ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ছিৰাজ
ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ).jpg
পৰিচালক বিষ্ণুপ্ৰসাদ ৰাভা
ফণী শৰ্মা
প্ৰযোজক চিত্ৰাৱলী পিক্‌চাৰ্চ লিমিটেড
চিত্ৰনাট্য বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মা
কাহিনী লক্ষীধৰ শৰ্মা
ভিত্তি দেশপ্ৰাণ লক্ষীধৰ শৰ্মাৰ "ছিৰাজ"
অভিনয়ত ফণী শৰ্মা
ভৱ হাজৰিকা
ভূপেন হাজৰিকা
কল্পনা ভট্টাচাৰ্য্য তেৱাৰী
সংগীত পৰিচালক বিষ্ণুপ্ৰসাদ ৰাভা
চিত্ৰগ্ৰহণকাৰী সুধীশ ঘটক
সম্পাদনা কমল গাংগুলী
ষ্টুডিঅ’ কালী ফিল্ম ষ্টুডিঅ' (বৰ্তমানৰ নাম চিনে টেক্‌নিচিয়ান ষ্টুডিঅ')
পৰিবেশক কাশীপ্ৰসাদ বিহানী, নগাঁও
মুক্তি ১৯৪৮
দেশ ভাৰত
ভাষা অসমীয়া


ছিৰাজ অসমীয়া জনপ্ৰিয় চলচিত্ৰৰ এটা লেখত লবলগীয়া নাম। এই ছবিখনে সেই সময়ৰ অসমীয়া সমাজত ছাব বহুৱাবলৈ সক্ষম হৈছিল। অসমৰ কলা-শিল্প জগতৰ কেবাগৰাকী অগ্ৰণী ব্যক্তিৰ অৱদানেৰে পুষ্ট এই ছবিখনে প্ৰবল জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯৪৮ চনত বছৰটোত তেতিয়ালৈকে সৰ্বাধিক সংখ্যক চলচিত্ৰ নিৰ্মান হৈছিল। 'ছিৰাজ', 'পাৰঘাট', 'বিপ্লৱী', আৰু 'সতী বেউলা', এই কেউখন ছবিয়েই এই বছৰতে মুক্তিলাভ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই প্ৰযোজনা আৰু পৰিচালনা কৰা ছিৰাজখনেই আছিল আটাইতকৈ জনপ্ৰিয়। বৰ্তমান এই ছবিখনৰ প্ৰিণ্ট পাবলৈ নাই। ষাঠী দশকত কলিকতাৰ ষ্টুডিঅ'ৰপৰা ছবিখনৰ নিগেটিভখিনিও হেৰাই যায়।

নিৰ্মাণৰ আঁৰৰ কাহিনী[সম্পাদনা কৰক]

১৯৪৬ চনত ফণী শৰ্মাই ফিল্ম শিল্পৰ এটা স্থায়ী বুনিয়াদ ৰচনাৰ অৰ্থে এটা ৰাজহুৱা চিত্ৰ নিৰ্মান উদ্যোগ গঢ়াৰ পৰিকল্পনা কৰে। 'চিত্ৰাৱলী পিকচাৰ্চ লিমিটেড' নাম দি গঠন কৰা এই উদ্যোগৰ বাবে ৰাইজৰ মাজে কোম্পানীৰ অংশ বিক্ৰী কৰি টকা সংগ্ৰহ কৰিছিল। ছবিৰ নিৰ্মাণৰ কাম ধন সংগ্ৰহৰ গতিৰ সমান্তৰাল ভাৱে চলিছিল। দেশপ্ৰাণ লক্ষীধৰ শৰ্মাৰ 'ছিৰাজ' নামৰ গল্পৰ ওপৰত চিত্ৰনাট্য প্ৰস্তুত কৰে বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই। তেওঁলোককে ছবি পৰিচালনাৰো ভাৰ দিয়া হয়। ছবিখনৰ বহিৰ্দৃশ্যৰ অংশগ্ৰহন কৰা হৈছিল তেজপুৰৰ কাষৰ ঠাইত। আৰু অন্তৰ্দৃশ্যৰ ছুটিং কৰা হৈছিল কলিকতাৰ 'কালী ফিল্ম ষ্টুডিঅ'ত। ছবিৰ সংগীতৰ দায়িত্ব দিয়া হৈছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ হাতত। কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই দিয়া সুৰ স্ক্ৰিপ্টৰ লগত সংগতি নৰখা বাবে শেষ মূহুৰ্তত ভূপেন হাজৰিকা আৰু শিৱ ভট্টাচাৰ্য্যৰ সুৰ দিয়া দুটাকৈ গান ছবিত অন্তৰ্ভুক্ত কৰা হয়। এওঁলোক দুয়োকে সহকাৰী সংগীত পৰিচালক কৰি দিয়া হয়। ছবিখন নিৰ্মাণৰ কালত টকাৰ নাটনি হোৱাত চন্দ্ৰধৰ গোস্বামীয়ে নিজৰ 'নিপন' নামৰ জাহাজখন বিক্ৰী কৰি ২০,০০০ টকা যোগ দিয়ে। তাতো ছবিখন সম্পূৰ্ণ নোহোৱাত নগাঁৱৰ কাশীপ্ৰসাদ বিহানীৰপৰা টকা লৈ ছবিখন সম্পূৰ্ণ কৰা হয়। ১৯৪৮ চনত 'ছিৰাজ' ছবিঘৰত মুক্তি দিয়া হয়।

ছবিখনৰ কাহিনী[সম্পাদনা কৰক]

দুখীয়া পৰিয়ালৰ ছোৱালী সাবিত্ৰীৰ লগত ভাল পোৱা গঢ়ি উঠে ধনীৰ দুলাল কন্দৰ্পৰ। কিন্তু কন্দৰ্পৰ পৰিয়ালে কথা বেছি আগ নাবাঢ়োতেই কন্দৰ্পক কলিকতালৈ পঠিয়াই দি সাৱিত্ৰীৰ বিয়া ঠিক কৰি দিয়ে আন এজনৰ লগত। বিয়াৰ দিনা ৰাতি সাৱিত্ৰী পলাই যায়। সাৱিত্ৰীয়ে আশ্ৰয় পায় এগৰাকী ইছলাম ধৰ্মী মানুহ ছিৰাজৰ ঘৰত। ছিৰাজৰ ভনী ফাতেমাই গম পায় যে সাৱিত্ৰী অন্ত:সত্বা। এটা সময়ত এগৰাকী কন্যা সন্তানৰ জন্ম দি সাৱিত্ৰীৰ মৃত্যু হয়। ফাতেমাই ছোৱালীজনীৰ নাম দিয়ে নুৰ, ছিৰাজে নাম দিয়ে সীতা। আনফালে কন্দৰ্পৰ মাকে সাৱিত্ৰীৰ বিষয়ে মিছা কন্দৰ্পৰ আগত মিছা কথা কয়। কন্দৰ্প্ ধনী ঘৰৰ জীয়ৰী সৰযুৰ লগত বিয়াত বহে। ঘটনাক্ৰমত কন্দৰ্পই সীতাক লগ পাই আৰু সাৱিত্ৰীৰ প্ৰকৃত সত্যই জানিবলৈ পায়। কন্দৰ্পই সীতাক ছিৰাজৰ ওচৰৰপৰা আনি কলিকতাত থকা বন্ধু সুবিমল ফুকনৰ ওচৰত ৰাখে। সুবিমল ফুকনৰ ভাগিনীয়েক অনিলৰ লগত সীতাৰ বিয়াৰ দিন ঠিৰ কৰা হয়। তেনেতে কন্দৰ্পৰ পত্নী সৰযুৱে সীতাৰ প্ৰকৃত পৰিচয় জানিবলৈ পায় আৰু কন্দৰ্পৰ প্ৰতি বিদ্ৰোহী হৈ উঠে। সুবিমল ফুকনেও অনিলৰ বাবে সীতাক বিয়া কৰাবলৈ অমান্তি হয়। ছিৰাজে জাতি, ধৰ্মৰ ওপৰৰ এখন সমাজৰ স্বাৰ্থত সীতাক বিয়া কৰাবলৈ অনুৰোধ কৰে। কিন্তু ফুকন নিজৰ মতত অবিচল হৈ থাকে। ছিৰাজে সীতাক আকৌ নিজ গাঁৱলৈ লৈ যাবলৈ ওলায়, কিন্তু নতুন প্ৰজন্মৰ নৱ চিন্তাৰ বাহক অনিলে সমাজৰ বিপৰীতে ওলাই আহি সীতাক গ্ৰহন কৰে। এই ন-দম্পতীক প্ৰথমে আশীৰ্বাদ দিবলৈ আগবাঢ়ি আহে সৰযু।

ৰাইজৰ সঁহাৰি[সম্পাদনা কৰক]

ছিৰাজে দৰ্শকৰপৰা প্ৰচুৰ জনপ্ৰিয়তা আৰ্জন কৰে। দুখজনক ভাৱে ৰাইজৰ সঁহাৰি স্বত্তেও ছবিখনৰ নিৰ্মাতা 'চিত্ৰাৱলী পিকচাৰ্চে' লাভৰ মুখ দেখা নাপালে। ছবিখনৰ পৰিবেশনাৰ দায়িত্ব অন্যৰ হাতত থকা বাবে লাভৰ টকা মূল প্ৰযোজকৰ ওচৰলৈ অহা নাছিল।

অভিনয়ত[সম্পাদনা কৰক]

কলা-কুশলী[সম্পাদনা কৰক]

(তথ্যছকত উল্লেখ নথকা)

  • সহকাৰী সংগীত পৰিচালক: ভূপেন হাজৰিকা আৰু শিৱ ভট্টাচাৰ্য
  • সহকাৰী চিত্ৰগ্ৰহনকাৰী: নিৰ্মল মুখাৰ্জী আৰু বিভূতি চক্ৰৱৰ্তী
  • শব্দ: সমৰ বসু আৰু গোবিন্দ মল্লিক
  • সহকাৰী শব্দগ্ৰহনকাৰী: ৰমাপদ পুৰকায়ষ্ঠ আৰু জগন্নাথ চেটাৰ্জী
  • গীতিকাৰ: ভূপেন হাজৰিকা আৰু শিৱ ভট্টাচাৰ্য
  • নৃত্য পৰিকল্পনা: বিষ্ণুপ্ৰসাদ ৰাভা
  • কলা নিৰ্দেশনা: গোপী সেন

ছিৰাজৰ গান[সম্পাদনা কৰক]

  • অগ্নিযুগৰ ফিৰিঙতি মই, (কথা, সুৰ আৰু কণ্ঠ: ভূপেন হাজৰিকা)
  • কঁপি উঠে কিয় তাজমহল, (কথা, সুৰ আৰু কণ্ঠ: ভূপেন হাজৰিকা)
  • আৰু নবজাবি বীণ বাটৰুৱা, (কথা, সুৰ আৰু কণ্ঠ: শিৱ ভট্টাচাৰ্য)
  • বাবু ঘৰেৰ চাকুৰী অলকাৰে নগৰী, (কথা, সুৰ আৰু কণ্ঠ: শিৱ ভট্টাচাৰ্য)

নাটক[সম্পাদনা কৰক]

ছবিখনৰ প্ৰতি ৰাইজৰ প্ৰবল সঁহাৰি দেখি ফণী শৰ্মাই এই ছবিখনৰ নাট্য ৰূপ দিয়ে। নাটকৰ ৰূপতো 'ছিৰাজ'ক দৰ্শকে আঁকোৱালি লয়। নামভূমিকাত ফণী শৰ্মাৰ অভিনয় বৰ্তমান এক কিংবদন্তী স্বৰূপ হৈ পৰিছে।

ছিৰাজৰ পুনৰ্নিমান[সম্পাদনা কৰক]

১৯৮৮ চনত ড. ভূপেন হাজৰিকাই 'ছিৰাজ' পুনৰ্নিমান কৰে। ভূপেন হাজৰিকাই ফণী শৰ্মাক লৈ 'ছিৰাজ' আকৌ নিৰ্মান কৰাৰ আশা কৰিছিল যদিও, তেখেতৰ মৃত্যু হোৱাত 'ছিৰাজ'ৰ ৰিমেক-ত নাম ভূমিকাত অভিনয় কৰে নিপন গো্স্বামীয়ে। এইখন ছবিয়ে দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম নহ'ল।

প্ৰসংগ[সম্পাদনা কৰক]

  • দাস, অৰুণলোচন (২০০১); এবাৰ উভতি চাওঁ; শিশুসাৰথি প্ৰকাশন; গুৱাহাটী।