সমললৈ যাওক

পাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পাট ৰেচমৰ পৰা পুনঃনিৰ্দেশিত)
পাটেৰে তৈয়াৰী চাদৰ মেখেলা

পাট বা মালবেৰী ৰেচম (ইংৰাজী: Mulberry silk) হৈছে কেইবা প্ৰকাৰৰো পলু, বিশেষকৈ বমবেক্স মেৰী নামৰ এবিধ পলুৰ পৰা আহৰণ কৰা এক প্ৰকাৰৰ ৰূপালী ৰেচম। অসমত এই পলুক পাট পলু বুলি কোৱা হয়। এই পলুৱে কেৱল নুনী গছ (Mulberry plant)ৰ পাত খায়। ই সম্পূৰ্ণৰূপে পোঁহনীয়া।

ভাৰতৰ পাট উৎপাদন কৰা (প্ৰায় ৯২%) প্ৰধান ৰাজ্যসমূহ হৈছে কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, পশ্চিম বংগ, তামিলনাডু আৰু জম্মু আৰু কাশ্মীৰ[1] ইয়াৰোপৰি অসমতো পাটৰ উৎপাদন কৰা হয়। অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত শুৱালকুছি অসমৰ প্ৰধান ৰেচম কেন্দ্ৰ। ইয়াত তৈয়াৰ হোৱা মুগা, এৰী আৰু পাটৰ কাপোৰ বিখ্যাত। এইবোৰ কাপোৰেৰে তৈয়াৰ কৰা মেখেলা চাদৰ আৰু গামোচাৰ অসমৰ বাদেও ভাৰতৰ আন ঠাইতো চাহিদা আছে। শুৱালকুছিত অসংখ্য হাতেবোৱা কাপোৰৰ উদ্যোগ থকা বাবে ইয়াক "অসমৰ মানচেষ্টাৰ" (Manchester of Assam) বুলি কোৱা হয়।[2][3] শুৱালকুছিৰ ৯৯ শতাংশ বাসিন্দাই প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাট-মুগাৰ সৈতে জড়িত হৈ আছে।[4] ২০১০ চনৰ পৰিসংখ্যা অনুসৰি অসমত উৎপাদন হোৱা ৮৮ শতাংশ পাট-মুগা বস্ত্ৰ কেৱল শুৱালকুছিতেই উৎপাদন হৈছিল।[4] ১৯৩৯ চনত শুৱালকুছিত তিনিশখন তাঁতশাল আছিল যদিও এতিয়া সেই সংখ্যা বাঢ়ি ২৫,৫৩৮খন হৈছেগৈ[4]

আগেয়ে অসমৰ শুৱালকুছিত পাট-মুগাৰ শিল্প কেন্দ্ৰীভূত হৈ আছিল যদিও বৰ্তমান অন্যান্য ঠাইলৈকো এই শিল্পই বিস্তাৰ লাভ কৰিছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Mulberry Silk >> Central Silk Board Ministry of Textiles - Govt of India". Archived from the original on 2012-10-19. https://web.archive.org/web/20121019083637/http://csb.gov.in/silk-sericulture/silk/mulberry-silk/ আহৰণ কৰা হৈছে: 2016-01-28.
  2. "Sualkuchi - the silk village of Assam". Assam Government. http://kamrup.gov.in/sualkuchi.htm আহৰণ কৰা হৈছে: December 29, 2012.
  3. "Sualkuchi". Assaminfo.com. http://www.assaminfo.com/tourist-places/32/sualkuchi.htm আহৰণ কৰা হৈছে: অক্টোবৰ ১৭, ২০১২.
  4. 1 2 3 "ছাঁতে শুকুৱা মুঠিতে লুকুৱা...". দ্য চানডে ইণ্ডিয়ান. মাৰ্চ ৪, ২০১২. Archived from the original on 2020-04-21. https://web.archive.org/web/20200421161410/http://www.thesundayindian.com/as/story/%E0%A6%9B%E0%A6%BE%E0%A6%81%E0%A6%A4%E0%A7%87-%E0%A6%B6%E0%A7%81%E0%A6%95%E0%A7%81%E0%A7%B1%E0%A6%BE-%E0%A6%AE%E0%A7%81%E0%A6%A0%E0%A6%BF%E0%A6%A4%E0%A7%87-%E0%A6%B2%E0%A7%81%E0%A6%95%E0%A7%81%E0%A7%B1%E0%A6%BE/25/1272/ আহৰণ কৰা হৈছে: ডিচেম্বৰ ২৮, ২০১২.