ত্ৰৈলোক্য নাথ গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ত্ৰৈলোক্যনাথ গোস্বামীৰ পৰা পুনঃনিৰ্দেশিত)
ত্ৰৈলোক্য নাথ গোস্বামী

ত্ৰৈলোক্য নাথ গোস্বামী
জন্ম ১৯০৬
নলবাৰী, অসম
মৃত্যু ২ ফেব্ৰুৱাৰী, ১৯৮৮
পিতৃ-মাতৃ সিদ্ধেশ্বৰ গোস্বামী
পদ্মপ্ৰিয়া গোস্বামী

ত্ৰৈলোক্য নাথ গোস্বামী (ইংৰাজী: Trailokya Nath Goswami; জন্ম: ১৯০৬ - মৃত্যু: ১৯৮৮) একাধাৰে এজন অসমীয়া সাহিত্যিক সমালোচক, গল্পকাৰ, নন্দন তাত্ত্বিক, সুবক্তা আৰু শিক্ষাবিদ। ১৯৬৫ চনত ৰচিত আধুনিক গল্প সাহিত্য নামৰ গ্ৰন্থখনৰ বাবে গোস্বামীয়ে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ত্ৰৈলোক্য নাথ গোস্বামীদেৱৰ ১৯০৬ চনত চৈতন্যপন্থী নলবাৰী সত্ৰত জন্ম হয়। পিতৃ নাম সিদ্ধেশ্বৰ গোস্বামী আছিল আৰু তেওঁ সত্ৰৰ অধিকাৰ আছিল। মাতৃৰ নাম আছিল পদ্মপ্ৰিয়া গোস্বামী। ১৯২৬ চনত নলবাৰীগৰ্ডন হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কটন কলেজত নাম লগায়। ১৯৩০ চনত দৰ্শন বিভাগত সন্মানসহ স্নাতক উপাধি লাভ কৰে, আৰু ১৯৩২ চনত কটন কলেজৰপৰাই ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে। আৰ্ল ল’ কলেজৰ পৰা ১৯৩৫ চনত বি. এল. পৰীক্ষা পাছ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

প্ৰথমে "অক্সফোৰ্ড ইউনিভাৰ্ছিটি প্ৰেছ"ত কাৰ্যাধ্যক্ষৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। পাছলৈ নলবাৰীৰ গৰ্ডন হাইস্কুলত সহকাৰী শিক্ষক হিচাপে সোমায়। কিছুদিন কলিকতাৰ “অক্সফোৰ্ড ইউনিভাৰ্ছিটি প্ৰেছ”ত কাৰ্যাধ্যক্ষৰ সহায়কাৰীৰূপে কাম কৰাৰ পাছত নলবাৰী গৰ্ডন স্কুলত শিক্ষক হিচাপে যোগদান কৰি শিক্ষক জীৱনৰ পাতনি মেলে। তাৰপাছত উত্তৰ গুৱাহাটীৰ কমলেদেৱ ইনষ্টিটিউটত প্ৰধান শিক্ষকৰূপে আৰু যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰূপে, মাজতে কটন কলেজ আৰু শ্ৰষট্টৰ মুৰাৰীচাঁদ কলেজতো অধ্যাপনা কৰে। তেওঁ ধুবুৰী চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়তো শিক্ষকতা কৰিছিল। ১৯৪৫ চনত নলবাৰী মহাবিদ্যালয় প্ৰতিষ্ঠা হোৱাত, উক্ত মহাবিদ্যালয় ৰ অধ্যক্ষৰূপে তেওঁ যোগদান কৰে আৰু একেৰাহে ২৩ বছৰ নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি ১৯৬৮ চনৰ ১ অক্টোবৰৰ পৰা অৱসৰ গ্ৰহণ কৰে। গোস্বামীদেৱ জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বাধীন সমাজবাদী দলৰ এগৰাকী ৰাজনৈতিক কৰ্মীও আছিল। তেওঁ ১৯৫১ চনৰ সাধাৰণ নিৰ্বাচনত পূৱ নলবাৰী সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে অসম বিধানসভালৈ প্ৰতিদ্বন্দ্ব্বিতা কৰি পৰাজিত হৈছিল। তাৰ পাছৰপৰাই সক্ৰিয় ৰাজনীতি ত্যাগ কৰে।[2]

১৯৬০ আৰু ১৯৬১ চনত ক্ৰমে পলাশবাৰীআৰু গোৱালপাৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত সভাপতিত্ব কৰে।[3]

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

ত্ৰৈলোক্য নাথ গোস্বামীয়ে সাহিত্য সমালোচক হিচাপে খ্যাতি অৰ্জন কৰিছিল। প্ৰথমে কবিতাৰে সাহিত্যিক জীৱন আৰম্ভ কৰিছিল আৰু পাছলৈ গল্প লিখিবলৈ আৰম্ভ কৰে। তেওঁ ‘ঘৰ জেউতি’ত ‘ভাৰত ৰমণী’ কবিতাটি লিখি সাহিত্য জগতত প্ৰথম আত্মপ্ৰকাশ কৰে। তাৰপাছত তেওঁ আৱাহন আৰু বাঁহীত গল্প আৰু সমালোচনা লিখিছিল।

১৯৬৫ চনত ৰচিত আধুনিক গল্প সাহিত্য নামৰ গ্ৰন্থখনৰ বাবে গোস্বামীদেৱে ১৯৬৭ চনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। এই গ্ৰন্থখনক ১৯৬১-৬৫ চনৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ গ্ৰন্থৰূপেও অসম সাহিত্য সভাই পুৰস্কৃত কৰে। গ্ৰন্থখনত চুটিগল্প, পাশ্চাত্য গল্প সাহিত্যৰ চমু পৰিচয়, গল্পকাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু প্ৰেমচন্দ, অসমীয়া চুটিগল্পৰ ক্ৰমবিকাশ শীৰ্ষক আলোচনা সন্নিৱিষ্ট হৈছে। গ্ৰন্থখনৰ প্ৰথম খণ্ডত চুটি গল্পৰ সমাদৰ, চুটি গল্পৰ কাহিনী, দ্বন্দ্ব, ৰচনা কৌশল, কথা-বস্তু আদি; দ্বিতীয় খণ্ডত ওৱাছিংটন আৰভিং, এলেন পো, গগল, টুৰ্গেনিভ, মোপাছাঁ, চেখভ, হেমিংৱে, জ্যাঁপল ছাট্ৰে, ক্যেমু আদি; তৃতীয় খণ্ডত প্ৰখ্যাত গল্পকাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু হিন্দী গল্পকাৰ মুন্সি প্ৰেমচন্দৰ সাহিত্যিক প্ৰতিভা আদি আৰু চতুৰ্থ খণ্ডত ৩৭ গৰাকী অসমীয়া গল্পকাৰৰ গল্পৰ বিশ্লেষণ আৰু আলোচনা দাঙি ধৰা হৈছে।

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

গল্প পুথি[সম্পাদনা কৰক]

  • অৰুণা (১৯৪৮)
  • মৰীচিকা (১৯৪৮)
  • শিল্পীৰ জন্ম (১৯৫৭)
  • জীৱনৰ জীয়া জুই (১৯৭০)

ব্যংগ উপন্যাস[সম্পাদনা কৰক]

  • জীয়া মানুহ

সমালোচনা মূলক গ্ৰন্থ[সম্পাদনা কৰক]

  • সাহিত্য আলোচনা (১৯৫০)
  • আধুনিক গল্প সাহিত্য (১৯৬১)
  • সমুদ্ৰ মণ্ঠন (১৯৬৮)
  • ইংৰাজী সমালোচনাৰ ধাৰা আৰু অসমীয়া সাহিত্যত ইয়াৰ প্ৰভাৱ (১৯৭০)
  • সাহিত্যকলা আৰু তাৰ বিচাৰ (১৯৭০)
  • নন্দনত্তত্ত্বঃ প্ৰাচ্য আৰু পাশ্চাত্য (১৯৮০, এই গ্ৰন্থ প্ৰকাশন পৰিষদৰ দ্বাৰা পুৰস্কৃত)
  • চিন্তা তৰংগ

সম্পাদিত আলোচনী / গ্ৰন্থ[সম্পাদনা কৰক]

  • প্ৰবন্ধ চয়ন (১৯৬৫)
  • মন্দাকিনী (আলোচনী, ১৯৬৬)
  • জীৱনী চয়ন (১৯৬৫)
  • আধুনিক অসমীয়া গল্প সংগ্ৰহ

অপ্ৰকাশিত নাটক[সম্পাদনা কৰক]

  • পদুম কুঁৱৰী
  • বজাৰৰ এফাল

উপন্যাস[সম্পাদনা কৰক]

  • পমিলা

প্ৰকাশিত কাব্য পুথি[সম্পাদনা কৰক]

  • মানসী[4]

স্বীকৃতি আৰু সন্মান[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

প্ৰায় আঢ়ৈ কুৰি বছৰে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ হকে অক্লান্ত পৰিশ্ৰম আৰু নীৰৱকাশ সাধনাৰে জাতিক ধন্য কৰি যোৱা ত্ৰৈলোক্যনাথ গোস্বামীৰ ১৯৮৮ চনৰ ফেব্ৰুৱাৰী মাহৰ ২ তাৰিখে মৃত্যু ঘটে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  2. গ্ৰন্থ- “সাহিত্য একাডেমী বটা বিজয়ী অসমীয়া লিখক,সমীন কলিতা, পৃষ্ঠা নং- ৪২,৪৩ আৰু ৪৪।
  3. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  4. শিৱনাথ বৰ্মন, অসমীয়া জীৱনী অভিধান, চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, ১৯৯২, পৃ: ২২৭