সমললৈ যাওক

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়
মূলমন্ত্ৰ ज्ञान निष्ठा परिश्रमेन प्रसरनु
স্থাপিত ২০১৯
ধৰণ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়
অধ্যক্ষ সত্যজিৎ পাল
স্নাতক শিক্ষাৰ্থী ১৮০ প্ৰতি বছৰে
স্থান বগৰীজেং, গোলাঘাট, অসম, ভাৰত ভাৰত
উপনাম GEC
ভুক্তি অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়
ৱেবছাইট www.gecassam.ac.in

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় ২০১৯ চনত অসমৰ গোলাঘাট জিলাঅসম চৰকাৰে প্ৰতিষ্ঠা কৰে।[1][2] ২০১২ চনৰ ৩১ মাৰ্চ তাৰিখে তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ায়ে প্ৰস্তাৱিত এই মহাবিদ্যালয় খনৰ আধাৰশিলা স্থাপন কৰিছিল।[3] ২০১৯ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন কৰে।[4]

মহাবিদ্যালয় খনে ২০১৮-১৯ শিক্ষাবৰ্ষৰ পৰা অভিযান্ত্ৰিক পাঠ্যক্ৰম আৰম্ভ কৰে। মহাবিদ্যালয় খন সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ স্বীকৃৰ্তি প্ৰাপ্ত আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত।[5]এইখন অসমৰ ষষ্ঠখন ৰাজ্যিক চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত অভিযান্ত্ৰিক মহাবিদ্যালয়।

পাঠ্যক্ৰম

[সম্পাদনা কৰক]

মহাবিদ্যালয়খনে ব্যৱহাৰিক, যান্ত্ৰিক আৰু ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়ায় আৰু ই অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

বিভাগ সময় আসন
ব্যৱহাৰিক অভিযান্ত্ৰিক ৪ বছৰ ৬০
ৰাসায়নিক অভিযান্ত্ৰিক ৪ বছৰ ৬০
যান্ত্ৰিক অভিযান্ত্ৰিক ৪ বছৰ ৬০

নামভৰ্তি

[সম্পাদনা কৰক]
  • অভিযান্ত্ৰিক শিক্ষাৰ ডিপ্লোমা প্ৰাপ্ত শিক্ষাৰ্থীয়ে স্নাতক দ্বিতীয় বৰ্ষত অধ্যয়ন কৰিবলৈ অসম প্ৰযুক্তি শিক্ষা আয়ুক্তয়ে অনুষ্ঠিত কৰা সংযুক্ত পাৰ্শ্বিয় প্ৰৱেশ পৰীক্ষাৰ (Joint Lateral Entrance Examination) (JLEE) দ্বাৰা নামভৰ্তি কৰিব পাৰে।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Sanjoy Hazarika (2019-02-05). "Assam's Golaghat gets its 1st engineering college". The Telegraph India. https://www.telegraphindia.com/north-east/assam-s-golaghat-gets-its-1st-engineering-college/cid/1683803। আহৰণ কৰা হৈছে: 2025-04-16. 
  2. Sentinel Digital Desk (2019-02-05). "Technical Education Gets A Boost, CM Sarbananda Sonowal Inaugurates Golaghat Engineering College". Sentinel Assam. https://www.sentinelassam.com/north-east-india-news/assam-news/technical-education-gets-a-boost-cm-sarbananda-sonowal-inaugurates-golaghat-engineering-college। আহৰণ কৰা হৈছে: 2025-04-16. 
  3. "Foundation stone". https://www.assamtimes.org/node/6127। আহৰণ কৰা হৈছে: 19 June 2018. 
  4. "Assam's Golaghat gets its 1st engineering college". https://m.telegraphindia.com/states/north-east/assam-s-golaghat-gets-its-1st-engineering-college/cid/1683803। আহৰণ কৰা হৈছে: 8 February 2019. 
  5. Assam Science and Technology University. "Affiliated Colleges". প্ৰকাশক Guwahati: Assam Science and Technology Universityastu.ac.in. https://astu.ac.in/?page_id=172। আহৰণ কৰা হৈছে: 2025-04-16.