ভক্ত প্ৰহ্লাদ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ভক্ত প্ৰহ্লাদ
Bhakta Prahlad
Poster.bhakata prahlad.png
পৰিচালক নিপ বৰুৱা
প্ৰযোজক নিপ বৰুৱা
কাহিনী অমলেন্দু বাগচী
অভিনয়ত সৰ্বেশ্বৰ চক্ৰৱৰ্তী
সংগীত পৰিচালক ব্ৰজেন বৰুৱা
চিত্ৰগ্ৰহণকাৰী কেষ্ট' মুখাৰ্জী
সম্পাদনা শ্যাম দাস
মুক্তি ১৪ নবেম্বৰ, ১৯৫৮
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

ভক্ত প্ৰহ্লাদ (ইংৰাজী: Bhakta Prahlad) পৌৰাণিক কাহিনীৰে নিৰ্মিত দ্বিতীয় অসমীয়া কথাছবি[1] ১৪ নবেম্বৰ ১৯৫৮ত মুক্তি পোৱা এই ছবিখন নিপ বৰুৱাই পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। অমলেন্দু বাগচীয়ে ছবিখনৰ কাহিনী যুগুত কৰিছিল।[2][1]

কাহিনী[সম্পাদনা কৰক]

মহাপুৰুষৰ কীৰ্তনত থকা 'প্ৰহ্লাদ চৰিত্ৰ' অসমীয়া ৰাইজৰ অতি প্ৰিয়। কীৰ্তনৰ গীত-পদ খাপ খুৱাই ব্যৱহাৰ কৰিব পৰা হ'লে ছবিখনত সোণত সুৱগা চৰিলহেঁতেন আৰু ই অসমীয়া মানুহৰ মনত আপোন আপোন লাগিলহেঁতেন। তথাপি এই বিষয়বস্তুকে ৰূপায়িত কৰা আন ভাৰতীয় ভাষাৰ ছবিতকৈ ভক্ত প্ৰহ্লাদ উৎকৃষ্ট নহ'লেও নিকৃষ্ট হোৱা নাই নিশ্চয়।

ভক্ত প্ৰহ্লাদ ছবিৰ কাহিনীটো শ্ৰীশঙ্কৰদেৱ, ৰামকৃষ্ণ পৰমহংস আৰু ভোলাগিৰি মহাৰাজৰ ৰচনাৰ পৰা সাৰ সংগ্ৰহ কৰি লিখি উলিয়াছিল অমলেন্দু বাগচীয়ে।[2]

স্বৰ্গৰ দুৱৰী জয় আৰু বিজয়ে ঋষিৰ অভিশাপত মৰ্ত্যত অসুৰৰূপে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰূপে জন্মগ্ৰহণ কৰে। জ্যেষ্ঠভাতৃ হিৰণ্যাক্ষক পাতালত বৰাহৰূপী বিষ্ণুৱে বধ কৰাত হিৰণ্যকশিপুয়ে জীৱনৰ শেষ মুহূৰ্তলৈ বিষ্ণুৰ বিৰোধ কৰি যোৱাৰ সংকল্প ল'লে। দেৱৰ্ষি নাৰদৰ পৰামৰ্শক্ৰমে হিৰণ্যকশিপুৱে অমৰত্বৰ বৰ লাভ কৰাৰ উদ্দেশ্য গৰ্ভৱতী পত্নী মহাৰাণী কয়াধু আৰু ৰাজ্যৰ সকলো দায়িত্ব মহামন্ত্ৰীৰ হাতত অৰ্পণ কৰি তপস্যা কৰিবলৈ কৈলাসলৈ গ'ল। দেৱৰাজ ইন্দ্ৰই কয়াধুক অপহৰণ কৰি লৈ গ'ল। হিৰণ্যকশিপুৰ তপস্যাত বিঘ্ন ঘটাবলৈ ইন্দ্ৰই বহু চেষ্টা চলালে যদিও সফল নহ'ল।[2]

ইফালে কয়াধুৱে দেৱৰাজৰ বন্দীত্বৰ পৰা পলাই আহি নাৰদৰ আশ্ৰমত আশ্ৰয় ল'লে। তাতেই নাৰদে মহাৰাণীক ভক্তিতত্ত্বৰ কথা শুনায়। তেনেকৈয়ে কয়াধুৰ গৰ্ভস্থ সন্তানটোৱেও হৰিনামৰ সুধা পান কৰিবলৈ সক্ষম হয়। হিৰণ্যকশিপুৱে ব্ৰহ্মাৰ পৰা চৰ্তসাপেক্ষে অমৰত্বৰ বৰ লাভ কৰি ৰাজধানীলৈ প্ৰত্যাৱৰ্তন কৰে। স্বৰ্গ,মৰ্ত্য, পাতাল- তিনিওলোক জয় কৰি হিৰণ্যকশিপুৱে আকুলতাৰে কয়াধুৱে জন্ম দিয়া পুত্ৰসন্তান প্ৰহ্লাদৰ মুখ দৰ্শন কৰিবলৈ আহিল। কিন্তু এয়া কি- বিষ্ণুৰ চিৰবৈৰী হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদৰ মুখত হৰিনাম! হৰিনাম পাহৰাই অসুৰৰ শিক্ষা দিবলৈ দায়িত্ব দিলে ষণ্ড আৰু অমৰ্কক। কিন্তু প্ৰহ্লাদৰ মুখৰ পৰা কোনোমতে হৰিনাম নুগুছে। বিভিন্ন শাস্তি দিও প্ৰহ্লাদক সংশোধন কৰিব নোৱাৰিলে।[2] অৱশেষত নৰসিংহ ৰূপ ধৰি বিষ্ণুৱে হিৰণ্যকশিপুক বধ কৰিলে।

অভিনয়-শিল্পী[সম্পাদনা কৰক]

  • সৰ্বেশ্বৰ চক্ৰৱৰ্তী (হিৰণ্যকশিপু)
  • ফণী শৰ্মা
  • ইভা আচাও
  • শৰৎ দাস (অমৰ্ক)
  • অমলেন্দু দাস (ষণ্ড)
  • মাণিক দাস
  • ধৰণী দাস
  • শুক্লা দাস
  • বীণা দাস
  • ৰেবেকা আচাও
  • দ্বিবন বৰুৱা
  • নীৰা (শিশুশিল্পী, ভক্ত প্ৰহ্লাদৰ ৰূপত)
  • ৰাজা (শিশুশিল্পী)[1][2]

সঙ্গীত[সম্পাদনা কৰক]

ব্ৰজেন বৰুৱাই ছবিখনৰ সঙ্গীত পৰিচালনা কৰিছিল। গীত লিখিছিল কেশৱ মহন্তই।[3][2]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "কিনো শুৱনি তোৰে মুখনি, পদুমৰে ঠাৰি যেন হাত দুখনি"  কেশৱ মহন্তগুণদা দাস, ব্ৰজেন বৰুৱা, দেবেন শৰ্মা  
2. "অ' হৰি চৰণ দিয়া হে, জলধিৰ মাজে তুমি হৈয়া অৱতৰি, আহা নিতে ধৰি কত অৱতাৰ"  কেশৱ মহন্তব্ৰজেন বৰুৱা  
3. "চঞ্চল অনুৰাগে অঞ্জন পাতি মাগে, আলফুলে আনমনা যৌৱনা উন্মতা"  কেশৱ মহন্ত   
4. "মাটিৰে চাকিটি ধিমিকি ধিমিকি নুমাব খুজে হায়"  কেশৱ মহন্ত   
5. "এ হৰি তুমি বিনে গতি নাই, হৰি তোমাৰ চৰণ কমল যুগলে"  কেশৱ মহন্ত   
6. "মন পাৱন পাৱন হৰি হে, তাৰিয়ো ভৱ সাগৰে"  কেশৱ মহন্ত   

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 মঞ্চলেখা, পৃষ্ঠা ৫৯১, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 অৰুণলোচন দাস (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ৯০). শশী শিশু প্ৰকাশন, গুৱাহাটী. 
  3. বাবুল দাস (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন. বাণী মন্দিৰ, ডিব্ৰুগড়. পৃষ্ঠা. ৫৮.