বিকাশপেডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিকাশপেডিয়া
Vikaspedia

বিকাশপেডিয়াৰ ল'গ'
ইউ আৰ এল vikaspedia.gov.in
প্ৰকাৰ তথ্য আৰু জ্ঞানৰ প'ৰ্টেল
স্বত্বাধিকাৰী ভাৰত চৰকাৰ
মুকলি ১৮ ফেব্ৰুৱাৰী ২০১৪; ৯ বছৰ আগত (2014-02-18)[1]

বিকাশপেডিয়া (হিন্দী ভাষাত 'विकासपीडिया', ইংৰাজী ভাষাত 'Vikaspedia') ভাৰত চৰকাৰে আৰম্ভ কৰা এটি অনলাইন তথ্য পথপ্ৰদৰ্শক।[2][3] ৱেবচাইটটো চি-ডিএচি হায়দৰাবাদৰ দ্বাৰা চালিত আৰু বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়, যোগাযোগ তথা তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)ৰ দ্বাৰা স্থাপিত। আৰম্ভণিতে বিকাশপেডিয়াক ৫টা ভাষাত মুকলি কৰা হৈছিল-- অসমীয়া, ইংৰাজী, তেলুগু, হিন্দী আৰু মাৰাঠী[4]

ৱেবচাইটটো ১৮ ফেব্ৰুৱাৰী ২০১৪ত মুকলি কৰা হৈছিল আৰু বৰ্তমান কৃষি, স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, শক্তি আৰু ই-প্ৰশাসনৰ বিষয়ে তথ্য যোগান ধৰে।[5] পৰ্টেলটোৰ নাম হিন্দী ভাষাৰ 'ৱিকাচ' (যাৰ অৰ্থ বিকাশ) আৰু ইংৰাজী ভাষাৰ এনচাইক্ল'পিডিয়া (যাৰ অৰ্থ বিশ্বকোষ)ৰ পৰা লোৱা। পৰ্টেলটোত গোটেইকেইটা বিভাগৰ তথ্যই স্থানীয় ভাষাকেইটাত উপলব্ধ কৰোৱা হৈছে। বৰ্তমান বিকাশপেডিয়াৰ তামিল, মালায়ালম, কান্নাড়, বাংলা, গুজৰাটী, অসমীয়া আদি ২৩টা ভাষাৰ সংস্কৰণ খোলা হৈছে।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

বহিঃসংযোগ[সম্পাদনা কৰক]