অসম শিশু সাহিত্য কোষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম শিশু সাহিত্য কোষ  
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ কোষ
মিডিয়া প্ৰকাৰ মুদ্ৰণ

অসম শিশু সাহিত্য কোষ হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত ৪১টা খণ্ডৰ শিশু সাহিত্য সম্পৰ্কীয় কোষ। মুখ্য সম্পাদক হিতেশ ডেকা আৰু সহকাৰী সম্পাদক দিগন্ত ওজা। সমগ্ৰ শিশু সাহিত্যৰ কোষৰ প্ৰকল্প তত্ত্বাবধায়ক প্ৰণৱ শইকীয়া আৰু প্ৰকল্প কাৰ্যবাহী জ্যোতি খাটনিয়াৰ। মুঠ ৪১টা খণ্ডৰ এই শিশু সাহিত্যৰ সংকলনসমূহৰ মূল্য হৈছে ৪১.০০০ টকা।[1]

গ্ৰন্থ বিৱৰণ[সম্পাদনা কৰক]

৪১টা খণ্ডৰ এই শিশু সাহিত্য কোষখনত শিশু উপযোগী গ্ৰন্থসমূহৰ বিৱৰণ আছে। ২০১৭ চনত এই প্ৰকল্পৰ আৰম্ভ হয় আৰু ২০২০ চনত ইয়াৰ প্ৰথম প্ৰকাশ হয়। প্ৰস্তাৱনা খণ্ডটোত বিশ্ব শিশু সাহিত্য, ভাৰতীয় শিশু সাহিত্য অসমীয়া শিশু সাহিত্য সম্পৰ্কে প্ৰায় ২৮জন লেখকৰ সৰ্বমুঠ ২৮টা প্ৰবন্ধ সংকলিত হৈছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. হিতেশ ডেকা, সহযোগী- দিগন্ত ওজা (২০২০). "আগকথা". অসম শিশু সাহিত্য কোষ. প্ৰকাশক গুৱাহাটী: কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়. পৃষ্ঠা. ৩.