সমললৈ যাওক

দিগন্ত ওজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জন্ম ১৯৭২
অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি প্ৰথম মহাসমৰ, অসম আন্দোলনৰ তথ্যকোষ (সম্পা.)
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’, ২০২২

দিগন্ত ওজা (ইংৰাজী: Diganta Oza) হৈছে এগৰাকী অসমীয়া সাংবাদিক, সম্পাদক, সাহিত্যিক। ‘অসমীয়া সমাজ জীৱনৰ বিৱৰ্তন’, ‘প্ৰথম মহাসমৰ’ আদি তেখেতৰ দ্বাৰা লিখা দুখন অন্যতম প্ৰাসংগিক গ্ৰন্থ৷ তেখেত ‘অসম শিশু সাহিত্য কোষ’ৰ ৪১ টা খণ্ডৰ সহযোগী সম্পাদক আছিল আৰু তেখেতৰ নেতৃত্বতেই ‘অসম আন্দোলনৰ তথ্যকোষ’৬টা খণ্ডত প্ৰকাশ হৈছে৷[1] তেখেতে প্ৰাগ নিউজৰ মুখ্য কাৰ্যবাহী সম্পাদক হিচাপে ২০২২ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেত ২০২২ চনত ‘ডাঙৰ মানুহৰ সাধু’ শীৰ্ষক গ্ৰন্থৰ বাবে ২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’ লাভ কৰিছে৷[2] তেখেত ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ‘সমীক্ষণ’ আলোচনীৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত হৈ থকাৰ লগতে 'অসম লাইভ 24' নামৰ ছেটেলাইট চেনেলৰ কনছাল্টিং এডিটৰ ৰূপে কৰ্মৰত৷

জন্ম আৰু বংশ পৰিচয়

[সম্পাদনা কৰক]

অসমৰ বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলিত ১৯৭২ চনত জন্ম৷ পিতৃৰ নাম ৰমেন ওজা, মাতৃৰ নাম ৰেণু ওজা৷

চাৰিআলি একাডেমিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু বিশ্বনাথ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক সম্পূৰ্ণ কৰি ওজাই উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ আহে৷ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ হয় আৰু পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷

কৰ্মজীৱন

[সম্পাদনা কৰক]

ছাত্ৰ অৱস্থাতেই ওজাই ১৯৯৩ চনত অসমীয়া দৈনিক কাকত ‘আজিৰ সংবাদ’ৰ (অধুনালুপ্ত ) নিবন্ধ সম্পাদকৰূপে কৰ্মজীৱনৰ পাতনি মেলে৷ পৰৱৰ্তীকালত ‘আমাৰ অসম’ৰ উপ-বাৰ্তা সম্পাদক (১৯৯৭-২০০২) আৰু ‘জনসাধাৰণ’ৰ সহযোগী সম্পাদক (২০০৩-২০০৬)ৰ দায়িত্ব পালন কৰি ‘অসমীয়া প্ৰতিদিন’ত সহকাৰী সম্পাদকৰূপে ২০০৭ৰ জানুৱাৰীত যোগ দিয়ে৷ এমাহৰ পাছতে সেই কাকতগোষ্ঠীৰ পৰা প্ৰকাশিত সাহিত্য আলোচনী ‘সাতসৰী’ৰ কাৰ্যবাহী সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে৷ ২০১৫ৰ মে’ মাহলৈ সেই পদতে থাকি আলোচনীখনক নতুন চিন্তাৰ বাৰ্তাবাহক কৰাত ভূমিকা লয়৷ ২০১৫ৰ জুন মাহত তেওঁ টেলিভিছন চেনেল প্ৰাগ নিউজত যোগ দিয়ে৷ তেওঁ প্ৰাগ নিউজৰ মুখ্য কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ দিগন্ত ওজা ১৯৯৬ চনত প্ৰকাশিত অসমীয়া ভাষাৰ প্ৰথমখন সম্পূৰ্ণ কিতাপ বিষয়ক আলোচনী ‘গ্ৰন্থ’ৰো আছিল সম্পাদক আৰু প্ৰকাশক৷ তেওঁ কিছু দিনৰ বাবে ‘বাৰ্তা এন.ই’ৰ মুখ্য সম্পাদক আছিল। বৰ্তমান তেওঁ 'সমীক্ষণ' মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদকৰ লগতে 'অসম লাইভ 24' নামৰ ছেটেলাইট চেনেলৰ কনছাল্টিং এডিটৰ৷

সাহিত্যৰাজি

[সম্পাদনা কৰক]

চিন্তামূলক গদ্য

[সম্পাদনা কৰক]
  • অসমীয়া সমাজ জীৱনৰ বিৱৰ্তন, ভবানী বুকছ ২০১১, (অসমৰ সমাজ ইতিহাস সম্পৰ্কীয় monographic গ্ৰন্থ)
  • প্ৰথম মহাসমৰ, জ্যোতি প্ৰকাশন, ২০১৪[3]
  • সন্ধিক্ষণত মানুহ, গ্ৰন্থ, ২০০৬
  • জীৱনৰ গদ্য, আঁক-বাক, ২০০৭
  • সাঁচিপাতৰ পৰা লেপটপলৈ, পাঞ্চজন্য, ২০১১[4]
  • সাহিত্যৰ দৃষ্টি আৰু সৃষ্টি, অসম পাবলিচিং কোম্পানী, ২০১৪
  • 'প্ৰাচীন সভ্যতা', ২০২৪, অসম প্ৰকাশন পৰিষদ

উপন্যাস

[সম্পাদনা কৰক]
  • জেহাদী, গ্ৰন্থ, ২০০১; ভবানী বুকছ, ২০১০

শিশু সাহিত্য

[সম্পাদনা কৰক]
  • ডাঙৰ মানুহৰ সাধু, বান্ধৱ, ২০২০

ক্ৰীড়া

[সম্পাদনা কৰক]
  • বাইশ গজৰ যুঁজাৰু, অসম পাবলিচিং কোম্পানী, ২০২৪[5]
  • 'পৃথিৱী ৰক্ষাৰ ৰণুৱা', ২০২৪, বনলতা-ডিব্ৰুগড়

বিজ্ঞান

[সম্পাদনা কৰক]
  • 'আমাৰ বেলিটো', ২০২৩, অসম প্ৰকাশন পৰিষদ
  • 'আমাৰ জোনবাই', ২০২৩, অসম প্ৰকাশন পৰিষদ
  • 'আমাৰ পৃথিৱী', ২০২৩, অসম প্ৰকাশন পৰিষদ
  • 'আমাৰ সৌৰজগত', ২০২৩, অসম প্ৰকাশন পৰিষদ
  • 'বিশ্বব্ৰহ্মাণ্ড কিমান বিশাল, ২০২৩, অসম প্ৰকাশন পৰিষদ
  • 'ইমান যে উদ্ভিদ', ২০২৪, অসম প্ৰকাশন পৰিষদ[6]
  • 'ইমান যে প্ৰাণী', ২০২৪, অসম প্ৰকাশন পৰিষদ[7]

সম্পাদনা

[সম্পাদনা কৰক]
  • অসমীয়া সাহিত্যৰ e-সঁফুৰা, খণ্ড-১ (অতিথি সম্পাদক, সাহিত্য ডট অৰ্গৰ নিৰ্বাচিত লেখাৰ ছপাৰূপ), ভাষা সাহিত্য সন্মিলনী, অসম, ২০১২
  • অসম আন্দোলনৰ তথ্যকোষ, অসম চুক্তি ৰূপায়ণ বিভাগ, ২০২০
  • অসম শিশু সাহিত্য কোষ, সহযোগী সম্পাদক, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত ৪১টা খণ্ডৰ শিশু সাহিত্য সম্পৰ্কীয় কোষ।
  • হৰেন্দ্ৰনাথ বৰুৱাৰ সম্পাদকীয় আৰু অন্যান্য, ২০২৪, হৰেন্দ্ৰনাথ বৰুৱা স্মৃতি ন্যাস, গুৱাহাটী

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ২০০৯ বৰ্ষত ‘সন্ধিক্ষণত মানুহ’ শীৰ্ষক গ্ৰন্থৰ বাবে ‘মুনীন বৰকটকী’ বঁটা৷[8]
  • অনন্তৰাম দাস স্মৃতি বঁটা, ২০২০৷ [9]
  • সাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’, ২০২২

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. https://northeastreview.wordpress.com/2013/03/01/diganta-oza/
  2. "আমাৰ অসম". https://www.aamarasom.com/detail-news/4801/প্ৰদ্যুম্ন-গগৈ,-দিগন্ত-ওজালৈ-অকাদেমিৰ-যুৱ-আৰু-শিশু-সাহিত্য-বঁটা। আহৰণ কৰা হৈছে: 27 August 2022. [সংযোগবিহীন উৎস]
  3. https://www.amazon.in/Books-Diganta-Oza/s?rh=n%3A976389031%2Cp_27%3ADiganta+Oza
  4. https://www.amazon.in/Sanchipator-Pora-Laptopolai-Diganta-Oza/dp/8192177823/ref=sr_1_2?dchild=1&qid=1631772659&refinements=p_27%3ADiganta+Oza&s=books&sr=1-2
  5. "অসমীয়া ক্ৰীড়া সাহিত্যৰ মাইলৰ খুঁটি ‘বাইশ গজৰ যুঁজাৰু’ উন্মোচন". https://assam.news18.com/news/assam/book-of-diganta-ojha-released-in-guwahati-skd-344397.html। আহৰণ কৰা হৈছে: 26 January 2026. 
  6. "অসম প্ৰকাশন পৰিষদৰ ৱেবচাইট". https://publicationboardassam.com/product/eman-je-udbhid/। আহৰণ কৰা হৈছে: 26 January 2026. 
  7. "অসম প্ৰকাশন পৰিষদৰ ৱেবচাইট". https://publicationboardassam.com/product/eman-je-prani/। আহৰণ কৰা হৈছে: 26 January 2026. 
  8. http://www.muninbarkotoki.org/english/trust/awrdlist.html
  9. ধ্ৰুৱজ্যোতি বৰা (জানুৱাৰী). গৰীয়সী. ঊনিত্ৰংশ বছৰ. pp. ২৮.