দিগন্ত বৰ্মন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দিগন্ত বৰ্মন
বিধানসভাৰ সদস্য,অসম
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২১ মে',২০২১
পূৰ্বসূৰী নাৰায়ণ ডেকা
সমষ্টি বৰক্ষেত্ৰী
ব্যক্তিগত তথ্য
জন্ম ২৬ নৱেম্বৰ, ১৯৬৪ (৫৯ বছৰ)
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী কস্তুৰী ভৰালী(বি.১৯৯৪)
পিতৃ-মাতৃ ভূমিধৰ বৰ্মন (পিতৃ) মালতী বৰ্মন (মাতৃ)
বাসস্থান নলবাৰী, অসম
শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়
জীৱিকা ৰাজনৈতিক

দিগন্ত বৰ্মন (ইংৰাজী: Diganta Barman, জন্ম:২৬ নবেম্বৰ,১৯৬৪) এগৰাকী ৰাজনৈতিক তথা অসম বিধানসভাৰ সদস্য। [1]২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বৰক্ষেত্ৰীৰ পৰা তেওঁ বিধানসভালৈ নিৰ্বাচিত হয়।[2]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৬৪ চনৰ ২৬ নৱেম্বৰত বিধায়ক তথা প্ৰাক্তন এচিএছ বিষয়া দিগন্ত বৰ্মনৰ জন্ম হৈছিল। তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন আৰু মালতী বৰ্মনৰ সন্তান।[3] ভূমিধৰ বৰ্মন বৰক্ষেত্ৰী সমষ্টিৰ পৰা অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। দিগন্ত বৰ্মনৰ ৩ গৰাকী ভনীয়েক আছে। ১৯৮৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক (ৰাজনীতি বিজ্ঞান) ডিগ্ৰী সম্পূৰ্ণ কৰি এ চি এছ বিষয়া কস্তুৰী ভৰালীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু বৰ্তমান ভৰালী অসমৰ নিয়োগ আৰু কাৰুকৰ্য বিভাগৰ সঞ্চালক। তেওঁলোকৰ ৩ গৰাকী কন্যা ক্ৰমে কামাক্ষী বৰ্মন, ভাৰ্গবী বৰ্মন আৰু ৰিজোতা বৰ্মন আছে।

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

বৰ্মনে ২০১৬ চনত বৰক্ষেত্ৰীৰ পৰা অসম বিধানসভাৰ সদস্য পদৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অবতীৰ্ণ হয়। ২০১৬ চনত অসম বিধানসভা নিৰ্বাচনত বৰ্মনে বৰক্ষেত্ৰীৰ পৰা ৬০,৬১০টা লাভ কৰাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীনাৰায়ণ ডেকাই ৬৯,২২৩টা ভোট লাভ কৰি জয়ী হৈছিল। ২০২১ বৰ্ষত বৰক্ষেত্ৰীৰ বাবে বৰ্মনে ৮৫,৮২৬টা ভোট লাভ কৰাৰ বিপৰীতে নাৰায়ণ ডেকাই ৮১,৭৭২টা ভোট লাভ কৰে আৰু অসম বিধানসভালৈ মনোনীত হয়।[4]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Diganta Barman Election Affidavit". Election Commission of India. https://affidavit.eci.gov.in/show-profile/NjA4OQ==/MTY=/MTA=/Mw==/QUM=। আহৰণ কৰা হৈছে: 18 July 2021. 
  2. "Election results 2021". https://www.oneindia.com/barkhetry-assembly-elections-as-60/। আহৰণ কৰা হৈছে: 14 মে' 2022. 
  3. "Who's Who". assamassembly.gov.in. http://assamassembly.gov.in/bhumidhar-barman-2011.html। আহৰণ কৰা হৈছে: 2021-08-19. 
  4. TimesNow. "Barkhetry Assembly Election Results 2021 LIVE - Barkhetry Vidhan Sabha Election Results" (en ভাষাত). TimesNow. https://www.timesnownews.com/elections/barkhetry-assam-election-result-2021। আহৰণ কৰা হৈছে: 2021-08-19.