পদ্ম বৰকটকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পদ্ম বৰকটকী
জন্ম ৩০ জুলাই, ১৯২৭
যোৰহাট
মৃত্যু ১১ মাৰ্চ, ২০০৮ (৮১ বছৰ)
গুৱাহাটী
পেচা লেখক, সাংবাদিক
ভাষা অসমীয়া
উল্লেখযোগ্য বঁটা চুকাফা বঁটা (২০০৭)

পদ্ম বৰকটকী (১৯২৬-২০০৮) আছিল অসমৰ এজন লেখক আৰু সাংবাদিক।[1] তেওঁৰ পিতৃ আছিল সূৰ্য্যধৰ বৰকটকী আৰু মাতৃ বিনন্দী দেৱী বৰকটকী। ১৯২৭ চনৰ ৩০ জুলাইত যোৰহাটৰ ৰজাহাউলিত তেওঁ জন্ম গ্ৰহণ কৰিছিল।[2]

শিক্ষা তথা ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৪৫-৪৬চনত যোৰহাট জে বি কলেজ আৰু দৰং কলেজত শিক্ষাগ্ৰহণ কৰিছিল। বৰকটকীয়ে আই এ পাছ কৰে ১৯৪৭ চনত।[2] ১৯৬৪ চনত ইন্দিৰা বৰকটকীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তিনিগৰাকী সন্তান ক্ৰমে ড° কম্ন বৰকটকী, কংকি বৰকটকী আৰু মাইমন বৰকটকী।

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৫৬ চনত "হিন্দুস্তান ষ্টেণ্ডাৰ্ড" কাকতত ফিচাৰ লিখক হিচাপে পদ্ম বৰকটকীয়ে কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯৪৮ চনতে শ্বিলঙৰ পৰা "আছাম ট্ৰিবিউন" কাকতলৈকো তেওঁ নিয়মীয়াকৈ সংবাদ প্ৰেৰণ কৰিছিল।[1] তেওঁ কেইবাখনো আলোচনী আৰু সংবাদ পত্ৰৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ ভিতৰত "আমাৰ প্ৰতিনিধি", "নতুন প্ৰতিনিধি", "সমকালীন", "মাতৃভূমি", "ইস্তাহাৰ", "The North East Daily", নতুন দৈনিক, আজিৰ অসম, নতুন দিন আদি উল্লেখযোগ্য। ইয়াৰ উপৰি তেওঁ চুটি গল্প, উপন্যাস, নাটক, কবিতা, শিশু সাহিত্য আৰু অনুবাদ সাহিত্যৰ ক্ষেত্ৰতো অৱদান আগবঢ়াইছিল। তেওঁ অসমীয়া সাহিত্যৰ এজন নামকৰা সমালোচক আৰু প্ৰবন্ধকাৰো আছিল। তেওঁ ৩৮ খন উপন্যাস, পাঁচখন চুটিগল্প সংকলন, দুখন কবিতা সংকলন, তিনিখন শিশু পুথি পোন্ধৰখন নাটক আৰু বিভিন্ন বিষয়ৰ দহখন গ্ৰন্থ ৰচনা কৰিছিল।[1] ২০০৭ বৰ্ষত তেওঁক অসম চৰকাৰে চুকাফা বঁটাৰে সন্মানিত কৰিছিল।[3][4]

গ্ৰন্থৰাজি[2][সম্পাদনা কৰক]

উপন্যাস[সম্পাদনা কৰক]

  1. মনৰ দাপোণ
  2. খবৰ বিচাৰি
  3. বিচাৰৰ বাবে
  4. এটি ক্ষণ মাগোঁ মই
  5. কোনো খেদ নাই
  6. জীৱন এষণা
  7. জীৱন অৰণি
  8. অবিবাহিতাৰ মন
  9. দুষ্মন্তৰ চুমা
  10. নজ্বলা ধূপৰ ইতিকথা
  11. পুতলাৰ নমস্কাৰ
  12. শিৰৰ সেন্দূৰে অঁকা ছবি
  13. ঈক্ষিত ইলোৰা
  14. নতুন প্ৰতীতি
  15. অৱন্ধনা
  16. নতুন দিনৰ কইনা
  17. ৰঙা ৰঙা ৰং
  18. চক্ৰান্তৰ নাগপাশ
  19. স্বপ্ন সত্য বাস্তব
  20. শ্ৰীমান মাইমন
  21. আয়ুবট
  22. ভয় নাই ভয় নাই

উপন্যাসিকা[সম্পাদনা কৰক]

  1. ৰশ্মি সেই নিশা নাহিলত
  2. খড়গহস্ত কাৰ্টিলেক তপস্বীৰ মুণ্ড
  3. অৰিহণা
  4. স্বপ্ন সত্য বাস্তৱ (ট্ৰিলজী)
  5. সুখৰ বাবেই
  6. মোৰ জন্ম, মই আৰু ভয়
  7. অয়ি অনৱনিতা
  8. ৰহস্য সন্ধানী ৰিপ'ৰ্টাৰ
  9. নিশ্চিত মৃত্যুক ভৃত্য কৰি
  10. লেখক বিচাৰি
  11. কানীন কাহিনী
  12. সোণো আছে তাত
  13. শেষ অৰিহণা (দৈনিক অসম-১৯৯৭)
  14. সাংবাদিকৰ ডায়েৰী(অগ্ৰদূত-১৯৯৩)
  15. শ্ৰীমতী গীতা (আজিৰ সময়- ১৯৮৭)
  16. এই জুই নুনুমায়-১ (আজিৰ সময়-১৯৮৮)
  17. এই জুই নুনুমায়-২ (আজিৰ সময়-১৯৮৮)
  18. এই জুই নুনুমায়-৩ (১৯৮৮)
  19. এই জুই নুনুমায়-৪ (১৯৮৮)
  20. ব্যৱধান (আজিৰ সময়-১৯৮৬)
  21. কুকুৰ, গৰু আৰু চিয়াপিৰ লগত (আজিৰ সময়-১৯৮৬)
  22. একুৰা জুই আৰু চুক্তিৰ ৰাজনীতি (ৰূপকাৰ-১৯৮৫)
  23. অন্তঃসত্ত্বা (ৰূপকাৰ-১৯৯০)
  24. চোৰৰ চিকন ভৰি (জোনবিৰি-১৯৮৪)
  25. হেনৰী এলেজা (সমকালীন-১৯৬৭)
  26. আমাৰ আশাৰ আছে ইতিহাস
  27. বজাৰ।
  28. সৃজাম্যহম
  29. গংগাধৰ
  30. আকৌ মণিৰাম
  31. চিৰন্তন প্ৰতিমা দেখি (অগ্ৰদূত-১৯৯৪)
  32. লাজে যত লাজ কৰে (১৯৬৮)
  33. মোৰ জন্ম, মই আৰু ভয়
  34. পিতলৰ টুপ লগোৱা লাঠি
  35. বান্দৰৰ কেইটা ঠেং?

অনূদতি উপন্যাস[সম্পাদনা কৰক]

  1. প্ৰথম প্ৰেম (১৯৮০)
  2. হে বিদেশী বন্ধু (১৯৬৫)
  3. সুৰীয়া বিহংগ (১৯৮০)
  4. টিপি লিক্‌লিন (১৯৮০)

ইংৰাজী গ্ৰন্থ[সম্পাদনা কৰক]

  1. Hidden facts from the Magic Land of Assam
  2. Clouds are not the Sky (Political comic)
  3. Silent Revolution (Edited)

গীত[সম্পাদনা কৰক]

  1. সপোন দেখো মই

কবিতা[সম্পাদনা কৰক]

  1. শুনা প্ৰিয়া মোৰ পৰিচয়

চুটিগল্প[সম্পাদনা কৰক]

  1. অশ্লীল (১৯৫৯)
  2. ৰীতাৰ প্ৰেম (১৯৬২)
  3. বিয়াৰ প্ৰথম নিশা (১৯৮০)
  4. মৰমৰ চিন (১৯৮০)
  5. আঙঠি পিন্ধোৱাৰ পিছত (১৯৯৭)

অনূদিত জীৱনী[সম্পাদনা কৰক]

  1. এলবাৰ্ট আইনষ্টাইনৰ জীৱন কথা
  2. টমাচ আলভা এডিচন
  3. হেলেন কেলাৰ
  4. ৰবাৰ্ট ফুলটন

অনূদিত নাটক[সম্পাদনা কৰক]

  1. অথেলো
  2. পুতলা ঘৰ (১৯৫৯)
  3. ক্লিওপেট্ৰা (নাট্যকাৰ)

নাটক[সম্পাদনা কৰক]

  1. সিঁচা পুখুৰীৰ মাছ (ৰতন মাউট)
  2. শংকৰদেৱ
  3. আজিৰ দ্ৰৌপদী(ৰূপকাৰ)

অনাতাঁৰ বিৱৰণ (ইতিপূৰ্বে প্ৰচাৰিত)[সম্পাদনা কৰক]

  1. সিঁচা পুখুৰীৰ মাছ
  2. আমাৰ আশাৰ আছে ইতিহাস
  3. অৰণ্যত গণতন্ত্ৰ
  4. দৈয়াঙৰ ৰচৈ
  5. পৰজনমৰ শুভ লগনত
  6. প্ৰিয় ফুল শেৱালি
  7. বালিঘৰ
  8. মেঘবোৰ আকাশ নহয়
  9. মডেল

অন্যান্য[সম্পাদনা কৰক]

  1. মানুহ আৰু যন্ত্ৰ
  2. মহাকাশ অভিযান
  3. বিশ্বৰ সেৱাত চিকিৎসক বৃন্দ
  4. দুখন নৈ, এটা সপ্তাহ
  5. কেনেডীঃ তেওঁৰ স্মৰণীয় ভাষণাৱলী
  6. জ্ঞানৰ সঞ্চয়
  7. জগতখনক জানিম আমি
  8. আমাৰ পৃথিৱী আৰু আমি
  9. সুৰীয়া মাতৰ গুৰি কথা
  10. কাপুৰুষ মহাপুৰুষ
  11. গৰ্বৰো আছে ইতিহাস

শিশুৰ কিতাপ[সম্পাদনা কৰক]

  1. আমাৰ পৃথিৱী আৰু আমি (১৯৭৪)
  2. বৰণীয়সকলৰ বাল্যকাল (১৯৯৬)
  3. চিকিৎসাবিজ্ঞানৰ আধুনিক আৱিষ্কাৰৰ কাহিনী(১৯৮২)

অপ্ৰকাশিত[সম্পাদনা কৰক]

  1. অসমীয়া বানানৰ হাতপুথি

মৃত্যু[সম্পাদনা কৰক]

২০০৮ বৰ্ষৰ ১১ মাৰ্চত পদ্ম বৰকটকীয়ে মৃত্যুবৰণ কৰে।[5] মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৩ বছৰ।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "পদ্ম বৰকটকী". শব্দ.অৰ্গ. 19 March 2008. http://www.xobdo.org/dic/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE%20%E0%A6%AC%E0%A7%B0%E0%A6%95%E0%A6%9F%E0%A6%95%E0%A7%80। আহৰণ কৰা হৈছে: 26 September 2020. 
  2. 2.0 2.1 2.2 মৰুৰ বুকুত মেঘৰ সপোন. এখন্তেক. জুলাই, ২০০৮. 
  3. "Awards". Government of Assam, Depertment of Cultural Affairs. https://culturalaffairs.assam.gov.in/information-services/awards-0। আহৰণ কৰা হৈছে: 29 July 2019. 
  4. pbaruah (2 December 2007). "Syukapha Award to Padma Borkotoky". Assam Times. https://www.assamtimes.org/node/676। আহৰণ কৰা হৈছে: 29 July 2019. 
  5. "Novelist, journalist Padma Barkotoky passes away". Outlook. 11 March 2008. https://www.outlookindia.com/newswire/story/novelist-journalist-padma-barkotoky-passes-away/552661। আহৰণ কৰা হৈছে: 29 July 2019. 
  6. "Padma Barkataki dies at 82". The Telegraph Online. 11.03.08, 12:00 AM. https://www.telegraphindia.com/north-east/padma-barkataki-dies-at-82/cid/607439। আহৰণ কৰা হৈছে: 27 September 2020.