সমললৈ যাওক

আৱাহন (আলোচনী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আৱাহন (ইংৰাজী: Abahan) নগেন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু ডাঃ দীননাথ শৰ্মা (আৱাহনৰ সম্পাদক)ৰ প্ৰচেষ্টাত জন্ম পোৱা এখন অধুনালুপ্ত মাহেকীয়া অসমীয়া আলোচনী। ১৯২৯ চনত ডাঃ দীননাথ শৰ্মাৰ সম্পাদনাত কলিকতাৰ পৰা আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশিত হয়। সম্পাদকীয়ত দীননাথ শৰ্মাই লিখিছে, "অসমত আজি নতুন যুগৰ সূচনা। সকলোপিনে এটি নৱজাগৰণৰ ভাৱ। আজি সাহিত্য ফুলনিৰ ভক্তি চন্দন ফুলৰ আধা ফুলা ফুলৰ আঁজলি লৈ জননী চৰণ বন্দনাৰ অৰ্থে আৱাহন প্ৰতিজ্ঞা কৰি আমি আগবাঢ়িলোঁ। আমাৰ কাকতত সকলো বিষয়ৰে আলোচনা নিৰপেক্ষভাৱে কৰিবলৈ যত্ন কৰা হ’ব।"[1] আৱাহনে অসমকে মুখ্য কৰি ভাৰতবৰ্ষৰ প্ৰতিটো জাতিৰ কলাকৃষ্টিৰ মুক্ত প্ৰকাশত গুৰুত্ব আৰোপ কৰি প্ৰবন্ধ-পাতি প্ৰকাশ কৰিছিল।

স্থান[সম্পাদনা কৰক]

১৯২৯ চনত প্ৰথম সংখ্যাটো কামৰূপ প্ৰেছত অপূৰ্ব কুমাৰ ভূঞাৰ দ্বাৰা ছপা হৈ ডাঃ দীননাথ শৰ্মাৰ দ্বাৰা ৪২ নং বাদুৰ বাগান ষ্ট্ৰীট, কলিকতাৰ পৰা প্ৰকাশিত হৈ কিছু বছৰলৈ এনেকৈয়ে চলে। তাৰপাছত, ১৪ নং জগন্নাথ দত্ত লেন, লক্ষ্মীবিলাস প্ৰেছ কলিকতা, গণশক্তি প্ৰিণ্টাৰ্ছ প্ৰাঃ লিঃ কলিকতা, মনোহৰ পুকুৰ ৰোড আৱাহন আৰ্ট প্ৰিণ্টাৰ্ছত মুদ্ৰিত হৈছিল। ১৯৫০ চনত আৱাহনৰ কাৰ্যালয় গুৱাহাটীলৈ আনে যদিও পিছত পুনৰ কলিকতালৈ নিব লগীয়া হয়। ১৯৬৪ চনত আৱাহনৰ কাৰ্যালয় পুনৰ গুৱাহাটীলৈ অনা হয় আৰু ইয়াতে নিগাজি হৈছিল।[2]

বিষয়বস্তু[সম্পাদনা কৰক]

আৱাহনৰ বিষয়বস্তু বেলেগ বেলেগ আছিল। তথ্যগধুৰ প্ৰবন্ধ, পুৰাতত্ত্ব আৰু ভাস্কৰ্য, বুৰঞ্জীমূলক লেখা, ভ্ৰমণ কাহিনী, সমসাময়িক বিশ্বৰ ঘটনাৱলী, জীৱন বৃত্তান্ত, চিত্ৰ, পুথিচিত্ৰ, বিশ্ব সাহিত্যৰ অনুবাদ, নাট্য সাহিত্য, চিত্ৰশিল্প, নাটকৰ ধাৰাবাহিক প্ৰকাশ, সংগীত, গৱেষণামূলক পুথি পৰিচয়, কাহিনী, নাট্যশিল্পী পৰিচয়, মহিলা জগতৰ বতৰা, নৃত্য, সমসাময়িক ভাৰতবৰ্ষ, দৃশ্যকাব্য, কথাছবি, বিভিন্ন প্ৰবন্ধ আৰু ভাষণাৱলী, আন দেশৰ বিৱৰণ, ধাৰাবাহিক উপন্যাস, চিকাৰ কাহিনী, যৌন চিকিৎসা সম্বন্ধীয়। বিবিধ শিতান, বিচিত্ৰা শিতান, কবিতা, গল্প, আদি অলেখ বিষয় সামৰি আৱাহনৰ প্ৰতিটো সংখ্যা প্ৰস্তুত কৰি প্ৰকাশ কৰা হৈছিল।[2]

সম্পাদকীয়সমূহ[সম্পাদনা কৰক]

আৱাহনৰ সম্পাদকীয় শিতানত দেশৰ বিভিন্ন সমস্যাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত আলোকপাত কৰি লেখা হৈছিল। অসমত বিদেশী সমস্যা, শ্বিলং ৰাজধানী হোৱাৰ পৰা অসমৰ ক্ষতি, বিদেশী কাকত বৰ্জন, ৰে’লৱে বিভাগত অসমীয়া কৰ্মচাৰী, ভাৰতৰ জাতীয় ফৌজ, মহাত্মাজী আৰু বৰলাট, নিবনুৱা সমস্যা, প্ৰাদেশিক কৰ্তৃত্ব, ৰাউণ্ড টেবুল কনফাৰেন্সৰ পৰিণতি আৰু ভাৰতৰ ভৱিষ্যত, ভাৰতীয় ছাত্ৰৰ সামাজিক শিক্ষা, মহাসমৰৰ আশংকা, ইউৰোপৰ নতুন ৰয়েলিষ্ট দলৰ কীৰ্তি, আয়াৰলেণ্ডৰ নতুন সমস্যা আদি গুৰুত্বপূৰ্ণ বিষয়ত সম্পাদকীয় লেখা প্ৰকাশ কৰা হৈছিল।[2]

ভাষাৰীতি[সম্পাদনা কৰক]

আৱাহন আলোচনীৰ ভাষাৰীতি মাৰ্জিত আছিল। পৰীক্ষামূলকভাৱে ১৯৪৮ চনৰ পৰা কিছুদিনলৈ আৱাহন আলোচনীয়ে হেমচন্দ্ৰ বৰুৱাৰ বৰ্ণ বিন্যাস অনুসৰণ কৰা নাছিল। যুক্তাক্ষৰ ভাঙি শব্দ সৰলীকৰণ কৰাৰ এটা ক্ষীণ চেষ্টা আৱাহনে কৰিছিল। দুটামান সংখ্যাত এই প্ৰচেষ্টা লোৱাৰ পাছত আন কাকত আলোচনীয়ে ইয়াক গ্ৰহণ নকৰা দেখি পুনৰ হেমচন্দ্ৰ বৰুৱাৰ বৰ্ণবিন্যাসকেই আৱাহনে গ্ৰহণ কৰিছিল।[2]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "নিবেদন". আৱাহন খণ্ড প্ৰথম. কাতি ১৮৫১ শক. 
  2. 2.0 2.1 2.2 2.3 অশ্বিনীকুমাৰ বৰঠাকুৰ (১৯৯৪). অসমৰ সংবাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধুপ্ৰকাশ. পৃষ্ঠা. ৪৬-৫১.