বাৰমাহী গীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

বাৰমাহী গীত হৈছে এবিধ মালিতা। ই বৰ্ণনামূলক গীত। মালিতাৰ অন্য নাম বেলাড (ইংৰাজী: Ballad)।[1] 'ফুলৱণ্তী কন্যাৰ শান্তি বাৰমাহী গীত','শান্তি বাৰমাহী','মধুমতী গীত' আদি হৈছে কিছুমান বাৰমাহী গীতৰ উদাহৰণ।

শ্ৰেণী ভাগ আৰু অন্যনাম[সম্পাদনা কৰক]

ভাৰতৰ আন আন প্ৰদেশত বাৰমাহী গীতক 'বাৰমাসী' বা 'বাৰমাসা' গীত বুলিও কোৱা হয়। সাধাৰণতে মালিতাৰ বিভিন্ন প্ৰকাৰ সমূহ হৈছে:

  1. পুৰাণগত মালিতা
  2. নৈদানিক মালিতা
  3. ঐতিহাসিক মালিতা
  4. জনশ্ৰুতিমূলক মালিতা
  5. যাদুমূলক বা বিস্ময়াবহ বা অলৌকিক মালিতা
  6. ব্যংগাত্মক মালিতা
  7. বাস্তৱানুগ মালিতা আদি।

বাৰমাহী গীত সমূহ বাস্তৱানুগ মালিতাৰ অন্তৰ্ভুক্ত।

বৈশিষ্ট্য[সম্পাদনা কৰক]

বাৰমাহী গীতসমূহ হৈছে একপ্ৰকাৰৰ মালিতা বিশেষ। এই গীত সমূহ বৰ্ণনাত্মক বা কাহিনী বিশিষ্ট গীত। এই সমূহ অসমীয়া লোক-সাহিত্যৰ সম্পদস্বৰূপ।[2] সাধাৰণতে বাৰমাহী গীত সমূহ মানুহৰ মুখে মুখে প্ৰচলিত। জনকবিয়ে প্ৰকৃতিৰ লগত সম্বন্ধ ৰাখি ইয়াত, বাৰমাহৰ সুন্দৰ বৰ্ণনা দিছে।[3] এই বাৰমাহী গীত সমূহ কামৰূপ আৰু গোৱালপাৰা জিলাতেহে বিশেষ ভাৱে প্ৰচলিত কিন্তু বেলেগ বেলেগ অঞ্চলত এই একে গীতেই ভিন ভিন ৰূপত পোৱা যায়। এই গীত সমূহৰ নিৰ্দিষ্ট সুৰ আছে। বস্তুনিষ্ঠ ঘটনাৰ গতি, কাহিনী, কথোপকথন আদিৰ সহায়ত এইবিধ গীত ক্ষিপ্ৰতাৰে উপসংহাৰৰ ফালে আগবাঢ়ে। এই গীত সমূহৰ কাহিনী বৰ্ণিত অৰ্থাৎ 'পদবন্ধে'। বাদ্যযন্ত্ৰ আৰু নাচৰ সহায়তো এই মালিতা সমূহ পৰিৱেশন কৰা হয়। বাহৰমাহী গীতত কম-বেছি পৰিমাণে জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ প্ৰতিফলন ঘটে। বাৰমাহী গীতৰ দৰে আন আন বাস্তৱানুগ মালিতা হৈছে- দুবলা শান্তিৰ গীত, সাউদৰ গীত আদি। বাৰমাহী গীত সমূহ সাধাৰণতে বিভিন্ন প্ৰসংগত মহিলা সকলেহে গাই। 'বাৰমাহী গীত'ৰ ৰস- আদি আৰু কৰুণ।[3]

বিষয়বস্তু[সম্পাদনা কৰক]

বাৰমাহী গীতত প্ৰেমিক-প্ৰেমিকাৰ প্ৰণয় আৰু বিৰহৰ নিদৰ্শন আদি ঋতু বা মাহ পৰিবৰ্তনৰ লগত প্ৰাকৃতিক পৰিবেশত বৰ্ণিত হোৱা দেখা যায়। 'বাৰমাহী গীত'ৰ ৰস- আদি আৰু কৰুণ। ড॰ প্ৰফুল্লদত্ত গোস্বামীয়ে কৈছে, "এজনী গাভৰুৱে হয়তো বিদেশত গিৰিয়েকক স্মৰণ কৰি প্ৰত্যেক মাহৰ নিৰ্সগ-জীৱনৰ পৰিৱৰ্তন আৰু নিজ অন্তৰৰ ক্ৰিয়া বৰ্ণনা কৰি গৈছে নতুবা কোনো সাউদে ঘাটত নাও বান্ধি অজ্ঞাতভাৱে নিজৰ ঘৈণীয়েকক মাহৰ পাছত মাহ প্ৰণয় যাঁচি গৈছে- এয়ে বাৰমাহী গীতৰ সাধাৰণ বিষয় বস্তু। "

পাতিৰাভা সকলৰ সমাজত প্ৰচলিত মাৰেগানৰ ওজা আৰু পালিয়ে গোৱা বেউলা বাৰমাহী নামৰ এটি গীতৰ কথা হৈছে এনেধৰণৰ:

বহাগৰ মাহতে প্ৰভু শিলে বৰহিলে।
সেই ন-পানীৰ গুণে নানা ফুল ফুলে॥
জেঠৰ মাহতে ৰ'দে কৰে হুৰাহুৰি।
বৰ ঘৰটো ভাঙাইলে যে বিনা বাওঁ মুৰালি॥
আহাৰ মাহত প্ৰভু আকাশে কৰে আশা।
বনেৰ ঢলিয়া চোকা সিয়ো বান্ধে বাসা॥


আন এটি গীত হ'ল- 'বাৰ মাহৰ খাদ্য'
জেঠে দৈ আহাৰে আখৈ
শাওণে মৰাপাট,
ভাদত ঔ আহিনত কঁচু
কাতিত কল,
আঘোণত পুঁই পুহত জুই
মাঘৰ পঁইতা বাঘৰ বল।
ফাগুণত তেল চ'তত বেল
বহাগৰ লাৰু পিঠা জ্বৰতেই গেল।

গীত পৰিবেশনৰ সময়[সম্পাদনা কৰক]

বাৰমাহী গীত সমূহ যেতিয়াই তেতিয়াই গোৱা নহয়। সাধাৰণতে এই গীত সমূহ আঘোণ মাহৰপৰা আৰম্ভ হোৱাৰ পৰম্পৰা প্ৰচলিত আছে। ব্যতিক্ৰম ভাৱে চ'ত, ব'হাগ আদি মাহৰ পৰাও বাৰমাহী গীত আৰম্ভ হোৱা দেখা যায়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]