সমললৈ যাওক

বিনন্দ চন্দ্ৰ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিনন্দচন্দ্ৰ বৰুৱা
জন্ম ১৯০১
মৃত্যু ২২ ফেব্ৰুৱাৰী ১৯৯৪
ৰাষ্ট্ৰীয়তা ভাৰতীয়

বিনন্দ চন্দ্ৰ বৰুৱা (১৯০১ - ১৯৯৪) এগৰাকী অসমীয়া ভাষাৰ কবি। এখেত 'ধ্বনি-কবি' হিচাপেও পৰিচিত। ১৯৬৬ চনত বহা অসম সাহিত্য সভাৰ লক্ষীমপুৰ অধিবেশনৰ সভাপতি আছিল। 'শংখধ্বনি', 'প্ৰতিধ্বনি', আদি এখেতৰ উল্লেখযোগ্য গ্ৰন্থ।[1]

১৯০১ চনত যোৰহাটটীয়কত বিনন্দচন্দ্ৰ বৰুৱাৰ জন্ম হয়৷

১৯২১ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে৷ তাৰ পাছত ১৯২৫ চনত কলিকতাত সমান্তৰালভাৱে স্নাতকোত্তৰ আৰু আইন পঢ়িবলৈ যায় যদিও অসমাপ্তভাৱেই পঢ়া শেষ কৰিব লগাত পৰে৷[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

সৰুৰে পৰা সমাজ আৰু সাহিত্য-সংস্কৃতিৰ লগত জড়িত হৈ থকা বিনন্দ চন্দ্ৰ বৰুৱাই চৰকাৰী চাকিৰ প্ৰত্যাখ্যান কৰি ১৯২৯ চনত জাঁজী উচ্চ ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰে কৰ্ম জীৱনৰ পাতনি মেলি ১৯৬৭ চনত সেই বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ লয়৷[2] তেওঁ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ মিলন (১৯২৭-২৮) ৰ সম্পাদক আছিল ৷ সেইদৰে বিনন্দ চন্দ্ৰ বৰুৱা ১৯৫৮-৫৯ চনত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আছিল৷ উপ-সভাপতি হিচাপেও চাৰিটা বছৰ কাৰ্যকাল জড়িত হৈ থকাৰ পাছত ১৯৬৬ চনত তেওঁ লখিমপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰে৷[2]

সাহিত্যৰাজি

[সম্পাদনা কৰক]

কবিতা পুথি

[সম্পাদনা কৰক]
  1. শংখধ্বনি (১৯২৫)
  2. প্ৰতিধ্বনি (১৯৪০)
  3. জয়ধ্বনি (১৯৭৪)
  4. শিশুধ্বনি
  5. অন্তৰধ্বনি
  6. ফুলকলি

খুহুতীয়া ৰচনা

[সম্পাদনা কৰক]
  1. টিটি হেই
  2. বেঙেনাৰ ৰহস্য
  1. পাৰ্থ সাৰথি
  2. শৰাইঘাট

শিশু উপযোগী গ্ৰন্থ

[সম্পাদনা কৰক]
  1. মহাৰাজ নৰনাৰায়ণ
  2. ৰাজস্থানৰ গল্প
  3. ল’ৰাৰ বেজবৰুৱা
  4. অসম গৌৰৱ
  5. আমাৰ লক্ষ্মীনাথ

অন্যান্য

[সম্পাদনা কৰক]
  1. ভাৰতৰ শাসন নীতি- প্ৰথম ভাগ

১৯৯৪ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে বিনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যু হয়৷[2]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. পৰিচয়জ্ঞাপক তালিকা, শৰাইঘাট অভিধান, পৰিশিষ্ট-৯, শৰাইঘাট প্ৰকাশন, দ্বিতীয় মুদ্ৰণ: নৱেম্বৰ ২০১১, পৃ: ১২২১
  2. 2.0 2.1 2.2 2.3 সম্পাদনা-শোণিত বিজয় দাস, মুনিন বায়ন (2006, ডিচেম্বৰ). পৃষ্ঠা-২৩৭,=কথা বৰেণ্য.