ৰিহা অসমীয়া গোপিনী-বোৱাৰীয়ে পিন্ধা এবিধ পৰম্পৰাগত সাজ। ই এবিধ উত্তৰীয় বস্ত্ৰ। ইয়াক কাঁচলি বুলিও জনা যায়।[1] পুৰণি অসমীয়া সমাজত মহিলাই মেখেলাৰ ওপৰত ৰিহা পিন্ধিছিল। বক্ষস্থল আগুৰিবৰ বাবে চোলাতকৈ ৰিহাৰ ব্যৱহাৰ বেছি আছিল। ৰিহাখনে কঞ্চুলিকা বা স্তনাভৰণৰ লগতে পিঠিভাগো আবৃত কৰি ৰাখিছিল। তাৰ ওপৰত চাদৰ এখন মেৰিয়াই লৈছিল।[2] মাংগলিক কাৰ্য কৰোঁতে বিশেষকৈ সকাম-নিকাম, বিয়া-বাৰুত অসমীয়া মহিলাই ৰিহা পিন্ধাটো অপৰিহাৰ্য। অসমীয়া শিপিনীয়ে তাঁতশালত বোৱা ৰিহা দীঘলে আঠ হাত আৰু পুতলে দেৰ হাত। অসমীয়া বিবাহ অনুষ্ঠানত কইনাই হোমৰ গুৰিত ৰিহা পিন্ধাৰ নিয়ম আছে। ৰিহা এৰী, কপাহী অথবা মুগা সূতাৰে তৈয়াৰ কৰা হয়।[1] ৰিহা পাট, মুগা, এড়ী আৰু কপাহী সূতাৰে তৈয়াৰ কৰা হৈছিল৷ পাট আৰু মুগাৰে বোৱা ৰিহা সম্ভ্ৰান্ত মহিলাই আৰু কপাহী আৰু এড়ি সূতাৰ ৰিহা সাধাৰণতে সাধাৰণ মহিলাই পৰিধান কৰিছিল৷ ৰিহা কেইবাবিধৰো আছে৷ যেনে, দহিঅলীয়া, গঁৰিয়লী, গুণাকটা, কেছ বছা, আঁচু অলীয়া, বৰৈ লগা, আঁচলে-পাৰিয়ে গুণাকটা আদি৷[3]