নগেন্দ্ৰ নাৰায়ণ চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
নগেন্দ্ৰ নাৰায়ণ চৌধুৰী
জন্ম ১৮৮১ চন
লক্ষীপুৰ, গোৱালপাৰা
মৃত্যু ১৩ নবেম্বৰ, ১৯৪৭ চন
পেচা গল্পকাৰ,প্ৰবন্ধকাৰ, নাট্যকাৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়

নগেন্দ্ৰ নাৰায়ণ চৌধুৰী (ইংৰাজী: Nagendra Narayan Choudhury; ১৮৮১-১৯৪৭) অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিৰ লেখত লবলগীয়া নাম। তেখেতে অসমীয়া ভাষাত বহুতো গল্প আৰু প্ৰবন্ধ লিখি সমৃদ্ধিশালী কৰি থৈ গৈছে। ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ১৯২৯ চনত আবাহনৰ প্ৰকাশণৰ কাম কৰিছিল [1]

জন্ম[সম্পাদনা কৰক]

নগেন্দ্ৰ নাৰায়ণ চৌধুৰী ১৮৮১ চনত গোৱালপাৰা জিলালক্ষীপুৰ নামে ঠাইত জন্ম গ্ৰহন কৰিছিল[1]

পৰিয়াল[সম্পাদনা কৰক]

নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ পিতৃৰ নাম আছিল খগেন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু মাতৃৰ নাম সাৰদাপ্ৰিয়া। তেওঁ ১৮ বছৰ বয়সত প্ৰথম বিবাহ কৰিছিল যদিও প্ৰথম পত্নীৰ বিয়োগ হোৱাত গুৱাহাটীৰ আহোম ৰাজবংশৰ জীয়ৰী প্ৰফুল্লবালাক পাছত বিবাহ কৰাইছিল[1]

শিক্ষা[সম্পাদনা কৰক]

নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে লক্ষীপুৰতেই প্ৰাথমিক শিক্ষা লোৱাৰ পাছত ধুবুৰী আৰু গোৱালপাৰা জিলালৈ পঢ়িবলৈ যায়। এণ্ট্ৰেঞ্চলৈকে পঢ়াৰ পাছত কলিকতালৈ যায় আৰু তাত জুবিলী আৰ্ট একাডেমিত শিক্ষা লয়। সেই সময়তে তেওঁ যাদুৰ বিদ্যা আয়ত্ত কৰি খ্যাতি লাভ কৰিছিল। সঙ্গীতবিদ্যা, চিত্ৰাঙ্কন বিদ্যা, লাঠি, ছুৰীখেল, শাৰীৰীক ব্যায়াম আদিত বিশেষ পাৰদৰ্শিতা থকাৰ উপৰিও তেওঁ তবলা, এচৰাজ, বেহেলা, বাঁহী আদি সুন্দৰকৈ বজাব জানিছিল।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

অসম সাহিত্য সভাৰ পৃষ্ঠপোষক হিচাপে থকা চৌধুৰীদেৱে ১৯৩১ চনত শিৱসাগৰত বহা অসম সাহিত্য সভাৰ ত্ৰয়োদশ সন্মিলনত পৌৰোহিত্য কৰিছিল[2][3]। এই সভাতেই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধিৰে বিভূষিত কৰা হৈছিল। অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি বিশেষ আকৰ্ষণ আছিল বাবেই চৌধুৰীদেবে বঙালী ভাষাক আওকাণ কৰি অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ১৯২৯ চনত দীননাথ শৰ্মাৰ লগত লগ লাগি আবাহন প্ৰকাশণৰ কাম কৰিছিল[4]। তাৰ পাছৰে পৰাই চৌধুৰীদেৱে বিভিন্ন চুটী গল্প, প্ৰবন্ধ আদি নিয়মীয়াকৈ লিখিবলৈ লৈছিল। তেওঁৰ জীৱনৰ আৰু মনৰ কথা জীৱন স্মৃতি নামৰ গ্ৰন্থ খনত প্ৰকাশ কৰিছে।[1] তেখেত দেশভক্ত তৰুণৰাম ফুকন, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, জ্ঞানদাভিৰাম বৰুৱা, দুৰ্গেশ্বৰ শৰ্মা, ৰঘুনাথ চৌধাৰী আদিৰ সৈতে মিত্ৰ আছিল।

মৃত্যু[সম্পাদনা কৰক]

নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ১৯৪৭ চনৰ ১৩ নবেম্বৰত ৰোগাক্ৰান্ত হৈ লক্ষীপুৰৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে।

সাহিত্যকৃতি[সম্পাদনা কৰক]

পুথি সমূহ

  1. দাঙ্গায় আত্মৰক্ষা,
  2. নগেন্দ্ৰ নাৰাযণ চৌধুৰীৰ গল্প,
  3. বীণাৰ ঝঙ্কাৰ,

গল্প সংকলন

  1. উছৰ্গা,
  2. দুটিৰামৰ সংসাৰ,
  3. পোহাৰী,
  4. মধুমালতী,
  5. তামৰ তাবিজ,
  6. অসৰ্ম্পূণ আইন,
  7. মোৰ পৰিণয় কাহিনী,
  8. বিজয়া,
  9. নয়নতৰা,
  10. ওস্তাদজী,
  11. লাহৰী,
  12. প্ৰতিজ্ঞা,
  13. পৰিবৰ্তন,
  14. বগীতৰা,
  15. মৈদাম অনুসন্ধানত ৰাসায়ন

প্ৰবন্ধ সংকলন

  1. লুপ্ত অতিকায় প্ৰাণী,
  2. ভাজনৰ ফেশ্যন,
  3. বড়ো জাতিৰ কথা,
  4. স্ত্ৰী শিক্ষাৰ প্ৰয়োজনীয়তা,
  5. আহোম ভাষাৰ পুথি,
  6. গুপ্তচৰৰ গুপ্ত কৌশল,
  7. প্ৰাগ ঐতিহাসিক যুগৰ চিত্ৰশিল্প,
  8. মোৰ জীৱন স্মৃতি,
  9. ছেৰাই কেল্লাৰ ছো-নৃত্য,
  10. মণিপুৰী পৌৰাণিক নৃত্য



তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ. পৃষ্ঠা. ৪৮, ৪৯. 
  2. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  3. http://enajori.com/literature/literary-organizations/
  4. দীপালী শৰ্মা (৮ জুন, ২০১২). "যুগস্ৰষ্টা 'আৱাহন'ৰ সম্পাদক ডা: দীননাথ শৰ্মা". সাদিন.


বাহ্যিক সংযোগ[সম্পাদনা কৰক]