সমললৈ যাওক

মৃণাল কান্তি দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৃণাল কান্তি দাস
জন্ম ৩০ অক্টোবৰ, ১৯৬৫
মৃত্যু ৩ ছেপ্তেম্বৰ, ২০০৪
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰত
পেচা চিত্ৰগ্ৰহণকাৰী

মৃণাল কান্তি দাস (ইংৰাজী: Mrinal Kanti Das, ৩০ অক্টোবৰ, ১৯৬৫ - ৩ ছেপ্টেম্বৰ ২০০৪) এগৰাকী চিত্ৰগ্ৰহণকাৰী আৰু চলচ্চিত্ৰ পৰিচালক। পুণে ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ স্নাতক মৃণাল কান্তি দাসে কেবাখনো অসমীয়া ছবিৰ চিত্ৰগ্ৰহণকাৰী হিচাপে কাম কৰাৰ লগতে দূৰদৰ্শন ধাৰাবাহিকৰ পৰিচালক হিচাপেও কাম কৰিছিল। ১৯৯৬ চনত 'ৰাগ-বিৰাগ' আৰু 'অদাহ্য'ৰ চিত্ৰগ্ৰহণৰ বাবে তেখেতে শ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। চিত্ৰগ্ৰহণক পেচা হিচাপে লোৱাৰ আগতে দাস পৰ্বতাৰোহনত আগ্ৰহী আছিল। ১৯৮৬ চনত পশ্চিম হিমালয়ৰ মেন্‌থোছা শৃংগত আৰোহন কৰা প্ৰথমজন ভাৰতীয় আছিল মৃণাল কান্তি দাস। সৰুৰেপৰাই বন্য জীৱ-জন্তুৰ প্ৰতি আকৃষ্ট দাসে অসম চৰকাৰৰ প্ৰশাসনীয় সেৱাত উত্তীৰ্ণ হৈ ফৰেষ্টাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল যদিও চিত্ৰগ্ৰহণৰ বাবে তেওঁ সেই চাকৰী ত্যাগ কৰে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মৃণাল কান্তি দাস-ৰ জন্ম হৈছিল গুৱাহাটীত, ১৯৬৫ চনৰ অক্টোবৰ মাহৰ ৩০ তাৰিখে। তেখেতৰ পিতৃৰ নাম গতিৰাম দাস। গুৱাহাটীতে স্কুলীয়া শিক্ষা লোৱাৰ পাছত তেখেতে গুৱাহাটীৰে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা স্নাতক শিক্ষা সমাপ্ত কৰে আৰু অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বহে। পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে অসম ফৰেষ্ট বিভাগৰ সহকাৰী কনজাৰ্ভেটৰৰ পদত যোগদান কৰে।[1]

অসম ফৰেষ্ট বিভাগৰ সহকাৰী কনজাৰ্ভেটৰ হিচাপে মৃণাল কান্তি দাসে অসমৰ কেবাঠাইতো সেৱা আগবঢ়ায়। কিন্তু সেই সময়তে তেখেতৰ এজন অভিন্ন বন্ধুৰ মৃত্যু হয় পথ দুৰ্ঘটনাত। তেখেতৰ বন্ধুৰ ইচ্ছা আছিল চলচ্চিত্ৰ নিৰ্মাণত ব্ৰতী হোৱাৰ, আৰু বন্ধুৱে তেতিয়া কলিকতাত চলচ্চিত্ৰ সম্পাদকৰূপে কাম কৰি আছিল। বন্ধুৰ বিয়োগত মৰ্মাহত মৃণাল কান্তিয়ে নিজে চিনেমা জগতত কিবা এটা কৰাৰ সিদ্ধান্ত লয় আৰু সেই মৰ্মেই পুণেৰ ফিল্ম এণ্ড টিভি ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ নামভৰ্তিৰ বাচনি পৰীক্ষাত অৱতীৰ্ণ হয়।[1]

চলচ্চিত্ৰগ্ৰহণকাৰী

[সম্পাদনা কৰক]

ফিল্ম এণ্ড টিভি ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চলচ্চিত্ৰগ্ৰহণৰ পাঠ্যক্ৰমৰ বাচনি পৰীক্ষাত তেওঁ প্ৰথম হয় আৰু ১৯৮৯ চনত তিনি বছৰীয়া পাঠ্যক্ৰমৰ বাবে পুণেলৈ যায়। তাত পঢ়ি থকা সময়ত তেওঁ চিত্ৰগ্ৰহণ কৰা এখন ছুটী ছবিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে। ১৯৯২ চনত শিক্ষা সাং কৰি মৃণাল কান্তিয়ে মুম্বাইৰ প্ৰখ্যাত চলচ্চিত্ৰগ্ৰহণকাৰী বিনোদ প্ৰধানৰ সহকাৰী হিচাপে কিছুদিন কাম কৰে আৰু পাছত অসমলৈ আহে।[1]

অসমলৈ উভতি আহিয়েই ১৯৯২ চনত মৃণাল কান্তি দাসে দীপক শৰ্মাৰ দ্বাৰা পৰিচালিত 'উন্মেষণ' নামৰ অসমীয়া কথা-ছবি এখনৰ চিত্ৰগ্ৰহণৰ কাম কৰে। অৱশ্যে ছবিখন সম্পূৰ্ণ নহ'ল। ইয়াৰ পিছতে তেওঁ কাম কৰা ছবি আছিল সঞ্জীৱ হাজৰিকামীমাংসা (১৯৯৮)। বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত এই ছবিখনৰ জৰিয়তে মৃণাল কান্তি দাসৰ চিত্ৰগ্ৰহণৰ কাম প্ৰশংসিত হয়।[1]

১৯৯৬ চনত তেওঁ বিদ্যুৎ চক্ৰৱৰ্তীৰাগ-বিৰাগ আৰু সান্তনা বৰদলৈঅদাহ্যৰ চিত্ৰগ্ৰহণৰ কাম কৰে। দুয়োখন ছবিত কৰা কামৰ বাবে তেওঁ ১৯৯৭ চনৰ শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।[2]

ইয়াৰ পাছত ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত মঞ্জু বৰাবৈভৱ, আৰু বড়ো ভাষাৰ ছবি পানৈ-জংকি (২০০২)ৰ চিত্ৰগ্ৰহণ কৰে। দুয়োখন ছবিৰ কামেই ৰাষ্ট্ৰীয় বঁটাৰ জুৰীৰদ্বাৰা উচ্চ প্ৰশংসিত হয়।[3]

২০০০ চনত মৃণাল কান্তি দাসে চিত্ৰগ্ৰহণ কৰা দুখন বাণিজ্যিক অসমীয়া কথাছবিয়ে মুক্তিলাভ কৰে। ছবি দুখন আছিল মুনীন বৰুৱাহিয়া দিয়া নিয়া, আৰু বিদ্যুৎ চক্ৰৱৰ্তীগুণ গুণ গানে গানে। দুয়োখন ছবিয়েই ব্যৱসায়িকভাৱে সফল ছবি আছিল।[1]

চিত্ৰ নিৰ্মাতা

[সম্পাদনা কৰক]

১৯৯৪ চনত মৃণাল কান্তি দাসে নিজে পৰিচালনা কৰিছিল ১৩টা খণ্ডৰ এখন দূৰদৰ্শন ধাৰাবাহিক 'ৰুদালি'। ইয়াৰ উপৰিও তেখেতে অসমৰ জয়পুৰ বৰ্ষাৰণ্য-ৰ ওপৰত নিৰ্মিত স্পন্দন-কে ধৰি[4] কেবাখনো তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল।[1]

অৰণ্যৰ প্ৰতি আকৰ্ষিত মৃণাল কান্তি দাসে নিজৰ কাহিনী আৰু চিত্ৰনাট্যৰে 'অৰণ্যত বৰষুণ' নামৰ এখন চলচ্চিত্ৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। ২০০৩-২০০৪ চনৰ সময়চোৱাত মুক্তি দিয়াৰ লক্ষ্যৰে নিৰ্মাণ কৰা ছবিখনৰ ১০% চিত্ৰগ্ৰহণ কৰাৰ পাছত মৃণাল কান্তি দাসৰ মৃত্যু হয়।[4] ২০১৪ চনৰ ৬ ছেপ্টেম্বৰত মৃণাল কান্তি দাস সোঁৱৰণী অনুষ্ঠানত তেখেতৰ পত্নী ৰুবী দাসে অভিযোগ কৰে যে 'অৰণ্যত বৰষুণ'ৰ চিত্ৰনাট্য নকল কৰি কাহিনীত সামান্য সালসলনি কৰি এখন ছবি নিৰ্মাণ কৰা হৈছে, য'ত মৃণাল কান্তি দাসৰ নাম দিয়া হোৱা নাই।[4]

পৰ্বতাৰোহণ

[সম্পাদনা কৰক]

কিশোৰ অৱস্থাতে দাস পৰ্বতৰোহণৰ প্ৰতি আকৃষ্ট হৈছিল। কিশোৰ অৱস্থাত গুৱাহাটীৰ আশ-পাশৰ পাহাৰতে ট্ৰেকিং আৰু পৰ্বতাৰোহনৰ শিক্ষা লোৱা মৃণাল কান্তি দাসে পাছলৈ কেবাবাৰো হিমালয়ৰ বিভিন্ন শৃংগ আৰোহন কৰিছে। ১৯৮৬ চনত মৃণাল কান্তি দাসে পশ্চিম হিমালয়ৰ মেন্‌থোচা শৃংগত আৰোহন কৰি এই শৃংগ আৰোহন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।[1] পাছৰ বয়সতো তেখেত পৰ্বতাৰোহনৰ প্ৰতি আকৃষ্ট আছিল।

'অৰণ্যত বৰষুণ' ছবিৰ কামৰ বাবে অসমৰ বিভিন্ন ঠাই ভ্ৰমি ফুৰা দাস ২০০৪ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে নিশা যোৰহাটৰ কাষৰীয়া ঠাই এখনত দুৰ্ঘটনাত পতিত হয়। সেই পথ দুৰ্ঘটনাস্থলীতে তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।[4] মৃত্যৰ সময়ত তেখেতে মাতৃ, পত্নী আৰু একমাত্ৰ জীয়ৰীক এৰি থৈ যায়।

তথ্য উংস

[সম্পাদনা কৰক]