চুকাফা বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চুকাফা বঁটা অসম চৰকাৰে প্ৰদান কৰা এক বঁ‌টা। সমাজৰ বিভিন্ন দিশলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা ব্যক্তিক এই বঁ‌টা প্ৰদান কৰা হয়। ২০০৫ চনৰ পৰা এই বঁ‌টাৰ প্ৰচলন হয়। এই বঁটাত আছে দুই লাখ টকা, শৰাই, এৰী চাদৰ আৰু এখন প্ৰশস্তি পত্ৰ। এই বঁটা লাভ কৰা ব্যক্তিসকল হ’ল: নটৱৰ ঠক্কৰ (২০০৫), ৰতন থিয়াম (২০০৬), পদ্ম বৰকটকী (২০০৭), ড° যোগেন্দ্ৰ নাথ ফুকন (২০০৮), ৰংবং তেৰাং (২০০৯), ড° পুষ্প গগৈ (২০১০), টাবুৰাম টাইড (২০১১), খগেন্দ্ৰনাথ শইকীয়া (২০১৪), বিমল বৰপাত্ৰগোহাঁই (২০১৭)।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]