ভোলানাথ বৰুৱা মহাবিদ্যালয়
| ভোলানাথ বৰুৱা মহাবিদ্যালয় | |
|---|---|
| বি. বৰুৱা মহাবিদ্যালয় | |
| স্থাপিত | ১৯৪৩ |
| ধৰণ | ৰাজহুৱা |
| ধৰ্মীয় ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
| অধ্যক্ষ | ড॰ সত্যেন্দ্ৰ নাথ বৰ্মন |
| স্থান | গুৱাহাটী, অসম, ভাৰত 26°10′43″N 91°43′50″E / 26.1785°N 91.7305°Eস্থানাংক: 26°10′43″N 91°43′50″E / 26.1785°N 91.7305°E |
| ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
| ৱেবছাইট | www |
ভোলানাথ বৰুৱা মহাবিদ্যালয় বা চমুকৈ বি. বৰুৱা কলেজ (ইংৰাজী: B. Borooah College) হৈছে অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত এখনি অগ্ৰণী শিক্ষানুষ্ঠান। অসম তথা ভাৰতৰ প্ৰখ্যাত উদ্যোগী ভোলানাথ বৰুৱালৈ শ্ৰদ্ধা জনাই এইখনি শিক্ষানুষ্ঠান স্থাপন কৰা হৈছিল। ১৯৪৩ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বত স্থাপিত হোৱা প্ৰতিষ্ঠানখনৰ প্ৰথমগৰাকী সভাপতি আৰু অধ্যক্ষ বৰদলৈয়েই আছিল। দ্বিতীয় মহাসমৰৰ সময়ত স্থাপিত হোৱা শিক্ষানুষ্ঠানখনৰ শ্ৰেণীসমূহ পোনপ্ৰথমে নিশাৰ সময়ত হৈছিল। শিক্ষানুষ্ঠানখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত। NAAC-ৰ পৰা 'এ++'(A++) গ্ৰেডপ্ৰাপ্ত শিক্ষানুষ্ঠান যি অসমৰ একমাত্ৰ A++ পোৱা মহাবিদ্যালয়,এই শিক্ষানুষ্ঠানখনৰ বৰ্তমানৰ অধ্যক্ষ হৈছে ড॰ সত্যেন্দ্ৰ নাথ বৰ্মন।[1]
ইতিহাস
[সম্পাদনা কৰক]১৯৪৩ চনৰ ১৩ ছেপ্টেম্বৰৰ পৰা মহাবিদ্যালয়খনত শ্ৰেণীসমূহ আৰম্ভ হৈছিল। প্ৰথম পৰ্যায়ত মাত্ৰ ১৫ গৰাকী শিক্ষাৰ্থীৰে আৰম্ভ হোৱা শিক্ষানুষ্ঠানখনৰ শ্ৰেণীসমূহ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হৈছিল। তেতিয়া শ্ৰেণীসমূহ নিশাৰ সময়ত হৈছিল। দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা-ছোৱালীকো শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যেৰে শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠাপকসকলে কলেজখন নিশাৰ সময়ত খুলিছিল। যাতে দিনৰ সময়ত ল'ৰা-ছোৱালীহঁতে জীৱিকাৰ সন্ধান কৰি নিশা পঢ়া-শুনা কৰিবহি পাৰে। ভাৰত ৰত্ন প্ৰাপ্ত লোকপ্ৰিয় গোপীনাথ বৰদলৈ শিক্ষানুষ্ঠানখনৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল। তেওঁৰ পাছতেই শিক্ষানুষ্ঠানখনৰ দায়িত্ব চম্ভালিছিল এগৰাকী বলিষ্ঠ ৰাজনীতিবিদ হেম বৰুৱাই।[1]
অধ্যক্ষৰ তালিকা
[সম্পাদনা কৰক]১৯৪৩ চনৰপৰা ২০২০ চনলৈকে মহাবিদ্যালয়খনত মুঠতে চৌধ্যগৰাকী অধ্যক্ষই কাৰ্যনিৰ্বাহ কৰিছে।
| ক্ৰমিক নং | অধ্যক্ষ | কাৰ্যকাল |
|---|---|---|
| ১ | গোপীনাথ বৰদলৈ | |
| ২ | হেম বৰুৱা | |
| ৩ | অধ্যাপক সুৰেন্দ্ৰ মোহন দাস | |
| ৪ | ড॰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য | |
| ৫ | প্ৰসন্ন কুমাৰ শৰ্মা | |
| ৬ | দুলাল চন্দ্ৰ বৰঠাকুৰ | |
| ৭ | এইচ্ছ. চি. ডেকা | |
| ৮ | ডি.কে. চৌধুৰী (ভাৰপ্ৰাপ্ত) | |
| ৯ | বন্তি চৌধুৰী(ভাৰপ্ৰাপ্ত) | |
| ১০ | ড॰ ৰেখা ডেকা | |
| ১১ | ড॰ সুনীল পৱন বৰুৱা | |
| ১২ | মাধুৰিমা দাস ডেকা(ভাৰপ্ৰাপ্ত) | |
| ১৩ | ড॰ দীনেশ বৈশ্য | |
| ১৪ | ড॰ সত্যেন্দ্ৰ নাথ বৰ্মন |
শাখা আৰু পাঠ্যক্ৰমসমূহ
[সম্পাদনা কৰক]বি. বৰুৱা মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীৰ বাবে কলা, বিজ্ঞান আৰু বাণিজ্য(স্ব-সমৰ্থিত) শাখা আছে। স্নাতক পাঠ্যক্ৰমতো কলা, বিজ্ঞান আৰু বাণিজ্য(স্ব-সমৰ্থিত) শাখা আছে। ইয়াৰোপৰি স্বসমৰ্থিত ব্যৱস্থাত তথ্য-প্ৰযুক্তিবিদ্যাত বিজ্ঞান স্নাতক, বেচেলৰ ইন বিজিনেছ মেনেজমেণ্টৰ পাঠ্যক্ৰম আছে। জীৱবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু প্ৰাণীবিজ্ঞানত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সুবিধা আছে।[2]
কলা আৰু বিজ্ঞান শাখাৰ অন্তৰ্গত বিভাগসমূহ হৈছে-
কলা শাখা
|
বিজ্ঞান শাখা
|
অন্যান্য সুবিধা
মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ থকা-খোৱাৰ সুবিধাৰ বাবে হোষ্টেল, ব্যায়ামাগাৰ, কেণ্টিন, গ্ৰন্থাগাৰ, কম্পিউটাৰ কেন্দ্ৰৰ সুব্যৱস্থা আছে।[3] উল্লেখযোগ্য যে, মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰত চল্লিছ হাজাৰৰো অধিক গ্ৰন্থ আছে।[4]
স্বীকৃতি
ভোলানাথ বৰুৱা মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় মূল্যাকংন আৰু স্বীকৃতি সংস্থা চমুকৈ NAAC-এ এইখন মহাবিদ্যালয়ক A গ্ৰেড প্ৰদান কৰিছে।[5]
তথ্যসূত্ৰ
- 1 2 "ABOUT US". https://www.bborooahcollege.ac.in/about.php। আহৰণ কৰা হৈছে: 17 April 2020.
- ↑ https://www.bborooahcollege.ac.in/course.php
- ↑ https://www.bborooahcollege.ac.in/index.php
- ↑ https://as.vikaspedia.in/education/career-guidance/9859b89ae9f0-99520199a4-9aa9bf9ac9be-9959bf-9aa9bf9ac9be#section-7
- ↑ https://collegedunia.com/college/355-b-borooah-college-guwahati/admission
| |||||||||||||||||||||||