সমললৈ যাওক

হৰিনাৰায়ণ দত্ত বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৰিনাৰায়ণ দত্ত বৰুৱা
জন্ম ১৮৮৫ চনত
অসম
মৃত্যু ১৯৫৮
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

হৰিনাৰায়ণ দত্ত বৰুৱা (ইংৰাজী: Hari Narayan Dutta Baruah) হৈছে এগৰাকী অসমীয়া লেখক৷ তেওঁ ভালেমান শিশু উপযোগী পুথি ৰচনা কৰিছিল আৰু সেইবোৰ স্কুলীয়া পুথিৰূপে বিবেচিত হৈছিল। তেওঁ ভালেমান কেইখন প্ৰাচীন অসমীয়া বৈষ্ণৱ সাহিত্যৰ গ্ৰন্থ প্ৰকাশ কৰি অসমীয়া বৈষ্ণৱ সাহিত্যৰ গৱেষণাৰ পথ সুগম কৰে।

জন্ম আৰু বংশ পৰিচয়

[সম্পাদনা কৰক]

১৮৮৫ চনত নলবাৰীৰ ওচৰৰ কালাকুছি গাঁৱত হৰিনাৰায়ণ দত্ত বৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম দেৱীৰাম আৰু মাতৃৰ নাম উমাপ্ৰিয়া। বিচিত্ৰনাৰায়ণ দত্তবৰুৱা তেওঁৰ জেষ্ঠ ভাতৃ।[1]

১৯০৪ চনত নলবাৰী মাইনৰ স্কুলৰপৰা শিক্ষা সাং কৰে। আৰ্থিক অনাটনৰ হেতু উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে।[1]

কৰ্ম জীৱন

[সম্পাদনা কৰক]
  • নগাঁও, গুৱাহাটী, উত্তৰ লক্ষীমপুৰ, কাকজান আদি অসমৰ বিভিন্ন ঠাইৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰে।
  • যোৰহাট নৰ্মাল স্কুলৰ চুপাৰিটেণ্ডেন্ট হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ লয়।
  • দত্ত বৰুৱা এণ্ড কোম্পানী নাম দি কিতাপৰ ব্যৱসায় কৰে।
  • গুৱাহাটীৰ বিখ্যাত শ্ৰীগুৰু প্ৰেছৰ প্ৰতিষ্ঠাতা।[1]

সাহিত্যৰাজি

[সম্পাদনা কৰক]
  • চিত্ৰদৰ্শন (উপন্যাস)* ভাৰত দৰ্শন (ভ্ৰমণ কাহিনী)
  • পুষ্পাৱলী (কবিতা সংকলন, উপাৰ্জন শইকীয়াৰ সৈতে যুটীয়াভাৱে)
  • প্ৰাচীন কামৰূপীয় কায়স্থ সমাজৰ ইতিবৃত্ত
  • শ্ৰীমদ্ভাগৱত
  • চিত্ৰ ভাগৱত
  • শ্ৰীশংকৰ বাক্যামৃত
  • অসমীয়া মহাভাৰত[1]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

১৯৪৪ চনত কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই সাহিত্য ৰত্ন উপাধিৰে বিভূষিত কৰে।[1]

১৯৫৮ চনত হৰিনাৰায়ণ দত্ত বৰুৱাই ইহলীলা সম্বৰণ কৰে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 অসমীয়া জীৱনী অভিধান, শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ: ২০০৯, পৃষ্ঠা: ২৬৩-২৬৪