বাৰ্তা:ত্ৰৈলোক্য নাথ গোস্বামী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


একত্ৰীকৰণ[সম্পাদনা কৰক]

চন্দ্ৰমা কলিতাই একে নামৰে এটা প্ৰবন্ধৰ সৃষ্টি কৰিছিল| সম্পাদনা কৰি দুয়োটা লগলগাই থলো| নিম্নোক্ত খিনি চন্দ্ৰমা কলিতাই লিখা পাঠ|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 15:29, 18 এপ্ৰিল 2012 (UTC)

জন্মঃ

১৯০৬ চনৰ ৩ মাৰ্চত নলবাৰী সত্ৰত।

শিক্ষাঃ

১৯২৬ চনত নলবাৰী গৰ্ডন হাইস্কুলৰ পৰা প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৩০ চনত দৰ্শন বিষয়ত বি.এ. পাছ কৰে। ১৯৩২ চনত এম.এ. আৰু ১৯৩৫ চনত বি.এল. উপাধি অৰ্জন কৰে।

কৰ্মজীৱনঃ

কিছুদিন কলিকতাৰ “অক্সফোৰ্ড ইউনিভাৰ্ছিটি প্ৰেছ”ত কাৰ্যাধ্যক্ষৰ সহায়কাৰীৰূপে কাম কৰাৰ পাছত নলবাৰী গৰ্ডন স্কুলত শিক্ষক হিচাপে যোগদান কৰি শিক্ষক জীৱনৰ পাতনি মেলে। তাৰপাছত উত্তৰ গুৱাহাটীৰ কমলেদেৱ ইনষ্টিটিউটত প্ৰধান শিক্ষকৰূপে আৰু যোৰহাটৰ চৰকাৰী হাইস্কুলৰ সহকাৰী শিক্ষকৰূপে, মাজতে কটন কলেজ আৰু শ্ৰষট্টৰ মুৰাৰীচাঁদ কলেজতো অধ্যাপনা কৰে। তেঁও ধুবুৰী চৰকাৰী হাইস্কুলতো শিক্ষকতা কৰিছিল। ১৯৪৫ চনত নলবাৰী কলেজ প্ৰতিষ্ঠা হোৱাত, উক্ত কলেজৰ অধ্যক্ষৰূপে তেঁও যোগদান কৰে আৰু একেৰাহে তেইছ বছৰ নলবাৰী কলেজৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি ১৯৬৮ চনৰ ১ অক্টোবৰৰ পৰা অৱসৰ গ্ৰহণ কৰে। গোস্বামীদেৱ জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বাধীন সমাজবাদী দলৰ এগৰাকী ৰাজনৈতিক কৰ্মীও আছিল। তেওঁ ১৯৫১ চনৰ সাধাৰণ নিৰ্বাচনত পূৱ নলবাৰী সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে অসম বিধান সভালৈ প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল।

সাহিত্যিক অৱদানঃ

ত্ৰৈলোক্যনাথ গোস্বামীদেৱ একেধাৰে এজন বিশিষ্ট সমালোচক, গল্পকাৰ, নন্দন তাত্ত্বিক, সুবক্তা, শিক্ষাবিদ। ১৯৬৫ চনত ৰচিত “আধুনিক গল্প সাহিত্য” নামৰ গ্ৰন্থখনৰ বাবে গোস্বামীদেৱে ১৯৬৭ চনৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰে। এই গ্ৰন্থখনক ১৯৬১-৬৫ চনৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ গ্ৰন্থৰূপেও অসম সাহিত্য সভাই পুৰস্কৃত কৰে। গ্ৰন্থখনত চুটিগল্প, পাশ্চাত্য গল্প সাহিত্যৰ চমু পৰিচয়, গল্পকাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু প্ৰেমচন্দ, অসমীয়া চুটি-গল্পৰ ক্ৰমবিকাশ শীৰ্ষক আলোচনা সন্নিৱিষ্ট হৈছে। গ্ৰন্থখনৰ প্ৰথম খণ্ডত চুটি গল্পৰ সমাদৰ, চুটি গল্পৰ কাহিনী, দ্বন্দ, ৰচনা কৌশল, কথা-বস্তু আদি; দ্বিতীয় খণ্ডত ওৱাছিংটন আৰভিং, এলেন পো, গগল, টুৰ্গেনিভ, মোপাছাঁ, চেখভ, হেমিংওৱে, জ্যাঁপল ছাট্ৰে, ক্যেমু আদি; তৃতীয় খণ্ডত প্ৰখ্যাত গল্পকাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু হিন্দী গল্পকাৰ মুন্সি প্ৰেমচন্দৰ সাহিত্যিক প্ৰতিভা আদি আৰু চতুৰ্থ খণ্ডত ৩৭ গৰাকী অসমীয়া গল্পকাৰৰ গল্পৰ বিশ্লেষণ আৰু আলোচনা দাঙি ধৰা হৈছে। তেওঁ ‘ঘৰ জেউতি’ত ‘ভাৰত ৰমণী’ কবিতাটি লিখি সাহিত্য জগতত প্ৰথম আত্মপ্ৰকাশ কৰে। তাৰপাছত তেওঁ ‘আৱাহন’ আৰু ‘বাঁহী’ত গল্প আৰু সমালোচনা লিখে। অসমীয়া সাহিত্যলৈ তেঁও আগবঢ়োৱা অৱদানসমূহ হ’ল- (ক) চুটি গল্প- অৰুণা(১৯৪৮), মৰীচিকা(১৯৪৮), শিল্পীৰ জন্ম(১৯৫৭) আৰু জীৱনৰ জীয়া জুই(১৯৭০)। (খ) ব্যংগ উপন্যাস- জীয়া মানুহ (গ) সাহিত্য সম্বন্ধীয় আলোচনা- সাহিত্য আলোচনা(১৯৫০), সমুদ্ৰ মণ্ঠন(১৯৬৮), ইংৰাজী সমালোচনাৰ ধাৰা আৰু অসমীয়া সাহিত্যত ইয়াৰ প্ৰভাৱ(১৯৭০), সাহিত্য আলোচনা, নন্দনত্তত্বঃ প্ৰাচ্য আৰু পাশ্চাত্য(১৯৮০, এই গ্ৰন্থ প্ৰকাশন পৰিষদৰ দ্বাৰা পুৰস্কৃত) আদি। (ঘ) সম্পাদিত- প্ৰবন্ধ চয়ন(১৯৬৫), মন্দাকিনী( আলোচনী, ১৯৬৬)। (ঙ) অপ্ৰকাশিত নাটক- পদুম কুঁৱৰী, বজাৰৰ এফাল। (চ) উপন্যাস- পমিলা (ছ) কবিতা- প্ৰায় দুকুৰি কবিতা লিখিছে। জাতিৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে অসম সাহিত্য সভাই তেঁওক দুবাৰো সভাপতিৰূপে বৰণ কৰিছে। তেওঁ ১৯৬০ চনৰ অক্টোবৰ মাহত অনুস্থিত অসম সাহিত্য সভাৰ অষ্টাবিংশ মিৰ্জা-পলাশবাৰী অধিৱেশন আৰু ১৯৬১ চনত ঊনবিংশ গোৱালপাৰা অধিৱেশনৰ সভাপতি আছিল। ত্ৰৈলোক্যনাথ গোস্বামীদেৱ এজন সাধাৰণভাৱে জীৱন-যাপন কৰি ভালপোৱা অতিথি-পৰায়ণ, শান্ত আৰু দয়ালু প্ৰকৃতিৰ লোক আছিল। তেওঁ কৈছিল, “মোৰ জীৱন তেনেই গতানুগতিক। অভাৱ-অনাতন বা দুখ-দুৰ্গতিৰ ঠেলা-হেঁচাত বাগৰি নপৰাকৈ থিয় হৈ থকাটোৱে মোৰ বৈশিষ্ট্য। “ তেওঁ সদায় মানুহক ভাল কিতাপ পঢ়িবলৈ, লিখোতে সহজ-সৰল ভাষাত লিখিবলৈ আৰু পঢ়োতে খৰচি মাৰি পঢ়িবলৈ কৈছিল। নতুন লেখকক সদায় তেওঁ লিখিবলৈ প্ৰেৰণা যোগাইছিল। তেওঁ ৰসাল ভাষাৰে বক্তৃতা দিব পাৰিছিল। এই শান্ত-সৌম্য মানুহজনৰ আঁৰত আছিল মানৱতা আৰু নৈতিকতা, যি তেওঁৰ সাহিত্যৰ একমাত্ৰ সম্বল আছিল।

প্ৰায় আঢ়ৈ কুৰি বছৰে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ হকে অক্লান্ত পৰিশ্ৰম আৰু নিৰৱকাশ সাধনাৰে জাতিক ধন্য কৰি যোৱা ত্ৰৈলোক্যনাথ গোস্বামীৰ ১৯৮৮ চনৰ ফেব্ৰুৱাৰী মাহত জীৱনাসান ঘটে। চুটি গল্প আৰু সমালোচনা সাহিত্যত গোস্বামী ডাঙৰীয়াৰ সদায় এখন বিশেষ আসন থাকিব।

গ্ৰন্থ- “সাহিত্য একাডেমী বটা বিজয়ী অসমীয়া লিখক,সমীন কলিতা, পৃষ্ঠা নং- ৪২,৪৩ আৰু ৪৪।