সমললৈ যাওক

বৰপেটা চিকিৎসা মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়
Fakhruddin Ali Ahmed Medical College and Hospital
স্থাপিত ২০১১
ধৰণ ৰাজহুৱা
অধ্যক্ষ অধ্যাপক (ডাঃ) ৰমেন তালুকদাৰ, ৰঞ্জন বিজ্ঞানত স্নাতকোত্তৰ (এম.ডি. ৰেডিঅ'লজী)
শৈক্ষিক কৰ্মচাৰী ১২০
স্নাতক শিক্ষাৰ্থী ১২৫
স্থান বৰপেটা, অসম
চমু নাম ফামচি (FAAMC)
ভুক্তি শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়
ৱেবছাইট www.faamcassam.co.in

বৰপেটা চিকিৎসা মহাবিদ্যালয় (ইংৰাজী: Barpeta Medical College & Hospital) অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয়। এই মহাবিদ্যালয় সংলগ্ন চিকিৎসালয়খন ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। বৰপেটা চিকিৎসা মহাবিদ্যালয়খন শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত পঞ্জীকৃত। অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে বৰপেটা চিকিৎসা মহাবিদ্যালয় সংলগ্ন চিকিৎসালয়খন ৰাইজে বাবে মুকলি কৰি দিয়ে। এই শিক্ষানুষ্ঠানত এম.বি.বিএছ. পঢ়াৰ ব্যৱস্থা আছে, লগতে পেৰামেডিকেল বিভাগৰ লেব'ৰেটৰী টেক্‌নিচিয়ান, ফিজিঅ'থেৰাপি আদিৰ ডিপ্লোমা পাঠ্যক্ৰমৰ ব্যৱস্থা আছে। এম.বি.বি.এছ. পাঠ্যক্ৰমৰ আসনৰ সংখ্যা ১২৫।[1]

বহিঃ বিভাগ (OPD)

[সম্পাদনা কৰক]

বৰ্তমান নিম্নোক্ত বিভাগসমূহত বহিঃ সেৱা আগবঢ়াই থকা হৈছে :

  • মেডিচিন
  • অস্ত্ৰোপ্ৰচাৰ
  • স্ত্ৰী আৰু প্ৰসূতি বিভাগ
  • শিশুৰোগৰ বিভাগ
  • অৰ্থ'পেডিকছ (হাড় আৰু জোৰাৰ ৰোগ সম্বন্ধীয় বিভাগ)
  • চকু
  • কাণ, নাক আৰু ডিঙি
  • চৰ্ম আৰু যৌন ৰোগ
  • মানসিক ৰোগ বিভাগ (ছাইকাইএ'ট্ৰী)
  • দন্তৰোগ বিভাগ (ডেণ্টিষ্ট্ৰী)

অন্ত: বিভাগ

[সম্পাদনা কৰক]

দন্তৰোগ বিভাগৰ বাহিৰে আন কেউটা বিভাগৰে অন্ত: চিকিৎসা আগবঢ়োৱা হয়।[2]

তথ্য সংযোগ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]