ৰঘুনাথ চৌধাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ৰঘুনাথ চৌধাৰী
জন্ম ১৮৭৯
লাউপাৰা গাঁও, কামৰূপ, অসম
মৃত্যু ১৮ নৱেম্বৰ, ১৯৬৭ চন
পেচা কবি
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সাহিত্যিক বিপ্লৱ ভাৰতীয় স্বাধীনতা আন্দোলন
উল্লেখনীয় কৰ্মৰাজী কেতেকী, দহিকতৰা,সাদৰী,নৱমল্লিকা (কথা কবিতা)

ৰঘুনাথ চৌধাৰী (ইংৰাজী: Raghunath Choudhary) অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ এগৰাকী বিশিষ্ট কবি আছিল৷ মূলতঃ প্ৰকৃতিক কেন্দ্ৰ কৰিয়েই অসংখ্য কবিতা ৰচনা কৰা বাবে তেখেত বিহগী কবি নামেৰে জনাজাত হয়৷

চমু জীৱনী[সম্পাদনা কৰক]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

ৰঘুনাথ চৌধাৰীৰ জন্ম বিখ্যাত কলিতা চৌধাৰী বংশত ১৮৭৯ চনত কামৰূপ জিলাৰ লাউপাৰা গাঁৱত হৈছিল[1]। বৰ্তমান লাউপাৰা গাঁও ব্ৰহ্মপুত্ৰত জাহ গৈছে। তেখেতৰ দেউতাকৰ নাম আছিল ভোলানাথ চৌধাৰী আৰু মাকৰ নাম আছিল দয়ালতা চৌধাৰী। তেখেতৰ মোমায়েকৰ ঘৰ আছিল কমাৰকুছিত। ৰঘুনাথৰ জন্মৰ সময়ত কুল পুৰোহিত বিজয় চক্ৰৱৰ্তীয়ে কৈছিল যে তেখেত বংশৰ ৰঘুনাথ হ’ব। কিন্তু গণনা মতে তেখেতৰ নাম ‘সোমনাথ’ থোৱা হৈছিল যদিও প্ৰথেম উচ্চাৰণ কৰি থোৱা নাম ‘ৰঘুনাথ’ নামেৰে পৰিচিত হ’ল। তেখেতৰ গুপ্ত নাম ৰখা হৈছিল ‘ঘননাথ’[2]

শৈশৱ[সম্পাদনা কৰক]

ন মহীয়া অৱস্থাতে ৰঘুনাথ চৌধাৰী কাঠীৰ পৰা বাগৰি শিলত চেপা খাই সোঁ ভৰিখন অকামিলা হয় আৰু বাওঁ ভৰিখনো নিশকতীয়া হৈ পৰে। চাৰি বছৰ বয়সত তেখেতে জহনী ৰোগত মাকক হেৰুৱায়। তাৰ এসপ্তাহ পিছত ককায়েক আৰু বায়েকক হেৰুৱায়। ভাৰ্যা আৰু পুত্ৰ কন্যাৰ এনে অকাল বিয়োগত তেখেতৰ পিতৃয়ে মস্তিষ্কৰ ভাৰসাম্য হেৰুৱাই বলিয়া হয়। এনে অৱস্থাত পৰিয়ালটোক ওচৰ-চুবুৰিয়াই সহায়-অনুভূতি দেখুৱাৰ দূৰৈৰ কথা, সেই সুযোগতে ভোলানাথৰ সা-সম্পতিখিনিও বংশৰ লোকে আত্মসাতহে কৰে। এনেদৰে শৈশৱতে পিতৃ-মাতৃ, ঘৰ-বাৰী সকলো হেৰুৱাই ৰঘুনাথ বৰ অসহায়ত পৰে। কিন্তু গাঁৱৰ জয়পাল দাস নামৰ এজন লোকৰ তেখেতে আশ্ৰয় লাভ কৰে। জয়পাল দাসৰ গাভৰু জীয়েক সোণামায়ে শিশু ৰঘুনাথক চোৱা-চিতা কৰে। ইয়াৰ প্ৰায় এবছৰৰ পাছত, জেঠাক বালকৰাম চৌধুৰীৰ পুত্ৰ গৰ্গৰাম চৌধুৰীয়ে ৰঘুনাথক গুৱাহাটীলৈ লৈ যায়। নিঃসন্তান গৰ্গৰাম চৌধুৰীয়ে ৰঘুনাথক হৃদয়ত স্থান দিয়ে। গৰ্গৰামে গুৱাহাটিৰ উজান বজাৰত বাস কৰিছিল। তেওঁ গুৱাহাটীৰ কাছাৰীত নাজিৰৰ কাম কৰিছিল। তেওঁ আছিল হাজোৰ ওচৰৰ ক্ষেত্ৰী হাৰদিয়াৰ লোক। এইখন ঘৰেই ৰঘুনাথ চৌধুৰীৰ ঘৰ হয়[2]

শিক্ষা[সম্পাদনা কৰক]

ছয় বছৰ বয়সত ৰঘুনাথ চৌধুৰীয়ে গাঁৱৰ কাশীনাথ নামৰ এজন শিক্ষকৰ ওচৰত বিদ্যা আৰম্ভ কেৰ। কমাৰকুছিত থাকিও তেখেতে কিছু দিন উচ্চ প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল। পিছত গৰ্গৰাম চৌধুৰীয়ে তেখেতক গুৱাহাটীৰ বঙলা প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰাই দিয়ে। সেই সময়ত অসমত বাংলা ভাষাহে শিক্ষাৰ মাধ্যম আছিল। ইয়াৰ পাছত তেখেত চৰকাৰী এম ভি স্কুলত ভৰ্তি হয়। ১৮৯৬ চনত তেখেত ছাত্ৰবৃত্তি পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত তেখেত গুৱাহাটী কলেজিয়েট স্কুলত নাম লগায়। তেখেতৰ হাইস্কুলীয়া জীৱনৰ কেইজনমান সহপাঠীৰ ভিতৰত হ’ল কামাখ্যাৰাম বৰুৱা, বিষয়চন্দ্ৰ বিশ্বাসী, হেমন্ত লাহড়ী আদি। হাইস্কুলৰ সপ্তমমান শ্ৰেণীত শিক্ষকৰ দোষত অংক বিষয়ত পাবলগা নম্বৰ নোপোৱাৰ কাৰণে তেখেতে শিক্ষা জীৱনেই সামৰণী মাৰে। অৱশ্যে ককায়েক গৰ্গৰামে বুজাই-বৰাই পুনৰ স্কুললৈ পঠিয়াবলৈ চেষ্টা কৰিছিল, কিন্তু খঙতে তেখেত তেজপুৰলৈ পলায় যায়। পিছত গৰ্গৰামে তেখেতক বিচাৰি গুৱাহাটীলৈ ঘূৰাই আনে[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

স্কুলীয়া জীৱন ইতি পৰাৰ পাছত গৰ্গৰাম চৌধুৰীয়ে ৰঘুনাথক কাৰ্যালয়ৰ কাম-কাজ শিকোৱাৰ কাৰণে কাছাৰীলৈ লৈ যায়। কিন্তু এই কামত তেখেতে মন বহুৱাব নোৱাৰিলে আৰু উজান বজাৰত থকা এখন বালিকা বিদ্যালয়ত মাহে ১৫ টকা দৰমহাত তেখেতৰ শিক্ষকাতে জীৱন আৰম্ভ কৰে। সেই সময়ত তেখেতৰ পিতৃৰ মৃত্যু ঘটে (১৮৯৯ চন)। পাছত এই স্কুলখন উঠি যোৱাত তেখেতৰ চাকৰি নোহোৱা হয়। তেখেতৰ মন সংস্কৃত শিক্ষাৰ ফালে ঢাল খায়। গুৱাহাটীৰ শুক্ৰেশ্বৰ ঘাটত থকা এখন সংস্কৃত টোলত মহামহোপাধ্যায় ধীৰেশ্বৰ ভট্টাচাৰ্য আৰু বাল্মুকুন্দ ঝাৰ অধীনত সংস্কৃত ব্যাকৰণ আৰু কাব্য অধ্যয়ন কৰে[2]

১৯০১ চনত তেখেত পুনৰ শিক্ষকতাৰ জীৱনলৈ ঘূৰি যায়। তেখেত উজান বজাৰৰ লতাশিল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ৰূপে নিযুক্ত হয়। কিন্তু ১৯০৩ চনত গৰ্গৰাম চৌধুৰীৰ মৃত্যু হোৱাত সেই ঘৰখনৰ দায়িত্ব ৰঘুনাথ চৌধাৰীৰ ওপৰতে পৰে। ঘৰখনত তেতিয়া বিধবা বৌৱেক স্বৰ্ণময়ী আৰু চাৰি বছৰীয়া ভতিজাক উমেশ চন্দ্ৰ চৌধাৰী (গীতিকবি ৰূপে খ্যাত)। সেই সময়ত গৰ্গৰাম চৌধাৰীৰ গুৱাহাটী আৰু ইয়াৰ ওচৰে-পাজৰে কেইবা শ পুৰা মাটি সম্পতি আছিল। এই মাটি সম্পতিবোৰ চম্ভালাৰ কাৰণে তেখেতে শিক্ষকতাৰ চাকৰী বাদ দিয়ে আৰু ১৯০৫ চনৰ পৰা ১৯০৭ চনলৈ গুৱাহাটীৰ বীৰকুছিৰ মাটিত খেতি-বাতিত লাগি থাকে[2]

ৰঘুনাথ চৌধাৰী অবিবাহিত আছিল।

মৃত্যু[সম্পাদনা কৰক]

ৰঘুনাথ চৌধাৰীৰ ১৯৬৭ চনত ১৮ নৱেম্বৰত পৰলোক প্ৰাপ্তি হয়[2]


সাহিত্যিক কৰ্মাৱলী[সম্পাদনা কৰক]

ৰঘুনাথ চৌধাৰীৰ বীৰকুছিতেই কাব্য জীৱন আৰম্ভ হয়। এই সময়ছোৱাত তেখেত এক নিৰিবিলি জীৱন যাপন কৰি চৰাই-চিৰিকটি, গছ-গছনি, নৈ-নিজৰা আদি মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হয় আৰু ঠন পাই উঠে তেখেতৰ হাতত বহু মনোৰম কবিতা[2]। ৰঘুনাথ চৌধাৰীৰ প্ৰথম কবিতা পুথি ‘সাদৰী’ ১৯১০[3] চনত প্ৰকাশ পায়। ১৯১৮ চনত তেখেতৰ দ্বিতীয় কবিতা পুথি ‘কেতেকী’ প্ৰকাশ পায়। ১৯২৩ চনত কবিতা পুথি ‘কাৰবালা’ আৰু ১৯৩১ চনত ‘দহিকতৰা’ প্ৰকাশ পায়। গদ্য পুথি ‘নৱমল্লিকা’ ১৯৫৮ চনত প্ৰকাশ পায়। ‘নৱমল্লিকা’ক কথা কবিতা বুলি কোৱা হয়। তেখেতে ‘কৰণি’ নামে এখন অপ্ৰকাশিত গল্প পুথি ৰচনা কৰিছিল। তেখেতৰ সৰহভাগ ৰচনা ‘জোনাকী’, ‘আলোচনী’, ‘বাঁহী’ আদিত প্ৰকাশ হৈছিল। সত্যনাথ বৰা সম্পাদিত দ্বিতীয় খণ্ড ‘জোনাকী’ত তেখেত সহকাৰী সম্পাদক আছিল। ১৯২৩ চনত তেখেতে শিশু আলোচনী ‘মইনা’[4], ১৯৩৭ চনত ‘জয়ন্তী’ আৰু ১৯৮০ চনত ‘সুৰভি’ সম্পাদনা কৰে[2][5]

স্বাধীনতা আন্দোলনত যোগদান[সম্পাদনা কৰক]

ৰঘুনাথ চৌধাৰী ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী মুক্তিযোদ্ধা আছিল। ১৯২০ চনত তেখেতে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কেৰ। ১৯২১ চনত মহাত্মা গান্ধীঅসহযোগ আন্দোলনত জপিয়াই পৰে। আন্দোলনত গুৱাহাটীৰ কৰ্মীসকলে বেলতলা অঞ্চলত খাজনা বন্ধৰ কাৰ্যসূচী পালন কৰিছিল। চৰকাৰে তেখেতক সেই বাবে ১৫ মাহ কাৰাদণ্ড বিহে।

১৯২২ চনত জেলৰ পৰা মুক্তি লাভ কৰি বোন্দাৰ খাটত খেতি-বাতিৰ মাজত সোমাই পৰে। এই কালছোৱাত তেখেত বিভিন্ন সামাজিক, সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ পৰে। গুৱাহাটীৰ প্ৰগতি সংঘ আৰু সবিতা সভাৰো তেখেত অন্যতম প্ৰতিষ্ঠাপক আছিল।

সন্মান / পদবী[সম্পাদনা কৰক]

কামৰূপ সঞ্জীৱনী সভাই তেখেতক ‘কবিৰত্ন’ উপাধিৰে বিভূষিত কৰে আৰু ন্যায়াধীশ হলিৰাম ডেকাই ‘বিহগী কবি’ আখ্যা দিয়ে। ১৯৩৬ চনত এপ্ৰিলত তেজপুৰত হোৱা অসম সাহিত্য সভাৰ ষষ্ঠদশ অধিবেশনৰ ৰঘুনাথ চৌধাৰী সভাপতি আছিল[6]। ১৯৪৮ চনত তেখেত শান্তি পৰিষদ অসম শাখাৰ সভাপতিৰূপে নিৰ্বাচিত হয়। তেখেতে কলিকতাত অনুষ্ঠিত "বিশ্ব শান্তি সন্মিলন"ত অংশগ্ৰহন কৰিছিল[7] আৰু ১৯৫২ চনত সৰ্বভাৰতীয় শান্তি পৰিষদৰ কলিকতাত অনুষ্ঠিত হোৱা অধিবেশনৰ কৃষ্টি শাখাৰ সভাপতি আছিল। ১৯৫৫ চনত তেখেত সৰ্বদলীয় সীমা নিৰ্ধাৰণ সমিতিৰ সভাপতি হয়। ১৯৬০ চনত ভাষা আন্দোলনৰ সময়তো তেখেতে অংশ গ্ৰহণ কৰি শ্বিলঙলৈ গৈ মন্ত্ৰীসকলক লগ ধৰি অসমীয়া ভাষাক ৰাজ্যিক ভাষাৰূপে ঘোষণা কৰিবলৈ দাবি উত্থাপন কৰিছিল[2]

চৌধাৰীদেৱক ভাৰত চৰকাৰে সাহিত্যিক পেঞ্চন আগবঢ়াইছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Raghunath Choudhary - Poets in Assamese literature language Assam". Onlinesivasagar.com. http://onlinesivasagar.com/literature/raghunath-choudhary.html। আহৰণ কৰা হৈছে: 2013-03-29. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, প্ৰকাশক - প্ৰতিমা দেৱী, লেখক - সত্যেন্দ্ৰনাথ শৰ্মা, ১৯৯৬, গুৱাহাটী, পৃষ্ঠা ৩০৪-৩০৫
  3. Nagendra (1988). Indian Literature. Prabhat Prakashan. পৃষ্ঠা. 422–. http://books.google.com/books?id=dqGojPpe8DIC&pg=PA422। আহৰণ কৰা হৈছে: 29 March 2013. 
  4. Candra Bhūshaṇa (1 January 2005). Assam: Its Heritage and Culture. Gyan Publishing House. পৃষ্ঠা. 138–. ISBN 978-81-7835-352-4. http://books.google.com/books?id=p_n-naXpdhkC&pg=PA138। আহৰণ কৰা হৈছে: 29 March 2013. 
  5. Bipuljyoti Saikia (1967-11-05). "Bipuljyoti Saikia's Homepage : Authors & Poets - Raghunath Choudhury". Bipuljyoti.in. http://www.bipuljyoti.in/authors/raghunath.html। আহৰণ কৰা হৈছে: 2013-03-29. 
  6. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  7. Kamaleswar Sarma (2000). Raghu Nath Choudhury. Sahitya Akademi. পৃষ্ঠা. 60–. ISBN 978-81-260-1060-8. http://books.google.com/books?id=3bvHTZFfeaAC&pg=PA60। আহৰণ কৰা হৈছে: 29 March 2013.