কেওঁট জনগোষ্ঠী
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
কেওঁট বা কৈৱৰ্ত জনগোষ্ঠী সংস্কৃত শব্দ ‘কৈৱৰ্ত’ৰপৰা কিৱত আৰু‘কেওঁট’ শব্দৰ সৃষ্টি হৈছিল। অনাৰ্য্য আৰু অষ্ট্ৰিক-মংগোলীয় প্ৰজাতিৰ লোক। এওঁলোক অসমৰ অন্যতম পুৰণি জনগোষ্ঠী। এই জাতিৰ লোকসকল হিন্দুধৰ্মীয় ।এই কেওঁটসকল কৰ্ম অনুযায়ী পিছলৈ ‘জালোৱা কেওট’ আৰু ‘হালোৱা কেওট’ আদি উপগোটত বিভক্ত হৈছিল। উদাহৰণ স্বৰূপে,খেতি-বাতি কাম কৰা বা খেতি-বাতিৰ বাবে সঁজুলি বনোৱা লোকসকল হালৈ কেওঁট হ'ল আৰু পুৰণি কালত জীৱিকাৰ বাবে মাছ ধৰা কামৰ বাবে যিসকলে জাল, খালৈ আদি বনাই নিজৰ জীৱিকা নিৰ্বাহ কৰিছিল তেওঁলোক হ'ল জাল কেওঁট। ‘হুজুৰী’ উপাধীৰ এই লোকসকল ‘জালোৱা কেওট’ সম্প্ৰদায়ৰ লোক হয় বুলি বহুতো তথ্যৰদ্বাৰা প্ৰমাণ পোৱা যায়। পুৰণি কালত এই লোকসকল নামনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু আন নদীৰ আশে-পাশে বাস কৰিছিল। নলবাৰী জিলা, কামৰূপ জিলাৰ বিভিন্ন ঠাইত এই লোক বেছিকৈ পোৱা গৈছিল। কিন্তু বানপানীৰ কাৰণে তেওঁলোক পিছলৈ অসমৰ বিভিন্ন ঠাইলৈ নিজৰ বাসস্থান সলালে। নামনি অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ওচৰত,মিৰ্জা, ডিমৌ, নলবাৰী জিলাৰ বৰগাছা, কমাৰকুছি, দৰংজিলাৰ মংগলদৈ, বাগছা জিলাৰ খাগ্ৰাবাৰী, তামোলপুৰ, বৰপেটা জিলা আদিকে ধৰি অসমৰ প্ৰায় সকলো ঠাইত পাটোৱাৰী, কেওঁট,হুজুৰী আদি উপাধিৰ লোকসকলৰ বসতি দেখা যায়। প্ৰধানত'কেওট', "পাটোৱাৰী 'হুজুৰী', 'হাজৰীকা', 'পাঠক' আৰু 'দাস' আদি উপাধীৰ লোকসকল এই জাতিৰ অন্তৰ্গত। উপগোট বা উপজাতি হিচাপে হুজুৰীসকল জাল কেওঁট সম্প্ৰদায়ৰ হিন্দু জনগোষ্ঠীৰ খিলঞ্জীয়া অসমীয়া লোক।