সমললৈ যাওক

হেমাঙ্গ বিশ্বাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেমাঙ্গ বিশ্বাস
জন্ম ১৪ ডিচেম্বৰ, ১৯১২ (১১৩ বছৰ)
মিৰাছী গাঁও, শ্ৰীহট্ট জিলা, ব্ৰিটিছ ভাৰত
মৃত্যু ২২ নৱেম্বৰ, ১৯৮৭ (৭৪ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
নাগৰিকত্ব ভাৰত
ধৰ্ম হিন্দু ধৰ্ম

হেমাঙ্গ বিশ্বাস (ইংৰাজী: Hemanga Biswas; ১৪ ডিচেম্বৰ ১৯১২ - ২২ নৱেম্বৰ ১৯৮৭) এগৰাকী গীতিকাৰ, কবি, কণ্ঠশিল্পী আৰু নিবন্ধকাৰ হিচাপে জনাজাত যিজনে মূলতঃ অসমীয়া আৰু বাংলা সাহিত্য ৰচনাৰে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল[1]। তেখেত অসমৰ গণনাট্য সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল[1]। মূলত লোকসংগীতক কেন্দ্ৰ কৰি গণসংগীত সৃষ্টিৰ ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযোগ্য[2]

১৯১২ চনৰ ১৪ ডিচেম্বৰৰ দিনা বৰ্তমান বাংলাদেশৰ অন্তৰ্গত শ্ৰীহট্ট জিলাৰ মিৰাছী গাঁৱত হেমাঙ্গ বিশ্বাসৰ জন্ম হয়[3]। তেওঁৰ পিতৃ হৰকুমাৰ বিশ্বাস মিৰাছী জিলাৰ তৰপ পৰগণাৰ এজন সৰুসুৰা জমিদাৰ আছিল। মাতৃ সৰোজিনী আছিল এগৰাকী সুকণ্ঠী গায়িকা। মাতৃ আৰু মামাৰ পৰা বিশ্বাসে সংগীত শিক্ষাৰ প্ৰেৰণা পাইছিল আৰু শৈশৱতে তেওঁ বিভিন্ন লোকগীত, লোকনৃত্য,যাত্ৰা আদিৰ সৈতে পৰিচিত হৈছিল। [উদ্ধৃতিৰ প্ৰয়োজন]

শিক্ষা আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

হেমাঙ্গ বিশ্বাসে তেওঁৰ পঢ়াশালীয়া জীৱন গাঁৱৰ বিদ্যালয়তে আৰম্ভ কৰে। তাৰ পাছত মিৰাঁশীৰে হাইস্কুলত দুশ্ৰেণীমান পঢ়ে। ১৯২৫-১৯২৭ৰ সময়ছোৱাত তেওঁ ডিব্ৰুগড়ৰ জৰ্জ স্কুলত পঢ়া-শুনা কৰিছিল। তেতিয়া বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছিল বাগ্মীবৰ নীলমনি ফুকন। সেই সময়ৰে পৰা অসমীয়া সমাজ, সংস্কৃতিৰ বিভিন্ন দিশৰ প্ৰতি বিশ্বাস আকৃষ্ট হৈছিল আৰু অসমীয়া সমাজখনৰ সৈতে তেওঁৰ আত্মীয়তা গঢ়ি উঠিছিল। তেওঁ প্ৰথম ৰবীন্দ্ৰ সংগীতৰ শিক্ষা লৈছিল ডিব্ৰুগড়ৰ এগৰাকী অসমীয়া লোহিত কাকতিৰ পৰা। সেই সময়ৰ অসমৰ সম্ভ্ৰান্ত মানুহে অশ্লীল বুলি ইতিকিং কৰা বিহুগীত, বনগীত আদিও শিকিছিল অসমীয়া ল'ৰা-ছোৱালীৰ সৈতে লুকাই চুৰকৈ। [উদ্ধৃতিৰ প্ৰয়োজন]

ডিব্ৰুগড়ৰ পাছত বিশ্বাসে হৰিগঞ্জৰ চৰকাৰী হাইস্কুলত নামভৰ্তি কৰে আৰু ১৯৩০ চনত তাৰপৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৩০ চনৰ মাজভাগত ১৪৪ ধাৰা ভংগ কৰি সভা অনুষ্ঠিত কৰাৰ বাবে তেওঁৰ জেল হৈছিল। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰি তেওঁক নগাঁও জেললৈ পঠোৱা হয়। ইয়াতেই কংগ্ৰেছী নেতা বিমলা প্ৰসাদ চলিহা (পাছত অসমৰ মুখ্যমন্ত্ৰী)ৰ সতে তেওঁৰ পৰিচয় হয়। চলিহাৰ পৰা তেওঁ বনগীতৰ শিক্ষা লৈছিল। কেইমাহমানৰ পাছত জেলৰ পৰা ওলাই গৈ বিশ্বাসে শ্ৰীহট্টৰ মুৰাৰীচাঁদ কলেজত বিজ্ঞান শাখাত নাম লগায়। কিন্তু আইন অমান্য আন্দোলনত যোগ দিয়া হেতুকে কলেজৰ পৰা বহিষ্কৃত হয়। তাৰ পাছত তেওঁ বংগ আৰু অসমৰ বিভিন্ন গাঁৱত স্বাধীনতাৰ সপক্ষে প্ৰচাৰ অভিযানত সক্ৰিয়ভাৱে জড়িত হৈ পৰে। ফলত পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰে। বিচাৰত তেওঁৰ আঢ়ৈ বছৰ কাৰাদণ্ড হয়। বিশ্বাসক প্ৰথমে চিলেট জেল,পাছত নগাওঁ আৰু নগাঁৱৰ পৰা পুনৰ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ পঠোৱা হয়। জেলত থকা অৱস্থাতেই তেওঁ যক্ষ্মা ৰোগত আক্ৰান্ত হয় আৰু তেওঁৰ স্বাস্থ্য ভাঙি পৰে। জেইলাৰ ৰায়বাহাদুৰ সতীশ চৌধুৰীয়ে আগবঢ়োৱা ‘এখন বগা কাগজত মাথোঁ চহী এটা’ৰ বিনিময়ত ‘জেলৰ পৰা মুক্তি’ৰ প্ৰস্তাব বিশ্বাসে প্ৰত্যাখ্যান কৰে। তেৰ মাহৰ পিছত গুৰুতৰভাৱে অসুস্থ হৈ পৰা বিশ্বাসক জেল কৰ্ত্তৃপক্ষই বিনাচৰ্তে মুক্তি দিয়ে আৰু তেওঁ যাদৱপুৰ যক্ষ্মা হস্পিটেলত চিকিৎসা গ্ৰহণ কৰে। প্ৰায় তিনিবছৰৰ পিছত সুস্থ হৈ তেওঁ নিজৰ গাঁৱলৈ উভতি যায়।

গানৰ তালিকা

[সম্পাদনা কৰক]
  1. ভেদি অনশন মৃত্যু
  2. ৰুশদেশেৰ কমৰেড লেনিন
  3. পূৰ্ব দিক লাল
  4. আৰো বসন্ত বহু বসন্ত তোমাৰ নামে আসুক
  5. এই সমাধিতলে
  6. ঝঞ্ঝা ঝড় মৃত্যু
  7. জন ব্ৰাউনেৰ দেহ শুয়ে
  8. আমৰা কৰবো জয়
  9. টগবগ ধাবমান অশ্বখুৰে
  10. কল্লোল
  11. লঙ্গৰ ছাড়িয়া নাও-এৰ দে
  12. কাৰাগাৰ বন্দী
  13. ধীৰে বহে ইয়াংসি
  14. সাগৰযাত্ৰা নাবিক নিৰ্ভৰ
  15. শঙ্খচিল
  16. ফুলগুলি কোথায় গেল
  17. ভাৰতেৰ হিমালয়েৰ এক শিশু দেবদাৰু
  18. মহানগৰীৰ ৰাজপথে যত ৰক্তেৰ স্বাক্ষৰ
  19. আমি যে দেখেছি সেই দেশ
  20. জালিনাবাগেৰ জালালাবাদেৰ
  21. আমৰা তো ভুলি নাই শহীদ
  22. তিব্বতী গান
  23. জন হেনৰী
  24. মাউন্টব্যাটেন মঙ্গলকাব্য
  25. বেহুলাৰ ভেলায়
  26. বাংলা বন্যায়
  27. আমি যাই শাওশান
  28. বাঁচবোৰে বাঁচবো
  29. ভাঙা বাংলাৰ তাৰ-ছেঁড়া বাউল
  30. আজাদী হয়নি আজও তোৰ
  31. চীনেৰ একটি লোকগীতি
  32. তোৰ মৰাগাঙে আইল এবাৰ বান
  33. ঢাকাৰ ডাক
  34. হবিগঞ্জেৰ জালালী কইতৰ
  35. তোৰা বল সখী বল
  36. পদ্মা কও, কও আমাৰে
  37. মন কান্দেৰে পদ্মাৰ চৰেৰ লাইগা
  38. লাল লণ্ঠন নাটকেৰ গান
  39. গুলিবিদ্ধ গান যে আমাৰ
  40. এগিয়ে চল মুক্তিসেনা
  41. এ মাটিৰ এই ধূলিকণায়
  42. আমাৰ গাঁয়েৰ শীৰ্ণ নদী
  43. মুক্তি শিবিৰে হাঁকে বিউগল
  44. তোৰা যে মাতৃমুক্তি-মন্ত্ৰী
  45. আমৰা যুগেৰ স্বপ্ন ওৰে
  46. কাস্তেটাৰে দিও জোৰে শান
  47. উদয় পথেৰ যাত্ৰী
  48. ঘোৰ তমসা ভেদি
  49. প্ৰাণেৰ বদলে চাই প্ৰতিদান
  50. মিলিত প্ৰাণেৰ ৰুদ্ধ দেউলে
  51. তবু মৃত্যু এসেছে বৰাভয়
  52. আজব দেশেৰ আজব লীলা
  53. তেলেঙ্গানা তেলেঙ্গানা
  54. হাৰাধন ৰঙমন কথা
  55. প্ৰতিধ্বনি শুনি
  56. থাকিলে ডোবাখানা হবে কচুৰিপানা
  57. ওৰা আমাদেৰ গান গাইতে দেয় না
  58. ফিৰাইয়া দে দে দে মোদেৰ কাইযুৰ বন্ধুদেৰে
  59. ঢেউ উঠেছে কাৰা টুটছে
  60. বীৰ প্ৰধান ও, বীৰ প্ৰধান ও
  61. দূৰে দূৰে বনধাৰে সাৰি সাৰি গ্ৰামৰে
  62. মোৰ জান প্ৰাণ ঐ লাল ধান আহা ৰে
  63. মূৰ্খ গাদাল হামৰাগুলা ভাওয়াইয়া গান গাই
  64. শতফুল বিকশিত হোক
  65. হুঁশিয়াৰ
  66. কমৰেড শোন বিউগ্‌ল ঐ হাঁকছে ৰে
  67. আন্তৰ্জাতিক

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]

অসমীয়া

[সম্পাদনা কৰক]
  1. কুল খুৰাৰ চোতাল (১৯৮৫)[1]
  2. আকৌ চীন চাই আহিলোঁ ১ম খণ্ড (১৯৭৫)
  3. আকৌ চীন চাই আহিলোঁ ২য় খণ্ড (১৯৭৭)
  4. জীৱনশিল্পী জ্যোতিপ্ৰসাদ (১৯৮৩)
  5. অসম আৰু বঙ্গৰ লোক-সঙ্গীত সমীক্ষা
  6. হেমাঙ্গ বিশ্বাস ৰচনাৱলী (২০০৮)
  1. বিষাণ (১৯৪৩)
  2. সীমান্ত প্ৰহৰী (১৯৬১)
  3. শঙ্খচিলেৰ গান (১৯৭৫)
  4. আমাৰ গান
  5. আবাৰ চীন দেখে এলাম (১৯৭৫)
  6. চীন থেকে ফিৰে (১৯৭৭)
  7. লোকসংগীত সমীক্ষা: বাংলা ও আসাম (১৯৭৮)
  8. হেমাঙ্গ বিশ্বাসেৰ গান (১৯৮০)
  9. উজান গাঙ বাইয়া (১৯৯০)
  10. গানেৰ বাহিৰানা (১৯৯৮)
  11. হেমাঙ্গ বিশ্বাস ৰচনাসংগ্ৰহ ১ (২০১২)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]