বিজয় শংকৰ বৰ্মন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিজয় শংকৰ বৰ্মন
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা লোক-সংস্কৃতি বিষয়ত ২০১৮ চনত ডক্টৰেট ডিগ্ৰী গ্ৰহণ।
বিষয় কবিতা, অনুবাদ
সহযোগী পায়েল হাজৰিকা
সন্তান নৈৰ্ঋত নিৰ্যাস

বিজয় শংকৰ বৰ্মন (১৯৮০-) অসমৰ এগৰাকী কবি আৰু অনুবাদক। তেখেতে ২০০৭ চনত 'দেও' গ্ৰন্থৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰে আৰু ২০১৩ চনত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে।[1] ২০১২ চনত Indian Expressৰ দ্বাৰা স্বীকৃত দেশৰ ১০ গৰাকী শ্ৰেষ্ঠ ভাৰতীয় যুৱ লেখকৰ অন্যতম।[2] তেখেতৰ কবিতা ইংৰাজী ভাষাৰ উপৰিও ইটালীয়ান, ফৰাছী, স্পেনিছ, ইষ্টনিয়ান, মেক্সিকান স্পেনিছ আদি ভাষালৈ অনূদিত হৈছে।[3]

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

তেখেতৰ জন্ম হয় ১৯৮০ চনত নলবাৰী জিলাৰ ৰূপীয়াবাথানত। তেখেতৰ পিতৃৰ নাম হোমেশ্বৰ বৰ্মন আৰু মাতৃৰ নাম ৰীনা বৰ্মন। ৪২৩ নং জাতিৰাম মিলন চামতা প্ৰাথমিক বিদ্যালয়ৰপৰা প্ৰাথমিক শিক্ষা, কুলবিল উত্তম সুন্দৰী মজলীয়া বিদ্যালয়ৰপৰা মজলীয়া শিক্ষা, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা ১৯৯৬ চনত হাইস্কুল শিক্ষান্ত আৰু কটন কলেজৰপৰা ১৯৯৮ চনত উচ্চতৰ মাধ্যমিক আৰু ২০০২ চনত ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰে। ২০১০ চনত পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰপৰা সমাজশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী আৰু ২০১২ চনত ইংৰাজী সাহিত্যত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। বৰ্মনে ২০১৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। [4]

সাহিত্যৰাজি[সম্পাদনা কৰক]

কাব্যগ্ৰন্থ[সম্পাদনা কৰক]

  • দেও, ২০০৬
  • অশোকাষ্টমী, ২০১১
  • বৰ্ণমুক্তি, ২০১৫
  • মই মাটিৰ নাভিত কাণ থৈ শুনিছোঁ, ২০২০
  • আমাৰ প্ৰেমত দেখোন কবিতা নাই, আই গোসাঁনী, ২০২১

বিদেশৰ পৰা প্ৰকাশিত কবিতাপুথি[সম্পাদনা কৰক]

  • Pisarateoja, Ketetong, ২০১৬ (অনুবাদ- মথুৰা মাৰ্গাছ লাত্তিক; ইষ্টনিয়ান ভাষাত)

অন্য ভাৰতীয় ভাষাত প্ৰকাশিত কবিতাপুথি[সম্পাদনা কৰক]

  • আমাৰ আঙুলগুলিৰ অঙ্কুৰোদ্গম, ২০১৯ (অনুবাদ-সঞ্জয় চক্ৰবৰ্তী; বঙালী)

অনুবাদ কবিতাপুথি[সম্পাদনা কৰক]

  • কুৰুনদোহেইৰ কবিতা,২০১৪ (মূল-তামিল)

কাব্য উপন্যাস[সম্পাদনা কৰক]

  • মাৰ্ঘেৰিটা মোৰ বিষাদ বৈভৱ, ২০১০

শিশুগ্ৰন্থ[সম্পাদনা কৰক]

  • আমি কিমান দুষ্ট আছিলোঁ, ২০১০

(পায়েল হাজৰিকাৰ লগত যুটীয়াভাৱে)

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

  • কাব্যচৰ্চা, ২০১২

অন্যান্য বিষয়ক গ্ৰন্থ[সম্পাদনা কৰক]

  • নিজান নিসৰ্গৰ কবি, ২০০৫
  • ৰূপীয়াবাথানৰ কবি প্ৰান্তিকৰ কবিতা, ২০০৮

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • মুনীন বৰকটকী বঁটা, ২০০৭
  • সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ, ২০১৩
  • Indian Expressৰ দ্বাৰা স্বীকৃত দেশৰ ১০ গৰাকী ভাৰতীয় শ্ৰেষ্ঠ যুৱ লেখকৰ অন্যতম।
  • শব্দ যুৱ সাহিত্য বঁটা, ২০১৮
  • DoRa স্কলাৰশ্বিপ, ২০১৫

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Das, Gaurav (23 September 2016). "Assamese poet first to find Estonian audience". The Times of India. https://timesofindia.indiatimes.com/city/guwahati/Assamese-poet-first-to-find-Estonian-audience/articleshow/54473915.cms। আহৰণ কৰা হৈছে: 19 July 2018. 
  2. [1]
  3. [2]
  4. তৰুণ প্ৰজন্মৰ কবিতাঃ বিজয় শংকৰ বৰ্মন/অভিব্যঞ্জনাঃ আধুনিক অসমীয়া কবিতাৰ তিনিটা পৰ্ব/জয়ন্ত ডেকা/পেপিৰাছঃ ২০১৭/পৃ. ২১৪-২২০