ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়
ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় | |
---|---|
মূলমন্ত্ৰ | सा विद्या या विमुक्तये |
স্থাপিত | ২০২০ |
ধৰণ | চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় |
অধ্যক্ষ | ড° দিলীপ কুমাৰ বৰা |
স্নাতক শিক্ষাৰ্থী | ১৮০ প্ৰতি বছৰে |
স্থান | টেকজুৰি, ধেমাজি, অসম, ভাৰত ![]() |
উপনাম | DEC |
ভুক্তি | অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় |
ৱেবছাইট | dec |
ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ২০২০ চনত অসমৰ ধেমাজি জিলাত অসম চৰকাৰে প্ৰতিষ্ঠা কৰে। ২০১১ চনত মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰা হৈছিল।[1] ২০২১ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।[2] [3] মহাবিদ্যালয় খনে ২০২০-২১ শিক্ষাবৰ্ষৰ পৰা অভিযান্ত্ৰিক পাঠ্যক্ৰম আৰম্ভ কৰে। মহাবিদ্যালয়খন সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ স্বীকৃৰ্তি প্ৰাপ্ত আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত।[4] এইখন অসমৰ সপ্তমখন ৰাজ্যিক চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত অভিযান্ত্ৰিক মহাবিদ্যালয়।[5]
পাঠ্যক্ৰম
[সম্পাদনা কৰক]
মহাবিদ্যালয়খনে কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক, ব্যৱহাৰিক আৰু যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়ায় আৰু ই অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[6]
বিভাগ | সময় | আসন |
---|---|---|
ব্যৱহাৰিক অভিযান্ত্ৰিক | ৪ বছৰ | ৬০ |
কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক | ৪ বছৰ | ৬০ |
যান্ত্ৰিক অভিযান্ত্ৰিক | ৪ বছৰ | ৬০ |
নামভৰ্তি
[সম্পাদনা কৰক]- স্নাতক শ্ৰেণীৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰিবলৈ অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা অসম সংযুক্ত প্ৰৱেশ পৰীক্ষাৰ দ্বাৰা বাছনি কৰা হয়।
- অভিযান্ত্ৰিক শিক্ষাৰ ডিপ্লোমা প্ৰাপ্ত শিক্ষাৰ্থীয়ে স্নাতক দ্বিতীয় বৰ্ষত অধ্যয়ন কৰিবলৈ অসম প্ৰযুক্তি শিক্ষা আয়ুক্তয়ে অনুষ্ঠিত কৰা সংযুক্ত পাৰ্শ্বিয় প্ৰৱেশ পৰীক্ষাৰ (Joint Lateral Entrance Examination) (JLEE) দ্বাৰা নামভৰ্তি কৰিব পাৰে।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "DHEMAJI ENGINEERING COLLEGE TO OFFER MECHANICAL, CIVIL, ELECTRICAL COURSES". https://newslivetv.com/dhemaji-engineering-college-to-offer-mechanical-civil-electrical-courses/। আহৰণ কৰা হৈছে: 25 October 2020.
- ↑ "PM inaugurates important Oil & Gas projects and Engineering Colleges in Assam". Press Information Bureau, Government of Indiapib.gov.in. 2021-02-22. https://pib.gov.in/Pressreleaseshare.aspx?PRID=1699895। আহৰণ কৰা হৈছে: 2025-04-16.
- ↑ "The youth of Assam have amazing potential,' says PM Modi as he inaugurates engineering colleges in the state". https://m.edexlive.com/news/2021/feb/22/the-youth-of-assam-have-amazing-potential-says-pm-modi-as-he-inaugurates-engineering-colleges-in-18436.amp। আহৰণ কৰা হৈছে: 3 April 2021.[সংযোগবিহীন উৎস]
- ↑ "Affiliated Colleges". প্ৰকাশক Guwahati: Assam Science and Technology Universityastu.ac.in. https://astu.ac.in/?page_id=172। আহৰণ কৰা হৈছে: 2025-04-16.
- ↑ Edited by Bishal Kalita (2021-02-22). "PM Modi To Inaugurate Engineering College In Assam Today". NDTVNDTV. https://www.ndtv.com/education/pm-modi-assam-news-dhemaji-engineering-college-sualkuchi-news-today-2375693। আহৰণ কৰা হৈছে: 2025-04-16.
- ↑ "About". http://dhemajiec.in/portal/index.html#about। আহৰণ কৰা হৈছে: 25 October 2020.[সংযোগবিহীন উৎস]