আমাৰ ঘৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
আমাৰ ঘৰ
Amar Ghar
Poster.amar ghar.jpg
পৰিচালক নিপ বৰুৱা
চিত্ৰনাট্য লক্ষ্যধৰ চৌধুৰী
কাহিনী নিপ বৰুৱা
প্ৰযোজক অমলেন্দু বাগচী
অভিনয়ত বিজয় শঙ্কৰ
বীণা বৰুৱা
চিত্ৰগ্ৰহণকাৰী নলিন দুৱৰা
সম্পাদনা শিৱ ভট্টাচাৰ্য
সংগীত পৰিচালক ব্ৰজেন বৰুৱা, ৰমেন বৰুৱা
মুক্তি
৪ ডিচেম্বৰ ১৯৫৯
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

আমাৰ ঘৰ (ইংৰাজী: Amar Ghar) ১৯৫৯ চনত মুক্তি পোৱা এখন অসমীয়া কথাছবি। কাহিনী আৰু পৰিচালনা নিপ বৰুৱাৰ। কামৰূপ কলা মন্দিৰৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল অমলেন্দু বাগচীয়ে। চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল লক্ষ্যধৰ চৌধুৰীয়ে। সঙ্গীত পৰিচালক আছিল ব্ৰজেন বৰুৱা। ছবিখনত চাৰিটা গীত আছিল। এই চাৰিটা গীত চাৰিজন বেলেগ বেলেগ গীতিকাৰে ৰচনা কৰিছিল। তেওঁলোক আছিল- তফজ্জুল আলি , পদ্ম বৰকটকী, কেশৱ মহন্ত আৰু লক্ষ্যধৰ চৌধুৰী[1][2]

কাহিনী[সম্পাদনা কৰক]

এই সামাজিক ছবিখনত ঘাইকৈ দেখুওৱা হৈছে যে মাহীমাক মাত্ৰেই বেয়া নহয় আৰু দেখুওৱা হৈছে সমাজৰ ওপৰত ফটিকাৰ কু-প্ৰভাৱ। [1]

প্ৰথমা পত্নীৰ বিয়োগৰ পিছত প্ৰদীপৰ ঘৰ নকৈ পোহৰাবলৈ দীপালীৰ প্ৰবেশ ঘটিল। চাৰিমহীয়া কেঁচুৱা মণ্টিক দীপালীৰ হাতত গটাই প্ৰদীপ নিশ্চিত হ’ল। দীপালীয়েও নিজৰ সন্তানৰ দৰে মণ্টিক বুকুৰ মাজত সুমুৱাই ল’লে। ঘৰখনৰ সকলোৱে ন-বোৱাৰীৰ প্ৰশংসাত পঞ্চমুখ। কেইদিনমান পিছত দীপালীৰ কোলালৈ আহিল এজনী ছোৱালী- মাইনা।[2]

মসৃণ গতিত গৈ থকা সংসাৰখনত কেনা লগালে বলেনে। নেফাত কেইবছৰমান ঠিকাদাৰী কৰি চহৰলৈ উভতি আহিছে প্ৰদীপৰ বন্ধু বলেন। বলেনৰ সংস্পৰ্শত প্ৰদীপে মদ আৰু জুৱাত হাত দিলে। ঘৰত অশান্তি আৰম্ভ হ’ল। জুৱা-মদৰ পইচা গোটাবলৈ ঘৰৰ দুই এপদ বস্তুও বিক্ৰি কৰা আৰম্ভ হৈ গ’ল। অৱস্থা এনেকুৱাহে হ’লগৈ যে দীপালীয়ে মাইনাক লৈ দেউতাৰ ঘৰলৈ গুছি যাবলৈ বাধ্য হৈ পৰিল। মাহীমাক বুলিয়ে প্ৰদীপে মণ্টিক নিবলৈ নিদিলে।[2]

কিন্তু মণ্টি আৰু দীপালীয়ে ইজনে-সিজনক জানো এৰি থাকিব পাৰিলে? প্ৰদীপৰ হেজাৰ বাধা-ভাবুকিকো নেওচি মণ্টি বাৰেবাৰে দীপালীৰ ওচৰ পায়গৈ। অৱশেষত প্ৰদীপৰ সংশোধন হ’ল। মদ আৰু জুৱাৰ পৰা আঁতৰি অহাৰ শপত খালে। দীপালী মণ্টি-মাইনাক লৈ পুনৰ আপোন ঘৰলৈ উভতি আহিল।

অভিনয় শিল্পী[সম্পাদনা কৰক]

সংগীত[সম্পাদনা কৰক]

সংগীত পৰিচালনা ব্ৰজেন বৰুৱাৰ। তেওঁক সহযোগ কৰিছে ৰমেন বৰুৱাই। চাৰিজন ভিন্নভিন্ন গীতিকাৰে ছবিখনৰ বাবে চাৰিটা গীত লিখিছে। এইখন ছবিৰ বাবেই পদ্ম বৰকটকীয়ে প্ৰখমবাৰৰ বাবে চলচ্চিত্ৰীয় গীত ৰচনা কৰে।[2][3]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "কণকণ জোনাকীৰে কণকণ পোহৰেৰে দীপালীৰ বন্তি জ্বলাই"  তফজ্জুল আলি ৰমেন বৰুৱা, পূৰৱী দেৱী  
2. "শুনা মোৰ জীৱনৰ চাকি, স্বপ্নভৰা জোনাকৰ ৰাতি"  পদ্ম বৰকটকীব্ৰজেন বৰুৱা, ৰমেন বৰুৱা, পূৰৱী দেৱী, পাৰুল দেৱী  
3. "এই জোন জোনালী থুপি থুপি তৰালী জ্বলি জ্বলি জ্বলালি"  কেশৱ মহন্তপূৰৱী দেৱী  
4. "আমাৰ ঘৰলৈ যাওঁ, অকণি মৰমেৰে অকণি চেনেহেৰে মৰতত সৰগ সজাওঁ"  লক্ষ্যধৰ চৌধুৰীপূৰৱী দেৱী, পাৰুল দেৱী  

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 মঞ্চলেখা, পৃষ্ঠা ৩২২, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭. 
  2. 2.0 2.1 2.2 2.3 2.4 অৰুণলোচন দাস (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ১১০). শশী শিশু প্ৰকাশন, গুৱাহাটী. 
  3. বাবুল দাস (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন. বাণী মন্দিৰ, ডিব্ৰুগড়. পৃষ্ঠা. ৬৯. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]