বিশ্বনাথ ঘাট
বিশ্বনাথ ক্ষেত্ৰ নামৰ প্ৰবন্ধ এই প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
বিশ্বনাথ ঘাট অসমৰ এখন ইতিহাসপ্ৰসিদ্ধ আৰু পৰ্য্যটকৰ বাবে অতি আকৰ্ষণীয় ঠাই । পৌৰাণিক ইতিহাস অনুসৰি ঠাইখনক গুপ্তকাশী বুলিও জনা যায় । বিশ্বনাথ জিলাৰ সদৰ বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় ৯ কিলোমিটাৰ দক্ষিণলৈ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত এই স্থান অৱস্থিত। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ এই স্থান পৰ্য্যটক সকলৰ বাবে যঠেষ্ট আৰ্কষণীয়। সুবিশাল ব্ৰহ্মপুত্ৰৰ জলৰাশি-বিধৌত অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্যই সকলো লোককে এই স্থানলৈ আকষৰ্ণ কৰে । বৰ্তমান ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত। আহোম ৰাজত্বকালত বিশ্বনাথত কেবাটাও দৌল দেৱালয় নিৰ্মাণ হৈছিল।[1]
বিশ্বনাথত অৱস্থিত ৩০ খন দেৱালয় হ'ল:-উমা, চক্ৰেশ্বৰ, হৰিহৰ-কৰ্দমেশ্বৰ, বাসুদেৱ, নাংগলেশ্বৰ, ভৈৰৱেশ্বৰ, বাঘেশ্বৰী[2] সিদ্ধেশ্বৰ, বিশ্বনাথ, চণ্ডী[3] কমলেশ্বৰ, শিৱনাথ, মুক্তিনাথ, বানেশ্বৰ বা বৰদ'ল[4] জাগ্ৰা, বুঢ়ামাধৱ(প্ৰতাপগড়), কালভৈৰৱ, বীৰভদ্ৰ বা বৰলা শিল, জোঙাশিল,পূৰ্বশংকৰ, সুৰ্য্যমাধৱ, অণ্ণপূৰ্ণা, গণেশ, বৃষধ্বজ, কাশীনাথ, উদ্ৰেশ্বৰ, গৌৰীবল্লভ, বিষ্ণু, দুৰ্গাশক্তি আৰু মংগল চণ্ডিকা।
বুৰঞ্জীত বিশ্বনাথ :কিছু উল্লেখ:
[সম্পাদনা কৰক]বিশ্বনাথত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ যজ্ঞ :-"ৰুদ্ৰসিংহ বিশ্বনাথত যজ্ঞ কৰিবলৈ আহিছিল। আখনত গুৱাহাটাত মুৰকৈ নৰা কোঁঞৰ ফুকনক থলে। পাণীফুকন, বৰগোহাঞি, ফুকন আলো ৰাজখোৱাবোৰ আছিল। পাচে তিনি ৰজা আহি চকীয়াল বৰুৱাৰ হাতত দিলে। মাঘৰ ১৩ দিন আছিতে বিজয়ৰাম সহিতে আমাৰ কটকী আহি জাগীত দহ দিন থাকি গুৱাহাটা পালেহি। মাধৱ কন্দলিয়ে ঘৰ চাওঁ বুলি বিজয়ৰামত জনাই ৬৬ লৈ জনাবলৈ গ'ল। পাচে ৬৬ ও যজ্ঞ সমাপ্ত কৰি গড়গাৱলৈ গল।" [5]
- বিশ্বনাথ অঞ্চলত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰবাস:- "কছাৰী সকলৰ লগত বাৰভুঞাৰ সংঘৰ্ষ হোৱাত শংকৰদেৱে বৰদোৱা অঞ্চল এৰি বিশ্বনাথ অঞ্চলত কিছুদিন থাকি তাৰপৰা উজাই কেইবা ঠাইতো ৰৈ শেষত মাজুলীৰ পশ্চিম অঞ্চলত ধুঁৱাহাট বা বেলগুৰিত বাৰ-চৈধ্য বছৰ সত্ৰ পাতি থাকে।" [6]
- মণিৰাম দেৱানৰ লগত বিশ্বনাথৰ সৰ্ম্পক:-
মণিৰাম দেৱানৰ আঠ ঠাইত আঠখন স্থায়ী ঘৰ-বাৰী আছিল। তাৰে এখন আছিল বিশ্বনাথত। মণিৰাম দেৱানৰ সৰু মাজু গৰাকী নগাঁৱৰ কঢ়ালৰ বৰুৱাৰ ঘৰৰ; লক্ষ্মীৰাম বৰুৱাৰ কন্যা চানা বা চম্পাৱতীৰ সৈতে পতা বিয়াখন বিশ্বনাথৰ পৰা পতা হৈছিল।" [7]
ছবিভঁৰাল
[সম্পাদনা কৰক]-
পুৰণি মূল মন্দিৰৰ লগতে নতুনকৈ সজা বিশ্বনাথ মন্দিৰ
-
ভালুকগোঁসাই
-
জাগ্ৰাবাবা
-
বীৰভদ্ৰ বা বৰলাশিল
-
পুৰণি বিশ্বনাথ মন্দিৰ
-
চক্ৰেশ্বৰ নামেৰে খ্যাত উমাটুমনীৰ মাজত অৱস্থিত চক্ৰেশ্বৰ শিলা।
-
বৰদ'ল বা বানেশ্বৰ দেৱালয়
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Indira Gandhi National Centre for the Arts (IGNCA)". http://www.ignca.nic.in/asp/all.asp?projectid=asstr0050001। আহৰণ কৰা হৈছে: December 13, 2012.
- ↑ "অধিক চিত্ৰৰ বাবে ক্লীক কৰক". http://www.ignca.nic.in/asp/all.asp?projectid=asstr0540001। আহৰণ কৰা হৈছে: December 13, 2012.
- ↑ "চণ্ডী মন্দিৰৰ আধিক চিত্ৰ চাওক". http://www.ignca.nic.in/asp/all.asp?projectid=asstr0130001। আহৰণ কৰা হৈছে: December 13, 2012.
- ↑ "ভিডিঅ' চাওক।". http://www.ignca.nic.in/। আহৰণ কৰা হৈছে: December 13, 2012.
- ↑ "জয়ন্তীয়া বুৰঞ্জী".
- ↑ ড৹ মহেশ্বৰ নেওগ. "পবিত্ৰ অসম".
- ↑ বেনুধৰ শৰ্মা।. "'মণিৰাম দেৱান'".