সমললৈ যাওক

সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ
All India Council for Technical Education
সংক্ষিপ্ত এআইচিটিই
গঠন নৱেম্বৰ ১৯৪৫
Headquarters নতুন দিল্লী
Location
অধ্যক্ষ
অনিল সহস্ৰবুদ্ধি[2]
সদস্য সচিব
আলোক প্ৰকাশ মিত্তাল[3]
উপাধ্যক্ষ
এম পি পুনিয়া[4]
Main organ
পৰিষদ
Affiliations বিশ্ববিদ্যালয় অনুদান আয়োগ
মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়, ভাৰত চৰকাৰ
ৱেবছাইট www.aicte-india.org

সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ উচ্চশিক্ষা বিভাগৰ অধীনত আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰযুক্তি শিক্ষাৰ পৰিষদ।[5] ১৯৪৫ চনৰ নৱেম্বৰ মাহত এই পৰিষদ চৰকাৰৰ উপদেষ্টা পৰিষদ হিচাপে গঠন কৰা হৈছিল। ১৯৮৭ চনত সংসদৰ বিধেয়কৰ দ্বাৰা ই ভাৰতৰ প্ৰযুক্তি আৰু ব্যৱস্থাপনা শিক্ষাৰ আঁচনি প্ৰস্তুতকৰণ আৰু ৰূপায়ণৰ জৰিয়তে সুসংবৰ্ধিত উন্নয়নৰ আইনী ক্ষমতা লাভ কৰে। পৰিষদে ভাৰতীয় প্ৰতিষ্ঠান সমূহৰ বিশেষ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমক স্বীকৃতি প্ৰদান কৰে।

সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ অন্তৰ্গত ১০টা শিক্ষাবৰ্ড আছে। সেই কেইটা হ'ল: অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ স্নাতক অধ্যয়ন, অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ স্নাতকোত্তৰ আৰু গৱেষণা, ব্যৱস্থাপনা অধ্যয়ন, বৃত্তিমূলক শিক্ষা, প্ৰযুক্তি শিক্ষা, ভেষজ বিজ্ঞান শিক্ষা, স্থাপত্যবিদ্যা, হোটেল ব্যৱস্থাপনা আৰু কেটাৰিং প্ৰযুক্তি, তথ্য প্ৰযুক্তি আৰু নগৰ পৰিকল্পনা। ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীৰ নেলছন মেণ্ডেলা ৰোডৰ বসন্ত কুঞ্জত অৱস্থিত। ইয়াৰ আন আঞ্চলিক কাৰ্যালয় সমূহ তিৰুঅনন্তপুৰম, কলকাতা, চেন্নাই, কানপুৰ, মুম্বাই, ভাদডৰা, চণ্ডীগড়, গুৱাহাটী, ভূপাল, বেংগালুৰু, হায়দৰাবাদ আৰু গুৰুগ্ৰামত অৱস্থিত।[6]

সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ বৰ্তমান অধ্যক্ষ অনিল সহস্ৰবুদ্ধি।

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]