সমললৈ যাওক

ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল
চমু নাম ইউপিপিএল
নেতা উৰ্খাউ গৌড়া ব্ৰহ্ম
অধ্যক্ষ প্ৰমোদ বড়ো
সাধাৰণ সম্পাদক Maoti Brahma Hazowary
প্ৰতিষ্ঠা ৫ আগষ্ট ২০১৫
মুখ্য কাৰ্যালয় মৱিদাৰ খ'ৰ' (হাতীমাতা), কোকৰাঝাৰ জিলা, বড়োলেণ্ড, অসম
ৰং      হালধীয়া (আধিকাৰীক)
     সেউজীয়া
মূলমন্ত্ৰ Join us and Be a part of Change
নিৰ্বাচন আয়োগৰ স্বীকৃতি Regional party
মিত্ৰজোট National Democratic Alliance (NDA)
North-East Democratic Alliance (NEDA)
লোকসভাৰ আসন
০ / ৫৪৩
ৰাজ্যসভাৰ আসন
০ / ২৪৫
Assam Legislative Assembly-ৰ আসন
০ / ১২৬
Bodoland Territorial Council-ৰ আসন
১২ / ৪০
দলীয় পতাকা

[[File:চিত্ৰ:United People's Party Liberal Flag.png|125px|frameless]]

ৱেবছাইট

upplofficial.com

ভাৰতৰ ৰাজনীতি
ৰাজনৈতিক দল
নিৰ্বাচন

ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইংৰাজী: United People's Party Liberal) চমুকৈ ইউপিপিএল ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। দলটো বিশেষকৈ অসমৰ বড়োলেণ্ড অঞ্চলত সক্ৰিয়।[1][2] ২০১৫ চনৰ ৫ আগষ্ট তাৰিখে দলটি গঠন কৰা হৈছিল। উৰ্খাউ গৌড়া ব্ৰহ্ম ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। দলটিৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰ জিলাৰ মৱিদাৰ খ'ৰ'ত (হাতীমাতা) অৱস্থিত।[3][4] ২০১৫ চনৰ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ পৰিষদীয় নিৰ্বাচনত ইউপিপিলয়ে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল যদিও এটা সমষ্টিতো জয়ী হব পৰা নাছিল। ২০২০ চনৰ পৰিষদীয় নিৰ্বাচনত ইউপিপিএলয়ে ১২খন আসনত জয়ী হয়। ১০খন আসনত জয়ী ভাৰতীয় জনতা পাৰ্টি আৰু ১খন আসনত জয়ী গণ সুৰক্ষা পাৰ্টিৰ সহযোগত ইউপিপিএলে পৰিষদ দখল কৰে আৰু[5][6] ইউপিপিএলৰ বৰ্তমান সভাপতি প্ৰমোদ বড়োয়ে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদত অধিষ্ঠিত হয়।

ইউপিপিএল ২০১৫ চনৰ ৫ অক্টোবৰ তাৰিখে গঠন কৰা হৈছিল। পূৰ্বতে পিপলছ কৰ্ডিনেশ্বন ফৰ ডেমক্ৰেটিক ৰাইট (পিচিডিআৰ) আছিল।[7] জাতি, ধৰ্ম বৰ্ণ নিৰ্বিশেষে জনকল্যাণৰ বাবে কাম কৰাৰ উদ্দেশ্যৰে দলটো গঠন কৰা হৈছিল।[8] বড়ো সাহিত্যিক আৰু সাংসদ উৰ্খাউ গৌড়া ব্ৰহ্ম ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

ইউপিপিএলৰ পতাকা তিনিবৰণীয়া। ইয়াৰ ওপৰত হালধীয়া, মাজত বগা আৰু তলত সেউজীয়া। পাৰ্টিৰ চিহ্নটো ট্ৰেক্টৰ আৰু ই বগা অংশৰ মাজত অৱস্থিত।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. ↑ "United People's Party Liberal (UPPL) of Kokrajhar to go alone in forthcoming Lok Sabha election: UG Brahma". 2018-10-03. https://www.sentinelassam.com/news/united-peoples-party-liberal-uppl-of-kokrajhar-to-go-alone-in-forthcoming-lok-sabha-election-ug-brahma/। আহৰণ কৰা হৈছে: January 30, 2020.
  2. ↑ "Urkhao Gwra Brahma: Urkhao Gwra Brahma United Peoples Party, Liberal from KOKRAJHAR in Lok Sabha Elections | Urkhao Gwra Brahma News, images and videos". https://economictimes.indiatimes.com/urkhao-gwra-brahma/candidates/candidateid-8243.cms?from=mdr। আহৰণ কৰা হৈছে: January 30, 2020.
  3. ↑ "Urkhao Gwra Brahma(United Peoples Party, Liberal):Constituency- KOKRAJHAR(ASSAM) - Affidavit Information of Candidate". http://myneta.info/LokSabha2019/candidate.php?candidate_id=8243। আহৰণ কৰা হৈছে: January 30, 2020.
  4. ↑ "BPF Campaigns in Kokrajhar, United People's Party Liberal (UPPL) in Bijni". 2019-04-21. https://www.sentinelassam.com/north-east-india-news/assam-news/bpf-campaigns-in-kokrajhar-united-peoples-party-liberal-uppl-in-bijni/। আহৰণ কৰা হৈছে: January 30, 2020.
  5. ↑ "Assam: United People's Party Liberal releases poll manifesto at Kokrajhar". https://nenow.in/north-east-news/assam-united-peoples-party-liberal-releases-ls-poll-manifesto-at-kokrajhar.html। আহৰণ কৰা হৈছে: January 30, 2020.
  6. ↑ "AIUDF forms alliance with UPPL in Assam". Business Standard India. 2019-04-08. https://www.business-standard.com/article/pti-stories/aiudf-forms-alliance-with-uppl-in-assam-119040801127_1.html.
  7. ↑ "PCDR to form new party". Assam Times. 2015-08-05. https://www.assamtimes.org/node/14445.
  8. ↑ "New party launched in BTC". Telegraph India. 2015-08-06. https://www.telegraphindia.com/north-east/new-party-launched-in-btc/cid/1392706.