মা (চলচ্চিত্ৰ)
মা Maa | |
---|---|
মাৰ এটি গীতৰ দৃশ্য | |
পৰিচালক | ভবেন দাস |
ৰচনা | কাহিনী- কমল বৰা সংলাপ- মহেন্দ্ৰ বৰঠাকুৰ |
চিত্ৰনাট্য | মহেন্দ্ৰ বৰঠাকুৰ, ভবেন দাস |
প্ৰযোজক | এন চি দত্ত |
অভিনয়ত | বিজু ফুকন মলয়া গোস্বামী মৃদুলা বৰুৱা |
চিত্ৰগ্ৰহণকাৰী | অনিল গুপ্ত, জ্যোতি লাহা |
সম্পাদনা | ৰাসবিহাৰী সিনহা |
সংগীত পৰিচালক | ভূপেন হাজৰিকা |
মুক্তি |
২১ ফেব্ৰুৱাৰী ১৯৮৬ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
মা (ইংৰাজী: Maa) ভবেন দাস পৰিচালিত ১৯৮৬ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। এন চি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছিল এন চি দত্তই। সংগীত আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। মূল ভুমিকাত অভিনয় কৰিছে মলয়া গোস্বামী, মৃদুলা বৰুৱা, বিজু ফুকন আৰু নিপন গোস্বামীয়ে।[1]
সংক্ষিপ্ত কাহিনী
[সম্পাদনা কৰক]সুৰভি আৰু মিনতি বাই-ভনী, উচ্চ বংশৰ সন্তান। সুৰভিৰ বিয়া হয় এডভোকেট দীপক চৌধুৰীৰ সৈতে। মিনতিয়ে ঘৰৰ অসন্মতিত প্ৰেম-বিবাহ কৰায় স্কুল মাষ্টৰ অনিল কলিতাক। মিনতিৰ দুটা সন্তান সোণ আৰু জোন। আনফালে সুৰভি আছিল নিসন্তান। সন্তানৰ মুখ দেখিবলৈ সক্ষম নোহোৱা সুৰভিৰ অন্তৰখন দুখত জুৰুলি-জুপুৰি হৈ আছিল।[1]
ধন ঘটিবলৈ কৰা অত্যধিক পৰিশ্ৰমৰ বাবে অনিলৰ স্বাস্থ্য ভাঙি পৰিল। এদিন এক মটৰ দুৰ্ঘটনাত তেওঁৰ ভৰি এখন কটা গ’ল। চৰম দাৰিদ্ৰই ঘৰখনক গ্ৰাস কৰিলে। উপায়হীন হৈ মিনতিয়ে গিৰিয়েকৰ চিকিৎসাৰ বাবে সুৰভিৰ ওচৰলৈ টকা বিচাৰি গ’ল। সুৰভিয়ে জোনৰ বিনিময়ত ভনীয়েকক টকা দিলে। জোনক আৰু কেতিয়াও ঘূৰাই নিবিচাৰে বুলি মিনতিয়ে শপত খালে। ইফালে বৰষুণত তিতি চিকিৎসাৰ অভাৱত সোণৰ মৃত্যু হ’ল। দুটাকৈ সন্তান জন্ম দিও মিনতি নিসন্তান হৈ পৰিল। অনিলহঁতৰ আৰ্থিক দুৰৱস্থা দেখি এডভোকেট চৌধুৰীয়ে তেওঁলোকক গাঁৱৰ পৰা চহৰলৈ লৈ আহি ভাৰাঘৰতে থকাৰ ব্যৱস্থা কৰি দিলে আৰু কোনেও নজনাকৈ সহায় কৰি গ’ল।[1]
জোন ডাঙৰ হ’ল। কলেজত নাম লিখালে। এদিন গাড়ী চলাই আহোঁতে জোনে বাটত অনিলত খুন্দিয়ালে। সি অনিলক তাৰ গাড়ীতে উঠাই তেওঁলোকৰ ঘৰলৈ লৈ গ’ল। মিনতিয়ে মাকৰ মৰমেৰে তাক চাহ-জলপান খুৱাই পঠিয়াই দিলে। জোনে আহি কথাটো ঘৰত কওঁতে সুৰভিয়ে অজান আশংকাত সিঞৰি উঠিল; যদি মিনতিয়ে জোনক কাঢ়ি লৈ যায়! পৰিস্থিতি গহীন হৈ পৰিল। অনিলে মিনতিক লৈ গাঁৱলৈ উভতি গ’ল। এদিন অনিলৰ মৃত্যু হ’ল। অথচ অকলশৰীয়া মিনতিয়ে পূৰ্বৰ প্ৰতিশ্ৰুতি মতে পুতেকক নিজৰ চিনাকী দিব নোৱাৰে। এডভোকেট চৌধুৰীয়ে সুৰভিক বুজায় যদিও জোনক হেৰুওৱাৰ ভয়ত তাই বুজিব নিবিচাৰে।[1]
এদিন জোনে সকলো কথা গম পাই জন্মদাত্ৰী মাকক বিচাৰি গাঁৱলৈ গ’ল। জোনক নেদেখি সুৰভি আৰু দীপক চৌধুৰীও গাঁৱলৈ ৰাওনা হয়।[1]
অভিনয় শিল্পী
[সম্পাদনা কৰক]- বিজু ফুকন (এডভোকেট চৌধুৰী)
- নিপন গোস্বামী (অনিল মাষ্টৰ)
- মলয়া গোস্বামী (সুৰভি)
- মৃদুলা বৰুৱা (মিনতি)
- বিশ্বজিত
- ৰাজীৱ গোস্বামী
- ৰীতা
- দুৰ্গেশ্বৰ বৰঠাকুৰ
- মিৰেল কুদ্দুছ
- প্ৰতিভা ঠাকুৰ
- চেতনা দাস
- মালা শীল
- কৰবী কলিতা
- ৰবীন ডেকা
- অংশুমান (শিশুশিল্পী)
- মিকি (শিশুশিল্পী)
- ছোটো (শিশুশিল্পী)
- প্ৰলয় (শিশুশিল্পী)[1]
সঙ্গীত
[সম্পাদনা কৰক]সংগীত পৰিচালনা আৰু গীত ৰচনা ভূপেন হাজৰিকা। গীতসমূহ গাইছে শান্তা উজীৰ, মালবিকা বৰা আৰু পুলক বেনাৰ্জীয়ে।[1]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "নিশাৰ এন্ধাৰ পোহৰালে কোনে দূৰ আকাশৰ ৰূপালী জোনে" | ভূপেন হাজৰিকা | শান্তা উজীৰ | |||||||
2. | "জন্মদিন জন্মদিন শুভ জন্মদিন প্ৰতিদিন হয় যেন ৰঙীন ৰঙীন" | ভূপেন হাজৰিকা | শান্তা উজীৰ | |||||||
3. | "আমাৰে মইনা শুইছে বাৰীতে বগৰী ৰুইছে" | ভূপেন হাজৰিকা | মালবিকা বৰা | |||||||
4. | "মৎস্য কুৰ্ম নৰসিংহ বামণ পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম" | মাধৱদেৱ | মালবিকা বৰা | |||||||
5. | "মোৰে ভাৰতৰ পজাঁঘৰত নৈ পাৰৰে সোণ পথাৰত" | ভূপেন হাজৰিকা | পুলক বেনাৰ্জী, মালবিকা বৰা, শান্তা উজীৰ | |||||||
6. | "কহুৱা কোমল উশাহ মোৰ বন্ধ হ’ব খুজিছে" | ভূপেন হাজৰিকা | পুলক বেনাৰ্জী, শান্তা উজীৰ |
তথ্যউৎস
[সম্পাদনা কৰক]
|