যাদুৰাম ডেকা বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
যাদুৰাম ডেকা বৰুৱা
জন্ম লখিমপুৰ, শালকটা ঘিলামাৰী
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় অভিধান প্ৰণেতা

যাদুৰাম ডেকা বৰুৱা (ইংৰাজী: Jaduram Deka Baruah) অসমৰ প্ৰথম অভিধান প্ৰণেতা ৷ ১৮০১ চনত লখিমপুৰত জন্ম৷ তেওঁ ‘অসমীয়া-ইংৰাজী অভিধান’ নামেৰে এখন অভিধান প্ৰণয়ন কৰিছিল৷[1] অৱশ্যে অভিধানখন প্ৰকাশ নহ’ল৷

পৰিচয়[সম্পাদনা কৰক]

যাদুৰাম ডেকা বৰুৱা প্রথম অসমীয়া অভিধান প্রণেতা আছিল৷ ১৮০১ চনত উত্তৰ লখিমপুৰৰ ঘিলামাৰী অঞ্চলত তেওঁৰ জন্ম।[2]। পিতৃৰ নাম কৃষ্ণদাস বৰভাণ্ডাৰী বৰুৱা। ডেকা বৰুৱাই কেবাঠাইতাে বিভিন্ন পদত চাকৰি কৰি ১৮৬০ চনত বৰপেটাত সদৰামীন হয়। ১৮৩৯ চনত তেওঁ অসমীয়া- ইংৰাজী অভিধান’ নামেৰে অভিধান এখন প্রণয়ন কৰিছিল। অৱশ্যে অভিধানখন প্রকাশ নহ'ল। সমাচাৰ চন্দ্রিকা’, ‘সমাচাৰ দর্পণ’ৰ নিয়মীয়া লেখক। তেওঁ সতী প্ৰথাৰ বিৰােধিতা কৰিছিল আৰু বিধবা বিবাহৰ সমর্থন কৰি নিজে বিধবা বিবাহ কৰিছিল। ১৮৬৯ চনত মৃত্যু হয়৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. SMITA BHATTACHARYYA (১৩ এপ্ৰিল ২০১৪). "Lexicon on 9 NE languages". telegraphindia. https://m.telegraphindia.com/states/north-east/lexicon-on-9-ne-languages/cid/195438। আহৰণ কৰা হৈছে: ৪ জুন ২০১৯. 
  2. সম্পাদনা-শান্তনু কৌশিক বৰুৱা (2014). পৃষ্ঠা. ২২৫. অসম অভিধান.