কথা কবিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কোনো আবেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ, ঘাইকৈ কাব্যভাবানুৰঞ্জিত গদ্যত লিখা নাতিদীর্ঘ ৰচনাক কথা-কবিতা আখ্যা দিয়া হয়৷ এনে ৰচনাৰ বাবে লেখকৰ মননশীলতা, অনুভূতিশীলতা আৰু ভাষাৰ ওপৰত দখল থকা প্ৰয়োজন৷ ড০ বাণীকান্ত কাকতিৰ মতে, 'কথা-কবিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ, ইয়াত ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন৷ ছন্দোময়ী কবিতাৰ প্ৰধান লক্ষ্য গীত বা শ্ৰাব্য বিষয়ক মূর্ত্ত কৰি তোলাটো৷ কথা-কবিতাৰ লক্ষ্য ৰূপ বা দৃশ্যবস্তুত সজীৱতা আৰোপ কৰা৷ কথা-কবিতাত এটি মাথো কেন্দ্ৰস্থ ভাৱ থাকে আৰু সেই ভাৱক ডাঙৰ-সৰু কেতবোৰ তলতীয়া চিত্ৰেৰে সজীৱ কৰি তোলা হয়৷ কিন্তু এইটো মনকৰিবলগীয়া কথা যে কথা-কবিতা আৰু কবিত্বময়ী কথা একে নহয়৷ কথা কবিতা এবিধ কবিতাই৷ কিন্তু কবিত্বময়ী কথা লিখাৰ ভংগী বা ভাষাৰ ৰীতি মাথোন৷' (যতীন্দ্ৰনাথ দুৱৰাৰ 'কথা-কবিতা'ৰ পাতনি‍)৷ বাণীকান্তই কথা-কবিতাৰ 'প্ৰাথমিক উদ্দেশ্য চিত্ৰ'বুলি কোৱা কথা সমর্থন কৰিও, এই কথা উল্লেখ কৰিব লাগিব যে চিত্ৰৰ ভাবানুষংগ আৰু তাৰ প্ৰগাঢ়তাও কথা-কবিতাত সমানেই গুৰুত্বপূর্ণ৷ যিকোনো সাহিত্যতে কথা-কবিতা সংখ্যাত অতি তাকৰীয়া৷ ৰুচ লেখক টুর্গেনিভৰ কথা-কবিতাৰ সংকলনে ইংৰাজী অনুবাদত ব্যাপক সমাদৰ লাভ কৰিছিল৷ আলেকজেণ্ডাৰ ছলঝ‍েনিৎছিনেও কথা-কবিতা লিখিছে৷ লেবাননৰ কবি খলিল জিব্ৰানৰ কথা-কবিতা কিছুমান ইংৰাজীলৈ অনূদিত হৈছে৷ সেইবোৰৰ ভাব আৰু অনুভূতিৰ প্ৰগাঢ়তা, ভাষাৰ স্নিগ্ধতা আৰু কোমলতাই পাঠকৰ অন্তৰ স্পর্শ কৰে৷ অসমীয়া সাহিত্যত যতীন্দ্ৰনাথ দুৱৰাৰ 'কথা-কবিতা' এই ভাষাৰ এক অমৰ কীর্তি আৰু যিকোনো মানদণ্ডৰেই এক বিশিষ্ট সাহিতি‍্যক সৃষ্টি৷ ফৰাচী কবি বডলেয়াৰৰ(Baudelair,১৯২১-৬৭) Petit poems on fore কথা কবিতাৰ আন এক সুন্দৰ নিদর্শন৷ [1]

  1. ড০ প্ৰফুল্ল কটকী সম্পাদিত সাহিত্য আৰু সংজ্ঞা গ্ৰন্থৰ পৰা উদ্ধৃত