বেলতলা
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
গুৱাহাটী মহানগৰীৰ প্ৰায় দক্ষিণ স্থিত বেলতলা মহানগৰীৰ আটাইতকৈ ঐতিহাসিকভাৱে পুৰণি অঞ্চল। ই মহানগৰীৰ আন্তগাথনিত উল্লেখযোগ্য অঞ্চল।
ইতিহাস
[সম্পাদনা কৰক]প্ৰাচীন কালৰে পৰা বেলতলা কামৰূপৰ এক ৰাজনৈতিকভাৱে সক্ৰিয় অঞ্চল। প্ৰাচীনকালত ই ঐতিহাসিক কামৰূপ সাম্ৰাজ্যৰ অন্তৰ্গত আৰু পিছলৈ কোচ-কমতা সাম্ৰাজ্যৰ অধীন হয়। পিছলৈ মোগল শাসনৰ সময়ত এক কৰতলীয়া ৰাজ্যলৈ পৰিৱৰ্তিত হয়। কোচ সাম্ৰাজ্যৰ পিছৰে পৰা বেলতলাই কৰতলীয়া আৰু সময়ে সময়ে স্বাধীন হৈ উঠিছিল। বেলতলাৰ আশে পাশে থকা গুৰুত্বপূৰ্ণ ৰাজ্য যেনে ৰাণী, লুকী, গোভা আদি একে মৰ্যাদাত পৰিছিল। এই ঠাইৰ পৰাই সময়ে সময়ে পাহাৰৰ খাচী, গাৰো আৰু জয়ন্তীয়া ৰাজ্যলৈ অভিযান চলিছিল। উল্লেখ্য যে, আজিৰ বেলতলা ঐতিহাসিক বেলতলাৰ এক ক্ষুদ্ৰ সংস্কৰণ। তেনে অভিযানবোৰৰ বৰ্ণনা দৰং ৰাজবংশাৱলীত পোৱা যায়।
যদিও বা এই অঞ্চল ৰাজনৈতিকভাৱে সক্ৰিয় তথা বিভিন্ন জাতিৰ বাসভূমি তথাপিও ইয়াত মৈত্ৰীভাৱ চালে চকুতলগা। তেনে এক নিদৰ্শন "বেলতলা হাট"। প্ৰাচীন কালৰে পৰা এই ঠাইত যিহেতু জনসমাগমৰ এক ধাৰা আছিল সেইবাবে বেহা-বেপাৰো গঢ লৈ উঠিছিল প্ৰথমে বিনিময় প্ৰথা আৰু পিছলৈ সিকা-ৰূপ-টকাৰ যোগেদি। বিভিন্ন জাতি-জনগোষ্ঠীৰ বাবে ই এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল। ইয়াৰ ভিতৰত মুখ্যত খাচী, গাৰো, তিৱা, ৰাভা, কোচ, কাৰ্বি আৰু বৰ্ণহিন্দু অসমীয়া। সমান্তৰাল এক ধাৰা বৰ্তমান মৰিগাঁৱৰ জোনবিলত দেখা যায়।
ব্ৰিটিছ ৰাজৰ লগে লগে ই এক কৰতলীয়া ৰাজ্য আৰু জমিদাৰীলৈ সলনি হয় আৰু পৰিধিও হ্ৰাস পায়। পিছলৈ স্বাধীন ভাৰতৰ সময়ত ই মৌজালৈ সলনি হয়। বৰ্তমান এই সমগ্ৰ এলেকা গুৱাহাটী পৌৰনিগমৰ অধীনত।
বেলতলা হাট
[সম্পাদনা কৰক]বেলতলাৰ প্ৰায় কেন্দ্ৰস্থলত থকা বেলতলা হাট সমগ্ৰ উত্তৰ-পূৱৰ ভিতৰত আটাইতকৈ পুৰণি হাট বা বজাৰ। ইয়াত বিভিন্ন দুষ্প্ৰাপ্য সা-সামগ্ৰী যেনে- বনশাক, পাহাৰীয়া উদ্ভিদ, কেকোৰা, শামুক, মাছ, বনৰীয়া ফল-মূল, অৰ্কিড আদি পোৱা যায়। হাটখনৰ এটা অংশক গাৰোকুছি বুলি জনা যায় যিখন বজাৰ কেৱল মাংসৰ বাবে বিখ্যাত। বৰ্তমান এইখন বজাৰত বহু দুৰৰ পৰা অহা ক্ৰেতা-বিক্ৰেতাৰ ভিৰ লাগে। হাজো, নলবাৰী, বকো, ছয়গাঁও আদিৰ পৰা পুৱা তিনি বজাতে বেপাৰী আহি পাইহি। এই বজাৰৰ আন এটি চকুত লগা কথা হ'ল ইয়াত জনজাতীয় মহিলাসকলৰ অংশগ্ৰহণ। তেখেতসকলে ইয়াত বিভিন্ন গ্ৰাম্য তথা পাহাৰীয়া সামগ্ৰী আনি বেচি উভতি যাওঁতে আন লাগতিয়াল সামগ্ৰী ক্ৰয় কৰি লৈ যায়। লগতে পাব পৰা বস্তুৰ তালিকাও ক্ৰমান্বয়ে বাঢি আহিছে। কিন্তু বেছিভাগ সামগ্ৰীয়ে জৈৱিক বুলি এক ধাৰণা আছে। গুৱাহাটীৰ এই অংশত প্ৰায়ে পৰ্যটক আহে। এই হাটখন প্ৰতি ৰবিবাৰ আৰু বৃহস্পতিবাৰে বহে। বৰ্তমান পৌৰ নিগমে সময়সূচী নিৰ্ধাৰণ কৰি দিছে মহানগৰীৰ যান-জট হ্ৰাস কৰিবলৈ।
বিখ্যাত ভৱনসমূহ
[সম্পাদনা কৰক]বেলতলা হাইস্কুল, ভৱেন্দ্ৰ আলয়, আৰোহণ, বি.এচ.এন.এল কাৰ্যালয়, শংকৰদেৱ নেত্ৰালয়, খটৰা সত্ৰ, এজাইল হস্পিতাল, ৰিলায়েঞ্চ মাৰ্কেট আদি।
অভিজাত পথসমূহ
[সম্পাদনা কৰক]অজন্তা পথ, ইলোৰা পথ, চন্দন নগৰ, লখিমী পথ আদি।