সমললৈ যাওক

ওপজা সোণৰ মাটি (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ওপজা সোণৰ মাটিৰ পৰা পুনঃনিৰ্দেশিত)
ওপজা সোণৰ মাটি
Opoja Sonar Mati

'ওপজা সোণৰ মাটি'ৰ পোষ্টাৰ
পৰিচালক ব্ৰজেন বৰুৱা
কাহিনী জীৱন বৰা
প্ৰযোজক মেচাৰ্চ প্ৰগতি চিনে প্ৰ’ডাকচন লিঃ
চিত্ৰগ্ৰহণকাৰী নলিন দুৱৰা
সংগীত পৰিচালক ৰমেন বৰুৱা
মুক্তি
১৩ অক্টোবৰ ১৯৭২
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

ওপজা সোণৰ মাটি (ইংৰাজী: Opaja Sonar Mati) ১৯৭২ চনত মুক্তি পোৱা সমবায় আন্দোলনৰ ওপৰত আধৰিত এটা কাহিনীৰে নিৰ্মিত এখন অসমীয়া ছবি। ছবিখন পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই। বৰুৱাই মুঠতে ৫খন ছবি পৰিচালনা কৰিছিল। তেখেতৰ শেষ পৰিচালিত ছবি ওপজা সোণৰ মাটি। এই ছবিখনৰ শ্বুটিং হৈছিল লক্ষীমপুৰত। তেখেতে এই ছবিখনৰ দৃশ্যগ্ৰহন শেষ কৰিছিল, কিন্তু সম্পাদনাৰ কাম কৰিবলৈ নাপালে । ছবিখনৰ শ্বুটিং শেষ কৰি গোলাঘাটত মমতাৰ এটি চৰিত্ৰত অভিনয় শেষ কৰাৰ পাচতেই তেখেতৰ মৃত্যু হয়। ছবিখন প্ৰযোজনা কৰিছিল মেচাৰ্চ প্ৰগতি চিনে প্ৰ’ডাকচন লিমিটিডে, সঙ্গীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই আৰু চিত্ৰগ্ৰহণ কৰিছিল নলীন দুৱৰাই।[1] ওপজা সোণৰ মাটি ব্যৱসায়িকভাৱে সফল ছবি।[2]

ছবিখনে ১৯৭২ত শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।[1]

প্ৰেক্ষাপট

[সম্পাদনা কৰক]

ঊনৈশ শতিকাৰ শেহৰ পিনে যি অৰ্থনৈতিক সংকট আৰু অশান্ত অৱস্থাই বিৰাজ কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত ভাৰতত সমবায় আন্দোলনে গা কৰি উঠিছিল। শিল্পবিপ্লৱে ভাৰতৰ গৰিষ্ঠসংখ্যক মানুহৰ জীৱিকাৰ উপায় কুটীৰশিল্প আৰু কষিখণ্ডত মোক্ষম আঘাত হানিছিল।[3] জমিদাৰীতন্ত্ৰয়ো খেতিয়কক এনেকৈ শোষণ কৰিছিল যে তেওঁলোকে মাটিৰ খাজানাখিনিও গোটাবলৈ সক্ষম নহৈছিল। ১৯০৪ চনত ব্ৰিটিছ চৰকাৰে প্ৰথমবাৰৰ বাবে কো-অপাৰেটিভ ক্ৰেডিট চোচাইটিজ এক্ট গৃহীত কৰে। ইয়াৰ দুৰ্বলতাবোৰ আঁতৰাবলৈ ১৯১২ চনত আকৌ এখন নতুন সমবায় আইন গৃহীত কৰা হয়।[4] সমবায় আন্দোলনটোৱে চতুৰ্থ দশকমানৰ পৰা সপ্তম দশকমানলৈ সমগ্ৰ ভাৰত জুৰি এক উৎসাহৰ ঢল আনিছিল। স্বাভাৱিকভাৱেই অসম তাৰ ব্যতিক্ৰম নাছিল। অসমৰ সাহিত্য-সংস্কৃতিতো তাৰ প্ৰভাৱ পৰিছিল।[5] ১৯৫২ চনত প্ৰকাশিত হিতেশ ডেকাৰ প্ৰথম উপন্যাস “আজিৰ মানুহ”ত সমবায় আন্দোলনটোৱে মানুহৰ মনলৈ যি উৎসাহ আনিছিল, যি নতুন সপোন দেখুৱাইছিল, তাৰ প্ৰতিফলন ঘটিছে।[6] ওপজা সোণৰ মাটিৰ বিষয়-বস্তুও মূলতঃ সমবায় কেন্দ্ৰিক। ছবিখনৰ যোগেদি সমবায় আন্দোলনে কৃষিক্ষেত্ৰত আনিব পৰা সম্ভাৱনীয়তাৰ প্ৰতিফলন ঘটিছে।[7]

ওপজা সোণৰ মাটিৰ এটা দৃশ্য

চহৰৰ পৰা দূৰৈৰ এখন গাঁও কদমণি। সেই গাঁৱৰে এজন শিক্ষিত নিবনুৱা যুৱক হেমন্ত শইকীয়া। শিৱৰাম কাকতি আৰু তেওঁৰ জীয়েক পূৰ্ণিমাই হেমন্তক নিজৰ মাটিত খেটি-বাতি কৰিবলৈ পৰামৰ্শ দিলে। পৰামৰ্শটো তেওঁ ভাল পালে আৰু বৈজ্ঞানিক পদ্ধতিৰে সমবায় ভিত্তিত খেতি কৰিবলৈ মন মেলিলে। তেওঁ গাঁৱেৰে আৰু কেইজনমান যুৱকক লগত লৈ এটা ৰাষ্ট্ৰীয়কৃত বেংকলৈ গৈ ঋণৰ বাবে আবেদন কৰিলে।[1]

হেমন্তৰ পৰিকল্পনাত গাঁৱৰে সুদখোৰ মহাজন উমাৰাম সচকিত হৈ উঠিল। কাৰণ উমাৰামে উচ্চহাৰৰ সুদত মাটি বন্ধকী লৈ গাঁওবাসীক টকা ধাৰে দিছিল আৰু যদি বেংকৰ পৰা ৰাইজে ঋণ ল’বলৈ আৰম্ভ কৰে, তেওঁৰ সান্দহ খোৱা বালি তল যাব। তদুপৰি পূৰ্ণিমাৰ সৈতে থকা হেমন্তৰ হলিগলিকো তেওঁ সহজভাবে ল’ব পৰা নাছিল। হেমন্তৰ বাপেকে তেওঁৰ ওচৰত বন্ধকী থোৱা দুই পুৰা মাটিত চহৰৰ এজন চহকী মানুহ নিৰ্মল হাজৰিকাক এটা কাৰখানা খুলিবলৈ প্ৰৰোচিত কৰিবলৈ ধৰিলে। কিন্তু হাজৰিকাৰ এই আঁচনিত বাধা হৈ থিয় দিলে পুতেক পঙ্কজ আৰু জীয়েক অৰ্পণা। পঙ্কজ হেমন্তৰ পুৰণি বন্ধু; আনহাতে অৰ্পণায়ো হেমন্তৰ প্ৰতি অন্তৰত এক কোমল অনুভূতি পুহি ৰাখিছিল। বাপেকে পঙ্কজক ঘৰৰ পৰা উলিয়াই দিয়াত এখন ট্ৰেক্টৰ লৈ হেমন্তক সহায়ৰ হাত আগবঢ়াবলৈ তেওঁ কদমণি পালেহি৷[1]

অৰ্পণাই বাপেকৰ অসৎ কাৰ্য-কলাপৰ তেতিয়ালৈ বিৰোধিতা কৰি গ’ল। এদিন বাপেকে নিজৰ ভুল উপলব্ধি কৰি কদমণিলৈ গ’ল। কিন্তু তাত গৈ তেওঁ নিজ চকুৰে দেখিলে পুত্ৰ পঙ্কজৰ ট্ৰেজিক মৃত্যু। অৱশেষত নিৰ্মল হাজৰিকায়ো সেউজ বিপ্লৱ্ৰৰ লক্ষ্যৰে গঠিত কৃষি সমবায় সমিতিত জড়িত হৈ পৰিল।[1]

অভিনয় শিল্পী

[সম্পাদনা কৰক]
ওপজা সোণৰ মাটিৰ এটা দৃশ্য

ছবিখনত তিনিটা গীত আছে। গীতকেইটা লিখিছে কেশৱ মহন্তই।[9]

ক্ৰমিক নং গীতৰ শীৰ্ষক কণ্ঠ
এই ভালপোৱা যদি হয় ভৰা নদী মই তাতে ঢৌ হৈ জাগি ৰ’ম দ্বীপেন বৰুৱা, পাহাৰী শইকীয়া
কাকিনী তামোলৰ পাত লৰে-চৰে, মাণিকী ঢকুৱাৰো মন লৰে পাহাৰী শইকীয়া
অ’ আঘোণৰে আলফুলী বতাহচাটি, ৰ’দ-কাচলি ল’লি দেখোন আঁচল পাতি দ্বীপেন বৰুৱা, ৰমেন বৰুৱা, কৃষ্ণা বৰ্মণ, পাহাৰী শইকীয়া, নীলিমা খাতুন আদি

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ২০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৭২) লাভ কৰিছিল। এই বঁটাত প্ৰযোজকলৈ নগদ ৫০০০ টকা আৰু পৰিচালকলৈ এটা ৰূপৰ মেডেল আগবঢ়োৱা হৈছিল।[1]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "20th National Awards for Films". https://www.dff.nic.in/images/Documents/94_22ndNfacatalogue.pdf। আহৰণ কৰা হৈছে: 10-10-2019. 
  2. নয়ন প্ৰসাদ (June 2006). "লতাশিলৰ বিস্ময়". অসমীয়া সা ৰে গা মা.. 
  3. "Co-operative Movement in India". http://www.economicsdiscussion.net/india/cooperative-movement/co-operative-movement-in-india/21216। আহৰণ কৰা হৈছে: 10-10-2019. 
  4. "History of Cooperative Movement in India". http://www.yourarticlelibrary.com/essay/history-of-cooperative-movement-in-india/32000। আহৰণ কৰা হৈছে: 10-10-2019. 
  5. নৰেন্দ্ৰ শৰ্মা (2016). "সমবায় আন্দোলন আৰু ৰঙিয়া". বল্লভা প্ৰৱাহ, স্মৃতিগ্ৰন্থ ৰঙিয়া আলোচনী সভা. 
  6. "হিতেশ ডেকাৰ ‘আজিৰ মানুহ’ উপন্যাস আৰু ইয়াৰ অনূদিত ৰূপ বিস্তাৰিত". Archived from the original on 2016-08-05. https://web.archive.org/web/20160805120057/http://nilacharai.com/sahityar-anubadar-khetrat/। আহৰণ কৰা হৈছে: 10-10-2019. 
  7. "লতাশিলৰ বৰুৱা পৰিয়াল". অসমীয়া সা ৰে গা মা.. জুন ২০১৬. 
  8. "Opaja Sonor Mati (1972) – Assamese Film". http://www.assams.info/movies/upoja-sonar-maati-1972। আহৰণ কৰা হৈছে: 10-10-2019. 
  9. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 170-180.