International Review of Psychiatry খণ্ড 0: 1–11. doi:10.1080/09540261.2020.1741846. ISSN 0954-0261. PMID 32310008. https://doi.org/10.1080/09540261.2020.1741846. 
  5. "Let compassion substitute stigmatisation". Times of Malta. 10 October 2009. http://www.timesofmalta.com/articles/view/20091010/opinion/editorial। আহৰণ কৰা হৈছে: 24 June 2010. 
  6. Mental Health Week: 7 Ways You Can Get Involved 2 October 2015 Archived 4 March 2017 at the Wayback Machine Retrieved 15 October 2015
  7. "World Mental Health Day History" (en-US ভাষাত). World Federation for Mental Health. Archived from the original on 2021-10-09. https://web.archive.org/web/20211009173545/https://wfmh.global/world-mental-health-day/। আহৰণ কৰা হৈছে: 2019-08-21. 
  8. "WHO | World Mental Health Day". WHO. https://www.who.int/mental_health/world-mental-health-day/2013/en/। আহৰণ কৰা হৈছে: 2019-08-21. 
  9. "World Mental Health Day: PM appoints suicide prevention minister" (en-GB ভাষাত). BBC News. 2018-10-10. https://www.bbc.co.uk/news/health-45804225. 
  10. "WHO | Previous World Mental Health Days". https://www.who.int/mental_health/world-mental-health-day/previous_WMHDs/en/. 
  11. "World Mental Health Day History - World Federation for Mental Health" (en-US ভাষাত). World Federation for Mental Health. Archived from the original on 2021-10-09. https://web.archive.org/web/20211009173545/https://wfmh.global/world-mental-health-day/. 
  12. "আৰ্কাইভ কপি". World Federation For Mental Health. Archived from the original on 14 September 2021. https://web.archive.org/web/20210914130611/https://wfmh.global/2021-world-mental-health-global-awareness-campaign-world-mental-health-day-theme/। আহৰণ কৰা হৈছে: 13 September 2021. 
  13. Lancet, The (2020-10-10). "Mental health: time to invest in quality" (English ভাষাত). The Lancet খণ্ড 396 (10257): 1045. doi:10.1016/S0140-6736(20)32110-3. ISSN 0140-6736. PMID 33038951.