ৰূপহী (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ৰূপহী
Rupahi
Rupahi 1.jpg
পৰিচালক পাৰ্বতি প্ৰসাদ বৰুৱা
প্ৰযোজক 'বৰুৱা বোলছবি, ৰূপালী পাম'-ৰ হৈ পাৰ্বতি প্ৰসাদ বৰুৱা
কাহিনী কমলেশ্বৰ চলিহা
অভিনয়ত কানন চক্ৰবৰ্তী
ডানকান আচাও
সংগীত পৰিচালক পাৰ্বতি প্ৰসাদ বৰুৱা
চিত্ৰগ্ৰহণকাৰী বিভূতি দাস, ধীৰেন দে
ষ্টুডিঅ’ শ্ৰী ভাৰত লক্ষ্মী ষ্টুডিঅ', কলিকতা
মুক্তি ১৯৪১
দেশ ভাৰত
ভাষা অসমীয়া

ৰূপহী (ইংৰাজী: Rupahi) ১৯৪১ চনত মুক্তিপ্ৰাপ্ত চতুৰ্থখন অসমীয়া চলচ্চিত্ৰপাৰ্বতি প্ৰসাদ বৰুৱাৰ দ্বাৰা নিৰ্মিত আৰু পৰিচালিত এই ছবিখনৰ একমাত্ৰ প্ৰিণ্টটো ১৯৭৮ চনত সোণাৰিৰ চিত্ৰগৃহত জুই লাগি ভস্মীভূত হয়। আনকি কলিকতাৰ ফিল্ম ছাৰ্ভিছেছৰ গুদাম ঘৰত ছবিখনৰ নিগেটিভো নষ্ট হৈ যায়।[1][2]

নিৰ্মাণৰ কথা[সম্পাদনা কৰক]

দ্বিতীয় মহাসমৰৰ দপদপনিৰ মাজতে ৰূপহী নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। পাৰ্বতি প্ৰসাদ বৰুৱাই 'বৰুৱা বোলছবি, ৰূপালী পাম' নাম দি এটা চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ জন্ম দিয়ে। এই প্ৰতিষ্ঠানৰ বেনাৰতে ৰূপহী নিৰ্মান কৰা হয়। ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰাৰ উপৰিও পাৰ্বতি প্ৰসাদে ছবিখনৰ চিত্ৰনাট্য, সংলাপ আৰু গীতি-সাহিত্য ৰচনা কৰে আৰু সংগীত পৰিচালনাৰো দায়িত্ব লয়। কমলেশ্বৰ চলিহাৰ এটা চুটি গল্পৰ আধাৰত ৰূপহীৰ কাহিনী গঢ় লৈ উঠে। অৱশ্যে পাছলৈ মূল গল্পৰ লগত ছবিখনৰ কাহিনীৰ অমিল দেখা যায়। তাৰ কাৰণ তলত উল্লেখ আছে।প্ৰথম অংশৰ দৃশ্য গ্ৰহণ মাজুলীত কৰা হৈছিল। দক্ষিণপাট সত্ৰৰাস-নৃত্য আৰু ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ দৃশ্য তুলি কলিকতালৈ অন্তৰ্দৃশ্যৰ চিত্ৰগ্ৰহণৰ বাবে যোৱা হয়। কলিকতাত গম পোৱা যায় যে অসমত কৰা দৃশ্যগ্ৰহণৰ এখনো ছবি নুঠিল। সেয়ে পাৰ্বতি প্ৰসাদে সেই অংশ বাদ দি গোটেই গল্পটোকে নকৈ সজাই লবলগীয়া হয়। তাৰ ফলতে বিয়োগান্ত গল্পটো মিলানান্ত গল্পলৈ পৰিবৰ্তন কৰা হয়। কলিকতাৰ 'শ্ৰী ভাৰত লক্ষ্মী ষ্টুডিঅ'ত' ছেট সাজি ছবিখনৰ দৃশ্য গ্ৰহণ কৰা হয়। ১৯৪১ চনৰ ৩০ আগষ্ট তাৰিখে কলিকতাৰ 'পূৰবী থিয়েটাৰ'ত ছবিখনৰ প্ৰিমিয়াৰ কৰা হৈছিল। ১৯৪১ চনৰ ৬ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ 'সতী টকী হাউছ'ত (বৰ্তমানৰ বিজুলী চিনেমা ঘৰ)[2] ছবিখন মুক্তি দিয়া হয়।[3]

ছবিৰ কাহিনী[সম্পাদনা কৰক]

ৰূপহী বোলছবিত আনন্দৰ ভাওত পাৰ্ৱতি প্ৰসাদ

লুইতপৰীয়া এখনি সৰু গাঁও ৰূপহীমুখৰ এহাল ডেকা-গাভৰু ভূমি আৰু চম্পা। তেওঁলোকে দুয়ো মিলনৰ সপোন দেখিছিল। কিন্তু ঘাট মাউৰা চম্পাই ডাঙৰ-দীঘল হয় বৰমেধিৰ ঘৰখনত। পিছে বৰমেধি মায়াৰামে শুৱনী চম্পাক কোনোবা ধনীলৈ বিয়া দি টকা ঘটাৰ সপোন দেখিছিল। নগৰৰ উকীল বিশ্বকান্ত হাজৰিকাৰ মহৰী ধনঞ্জয় দত্তৰ হাতত চম্পাক বিয়া দিম বুলি মায়াৰামে টকা পইচা সৰকাইছিল।

নগৰৰ আঢ্যৱন্ত ভদ্ৰলোক হৰপ্ৰসাদ বৰুৱাৰ সন্তান কনক আৰু মিনতি। উৎসাহী বন্ধু কেইজনমানৰ সহযোগত তেওঁলোকে অসমীয়া কলা-শিল্প-সাহিত্যৰ উন্নতি সাধনত ব্ৰতী হৈছে। আনহাতে বিশ্বকান্ত হাজৰিকাই নিজৰ আভিজাত্যাভিমানী আৰু তৰল মতি ছোৱালী মৃদুলাক বিয়া দিব বিচাৰিছিল কনকৰ ওচৰত। কিন্তু মাৰ্জিত ৰুচিৰ কনকে এই বিয়াত মত দিয়া নাছিল।

ব্ৰতী সংঘৰ সংগঠনৰ কামত কনক আহি ৰূপহীমুখ গাঁও পায়, আৰু ইয়াতেই চম্পাৰ লগত চিনাকি হয়। মায়াৰামে এই চিনাকিৰ পৰা অধিক লাভ কৰাৰ আশাত ব্ৰতী সংঘৰ ঘাই সভ্য পৱনৰ কাণত বিহ ঢালেগৈ। মানৱধৰ্মী, কিন্তু ভাৱপ্ৰৱন পৱনে ভুলি বুজিলে আৰু তেওঁ আজলী ৰূপহী চম্পাক মিছা অপবাদৰপৰা ৰক্ষা কৰিবলৈ কনকক বাধ্য কৰে। কনকে চম্পাক বিয়া কৰাবলৈ সাজু হয়। হৰপ্ৰসাদ বৰুৱা পুতেকৰ বিয়াৰ জোৰোণ লৈ মায়াৰামৰ পদূলিত উপস্থিত হয়। কিন্তু ভূমি আৰু মৃদুলা?[1][4][2]

অভিনয়ত[সম্পাদনা কৰক]

  • ডানকান আচাও (ভূমি)
  • কানন চক্ৰবৰ্তী (চম্পা)
  • গৌৰী কাকতি (কনক)
  • পূণ্য কোঁৱৰ (মৃদুলা)
  • সুভা দত্ত (মিনতি)
  • সূৰ্য বৰুৱা (মায়াৰাম)
  • শৈলেন ফুকন (বিশ্বকান্ত)

  • পদ্মধৰ চলিহা (হৰপ্ৰসাদ)
  • দুলাল গোস্বামী (ধনঞ্জয়)
  • মণিকা নাজিৰ (কেতেকী)
  • প্ৰদীপ চলিহা (পবন)
  • তৰুণ হাজৰিকা (গগন)
  • চাৰু বৰদলৈ (অমৰ)
  • দুৰ্গা ফুকন]] (বেজ)

  • বাপুৰাম বৰা (গোচৰীয়া)
  • এছ. এম. মহবুবুল্লা (ডাক্তৰ)
  • শৰৎ বৰা (দাৰোগা)
  • ৰাম দত্ত (লাটুম)
  • পাৰ্বতি প্ৰসাদ বৰুৱা (আনন্দ) আৰু বহুতো[4]

কলা-কুশলী[সম্পাদনা কৰক]

(তথ্যছকত উল্লেখ নথকা সকল)

  • সংলাপ- পদ্মধৰ চলিহা, মোক্ষদা চলিহা
  • ব্যৱস্থাপনা- গিৰিজা প্ৰসাদ বৰুৱা
  • ৰসায়ানাগাৰ- জগৎ ৰায়চৌধুৰী, পূৰ্ণ চেটাৰ্জী
  • শব্দ- চাৰ্লচ ক্ৰিড্‌[4][2]

গীত[সম্পাদনা কৰক]

গীত ৰচনা তথা সঙ্গীত পৰিচালনা পাৰ্বতি প্ৰসাদ বৰুৱা। কণ্ঠ দিছিল চাৰু বৰদলৈ, তৰুণ হাজৰিকা, দুৰ্গা ফুকন, পূৰ্ণ কোঁৱৰ আৰু পাৰ্বতি প্ৰসাদ বৰুৱাই।[4][5]

ক্ৰমিক
নং
গীতৰ শীৰ্ষ গীতিকাৰ কণ্ঠ
নোবোলো তোক সোণৰ অসম পাৰ্বতি প্ৰসাদ বৰুৱা তৰুণ হাজৰিকা আৰু চাৰু বৰদলৈ
জোনাক জোনাক শীতল জোনাক পূণ্য কোঁৱৰ
বজালে আহিনে বাঁহী নে বীণ দুৰ্গা ফুকন
অকলশৰীয়া বাটৰুৱা তৰুণ হাজৰিকা
প্ৰিয়তম তুমি আহিবা বুলি দুৰ্গা ফুকন
হাতৰ হেৰোৱা ধন বাটত হেৰা পায় পাৰ্বতি প্ৰসাদ বৰুৱা
তোৰ নাই যে বন্ধোৱা বাট চাৰু বৰদলৈ

ব্যৱসায়[সম্পাদনা কৰক]

মুঠ দুটা প্ৰিণ্টেৰে ৰূপহী মুক্তি দিয়া হৈছিল। ৰূপহী ছবি ঘৰত ভালকৈ চলোৱা হোৱা নাছিল। সেই বাবে এই ছবিখনে ভাল ব্যৱসায় কৰিব পৰা নাছিল।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 অৰুণলোচন দাস (২০০১). এবাৰ উভতি চাওঁ. শিশুসাৰথি প্ৰকাশন, গুৱাহাটী. 
  2. 2.0 2.1 2.2 2.3 "Assamese Movie Rupohi". http://www.boxofficeassam.com/movie/rupohi/। আহৰণ কৰা হৈছে: 30 April 2020. 
  3. Flashback-Ruphi (1941) আহৰণ কৰা তাৰিখ: ০২-০৪-২০১২
  4. 4.0 4.1 4.2 4.3 অৰুণলোচন দাস (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. শশী শিশু প্ৰকাশন, গুৱাহাটী. 
  5. Babul Das (1985). Asomiya Bolchabir Geetor Sankalan. Bani Prakash, Dibrugarh. পৃষ্ঠা. 9. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]