গুঞ্জন ভৰদ্বাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুঞ্জন ভৰদ্বাজ
জন্ম ১৭ জুলাই, ১৯৮৬ (৩৭ বছৰ)
তিনিচুকীয়া, তিনিচুকীয়া জিলা, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০১৪–বৰ্তমান
জনা যায় অহেতুক
কেলেণ্ডাৰ
ধৰ্ম হিন্দু ধৰ্ম
আত্মীয়-স্বজন ৰিম্পী দাস (ভগ্নী)

গুঞ্জন ভৰদ্বাজএগৰাকী ভাৰতীয় অভিনেতা। তেওঁ অসমীয়া চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে বিখ্যাত। ২০১৪ চনত অসমীয়া ছবি টি আৰ পি আৰুত অভিনয়ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।[1] ইয়াৰ আগতে তেওঁ জানমণি ভিচিডিত অভিনয় কৰিছিল। তেওঁ অহেতুক বোলছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ কেইবাখনো উল্লেখযোগ্য ছবিত অভিনয় কৰে।[2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৮৬ চনৰ ১৭ জুলাই তাৰিখে অসমৰ তিনিচুকীয়া জিলাতিনিচুকীয়াত গুঞ্জন ভৰদ্বাজৰ জন্ম হৈছিল। তেওঁ লোক তিনি গৰাকী ভাতৃ-ভগ্নী। তেওঁৰ বায়েক ৰিম্পী দাস এগৰাকী অভিনেত্ৰী। তেওঁ অসমীয়া চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছন উদ্যোগত অভিনয় কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

গুঞ্জন ভৰদ্বাজে প্ৰথমতে সাংগীতিক ভিডিঅ'সমূহত অভিনয়ৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল। ভিচিডি ছবি জানমণিৰ পিছত তেওঁ প্ৰযোজক সকলৰ চকুত পৰে। তেওঁৰ প্ৰতিভাৰ উমান পোৱাৰ পিছত ২০১৪ চনত তেওঁ টি আৰ পি আৰুত অভিনয়ৰ সুযোগ লাভ কৰে। তাৰপিছত তেওঁ বাণী দাসৰ বাণিজ্যিক ভাবে সফল ছবি অহেতুকত মুখ্য চৰিত্ৰত অভিনয় কৰে। ইয়াত তেওঁ অমৃতা গগৈৰ বিপৰীতে অভিনয় কৰিছিল। তাৰপিছত তেওঁ ২০১৭ চনৰ কেইবাখনো বেছি বাজেটৰ অসমীয়া ছবি যেনে কেলেণ্ডাৰ, ৰাফ্ এণ্ড টাফ্, তুমি আহিবানে আৰু প্ৰিয়াৰ প্ৰিয়

চলচ্চিত্ৰ তালিকা[সম্পাদনা কৰক]

চন চলচ্চিত্ৰ পৰিচালক টোকা
২০১৪ টি আৰ পি আৰু মৃদুল গুপ্তা প্ৰথম ছবি
২০১৫ অহেতুক বাণী দাস
২০১৭ ৰাফ্ এণ্ড টাফ্[3] মণি সিনহা
তুমি আহিবানে প্ৰেৰণা বৰবৰুৱা
প্ৰিয়াৰ প্ৰিয় মুনিন বৰুৱা
২০১৮ কেলেণ্ডাৰ হিমজ্যোতি তালুকদাৰ
২০১৯ ককাইদেউ বিন্দাচ ধ্ৰুৱ বৰদলৈ
এৰাসুঁতিৰ ঢল চাৰু কমল হাজৰিকা
২০২০ জনকনন্দিনী কুঞ্জলতা গগৈ দাস

তথ্য উৎস[সম্পাদনা কৰক]