সমললৈ যাওক

১৯৫১ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অসম বিধানসভা নিৰ্বাচন, ১৯৫১ৰ পৰা পুনঃনিৰ্দেশিত)
অসম বিধানসভা নিৰ্বাচন, ১৯৫১
ভাৰত
অপ্ৰযোজ্য 
২৭-৩-১৯৫২
 ১৯৫৭

 


দল কংগ্ৰেছ
জনপ্ৰিয় ভোট ১০,৬৪,৮৫০
শতাংশ ৪৩.৪৮%

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

বিষ্ণু ৰাম মেধি
কংগ্ৰেছ

মুখ্যমন্ত্ৰী


বিষ্ণু ৰাম মেধি
কংগ্ৰেছ

অসম বিধানসভা নিৰ্বাচন, ১৯৫১ স্বাধীনোত্তৰ অসমৰ প্ৰথম বিধানসভাখন গঠন কৰিবলৈ অনুষ্ঠিত কৰা হৈছিল। আধিকাৰিকভাবে এই নিৰ্বাচনটোক ১৯৫১ চনৰ বিধানসভা নিৰ্বাচন বুলি জনা যায় যদিও দৰাচলতে নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনৰ ২৭ মাৰ্চ তাৰিখে। ৪৩.৪৮ শতাংশ ভোটেৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৭৬জন বিধায়ক নিৰ্বাচিত হৈ আহে আৰু একক সংখ্যা গৰিষ্ঠতা লাভ কৰি বিষ্ণু ৰাম মেধিৰ নেতৃত্বত চৰকাৰ গঠন কৰে। ৪জন বিধায়েকেৰে ২য় স্থানত থাকে ছোচিয়েলিষ্ট পাৰ্টি[1]

প্ৰথম বিধানসভাত মুঠ ৯৪টা সমষ্টি আছিল। ইয়াৰে ১৩টা সমষ্টিত দুজনকৈ বিধায়ক নিৰ্বাচিত হোৱাৰ ব্যৱস্থা আছিল। সেয়েহে প্ৰথম অসম বিধানসভাত মুঠ সদস্য আছিল ১০৭জন। সেইসময়ত মিজোৰাম, নাগালেণ্ড আৰু মেঘালয় পৃথক ৰাজ্য হিচাপে গঠিত হোৱা নাছিল আৰু অসমৰ সৈতেই সংলগ্ন হৈ আছিল।[1]

ৰাজনৈতিক দল

[সম্পাদনা কৰক]

এই নিৰ্বাচনত ৯টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলে আৰু ১০টা অস্বীকৃতিপ্ৰাপ্ত পঞ্জীভূক্ত দলে অংশগ্ৰহণ কৰিছিল। ৪৩.৪৮ শতাংশ ভোট আৰু ৭৪জন বিধায়কেৰে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰথম স্থানত আছিল আৰু ৪জন বিধায়েকেৰে ছোচিয়েলিষ্ট পাৰ্টি ২য় স্থানত আছিল। বহুকেইটা সমষ্টিত ছোচিয়েলিষ্ট পাৰ্টিয়ে কংগ্ৰেছৰ সৈতে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। লক্ষণীয় যে ১৫জন বিধায়কে নিৰ্দলীয়ভাবে জয়ী হৈ আহিছিল। সংখ্যাৰ ফালৰ পৰা নিৰ্দলীয়সকলহে ২য় স্থানত আছিল। মিজোপাহাৰ জিলাৰ ৩টা সমষ্টিৰ পৰাই আঞ্চলিক দল মিজো ইউনিয়ন জয়ী হৈ আহিছিল। খাচী-জয়ন্তীয়া পাহাৰ আৰু গাৰোপাহাৰ জিলা দুখনৰ (বৰ্তমান মেঘালয়) পৰা ৫খন আসন আঞ্চলিক দল 'খাচী দৰবাৰ', 'খাচী জয়ন্তীয়া নেচনেল ফেডাৰেচন ষ্টেট কনফাৰেঞ্চ' আৰু 'গাৰো নেচনেল কাউঞ্চিলে' লাভ কৰিছিল। নগাপাহাৰ জিলাৰ তিনিখন আসনৰ সদস্য তিনিজনে বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছিল।[1]

অংশগ্ৰহণ ৰাজনৈতিক দল[1]

[সম্পাদনা কৰক]
ক্ৰমিক
নং
দলৰ নামলাভ কৰা
আসন
লাভ কৰা
ভোটৰ অংশ
ভাৰতীয় জনসংঘ
ভাৰতৰ বলচেভিক পাৰ্টি
ভাৰতৰ কমিউনিষ্ট পাৰ্টি
ফৰৱাৰ্ড ব্লক (ৰুইকাৰ গ্ৰুপ)
অখিল ভাৰতীয় হিন্দু মহাসভা
ভাৰতীয় জাতীয় কংগ্ৰেছ৭৬
কিষাণ মজদুৰ প্ৰজা পাৰ্টি
ৰিভ’লুচনাৰী ছোচিয়েলিষ্ট পাৰ্টি
ছোচিয়েলিষ্ট পাৰ্টি
১০অল পিপ'লচ্ পাৰ্টি
১১গাৰো নেচনেল কাউঞ্চিল
১২খাচী জয়ন্তীয়া দৰবাৰ
১৩খাচী জয়ন্তীয়া নেচনেল ফেডাৰেচন ষ্টেট কনফাৰেঞ্চ
১৪খাচী জয়ন্তীয়া ৰুৰেল অৰ্গেনাইজেচন
১৫মিজো ইউনিয়ন
১৬SCTS
১৭ট্ৰাইবেল লিগ
১৮ট্ৰাইবেল সংঘ
১৯ইউনাইটেড মিজো ফ্ৰণ্ট অৰ্গেনাইজেচন
১৯নিৰ্দলীয়১৪


বিজয়ী প্ৰাৰ্থীসকল[1]

[সম্পাদনা কৰক]
সমষ্টি নংসমষ্টি নামবিধায়কৰ নামৰাজনৈতিক দল
লুংলেই
(বৰ্তমান মিজোৰামৰ অন্তৰ্গত)
আৰ দেংথুৱামামিজো ইউনিয়ন
আইজল পূব
(বৰ্তমান মিজোৰামৰ অন্তৰ্গত)
পু আৰ. থাংলিৰামিজো ইউনিয়ন
আইজল পশ্চিম
(বৰ্তমান মিজোৰামৰ অন্তৰ্গত)
পু চ. চাপ্ৰাৱাঙ্গামিজো ইউনিয়ন
ৰাতাবাৰী পাথাৰকান্দিবৈদ্যনাথ মুখাৰ্জী
ৰমেশ চন্দ্ৰ দাস চৌধুৰী
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
পাথাৰকান্দি কৰিমগঞ্জমৌলবী মহম্মদ আলিভাৰতীয় জাতীয় কংগ্ৰেছ
কৰিমগঞ্জৰমেন্দ্ৰ মোহন দাসকিষাণ মজদুৰ প্ৰজা পাৰ্টি
বদৰপুৰমৌলানা আব্দুল জলিলভাৰতীয় জাতীয় কংগ্ৰেছ
কাটিগড়াবৰভূঞা নামৱাৰ আলিভাৰতীয় জাতীয় কংগ্ৰেছ
লক্ষীপুৰৰঘূনন্দন ধুবী
ৰামপ্ৰসাদ চৌবে
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
১০বৰখলাৰাইচান্দ নাথভাৰতীয় জাতীয় কংগ্ৰেছ
১১শিলচৰমেহৰাব আলি লস্কৰনিৰ্দলীয়
১২শিলচৰ সোণাইময়মুল হক চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৩সোণাইনন্দকিশোৰ সিনহাভাৰতীয় জাতীয় কংগ্ৰেছ
১৪হাইলাকান্দি শিলচৰহেমচন্দ্ৰ চক্ৰৱৰ্তীভাৰতীয় জাতীয় কংগ্ৰেছ
১৫হাইলাকান্দিআব্দুল মতলিব মজুমদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৬কাটলিচেৰাগৌৰী শংকৰ ৰয়ভাৰতীয় জাতীয় কংগ্ৰেছ
১৭শ্বিলং
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
জে জে এম নিকলচ্ ৰয়ভাৰতীয় জাতীয় কংগ্ৰেছ
১৮জোৱাই
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
ইউ কিষ্ট’বিন্দু ৰেমবাইনিৰ্দলীয়
১৯নংষ্টইন
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
আজৰা সিং খংফাইনিৰ্দলীয়
২০নংপ’
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
এ এলে’খাচী জয়ন্তীয়া নেচনেল ফেডাৰেচন ষ্টেট কনফাৰেঞ্চ
২১চেৰা
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
মাহাম সিংখাচী জয়ন্তীয়া দৰবাৰ
২২উত্তৰ কাছাৰ পাৰ্বত্যজয়ভদ্ৰ হাগজেৰনিৰ্দলীয়
২৩মিকিৰ পাহাৰ পশ্চিমনিহাং ৰংফাৰভাৰতীয় জাতীয় কংগ্ৰেছ
২৪মিকিৰ পাহাৰ পূবখৰচিং টেৰাংভাৰতীয় জাতীয় কংগ্ৰেছ
২৫নগাপাহাৰ উত্তৰ
(বৰ্তমান নাগালেণ্ডৰ অন্তৰ্গত)
২৬নগাপাহাৰ মধ্য
(বৰ্তমান নাগালেণ্ডৰ অন্তৰ্গত)
২৭নগাপাহাৰ দক্ষিণ
(বৰ্তমান নাগালেণ্ডৰ অন্তৰ্গত)
২৮বাঘমৰা
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
হেৰীচন মমিনগাৰো নেচনেল কাউঞ্চিল
২৯তুৰা
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
এমাৰচন মমিনগাৰো নেচনেল কাউঞ্চিল
৩০ফুলবাৰী
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
ইমনসিং চাংমানিৰ্দলীয়
৩১দাইনাডুবি
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
আৰম চাংমাগাৰো নেচনেল কাউঞ্চিল
৩২মানকাচৰকোবাদ হুছেইন আহমেদনিৰ্দলীয়
৩৩দক্ষিণ শালমাৰামঃ ছাহাদত আলি মণ্ডলনিৰ্দলীয়
৩৪ধুবুৰীতমিজুদ্দিন প্ৰধানীনিৰ্দলীয়
৩৫গোলোকগঞ্জসন্তোষ কুমাৰ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৩৬গোসাইগাঁওযতীন্দ্ৰ নাৰায়ণ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৩৭কোকৰাঝাৰ চিদলীৰাজা অজিত নাৰায়ণ দেৱ
ৰূপনাথ ব্ৰহ্ম
নিৰ্দলীয়
ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৮বিলাসীপাৰামহম্মদ ওমৰুদ্দিননিৰ্দলীয়
৩৯বিজনীস্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৪০উত্তৰ শালমৰাহৰেশ্বৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৪১গোৱালপাৰাহাকিম চন্দ্ৰ ৰাভা
খগেন্দ্ৰনাথ নাথ
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৪২সৰভোগঅক্ষয় কুমাৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৪৩তাৰাবাৰীপাহাৰ খাননিৰ্দলীয়
৪৪বৰপেটা পশ্চিমমুখতাৰ আলিনিৰ্দলীয়
৪৫বৰপেটা উত্তৰ পূবমহাদেৱ দাস
মহেন্দ্ৰ মোহন চৌধুৰী
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৬পাটাচাৰকুছি বৰমাহোমেশ্বৰ দেৱচৌধুৰী
বৈকুণ্ঠনাথ দাস
ছোচিয়েলিষ্ট পাৰ্টি
ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৭নলবাৰী দক্ষিণপ্ৰফুল্ল চন্দ্ৰ গোস্বামীভাৰতীয় জাতীয় কংগ্ৰেছ
৪৮নলবাৰী উত্তৰপ্ৰভাত চন্দ্ৰ গোস্বামীভাৰতীয় জাতীয় কংগ্ৰেছ
৪৯ৰঙিয়াসিদ্ধিনাথ শৰ্মা
ধৰণীধৰ বসুমতাৰী
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৫০কমলপুৰমহেন্দ্ৰ নাথ ডেকানিৰ্দলীয়
৫১হাজোবিষ্ণুৰাম মেধিভাৰতীয় জাতীয় কংগ্ৰেছ
৫২বকোৰাধাচৰণ চৌধুৰীছোচিয়েলিষ্ট পাৰ্টি
৫৩পলাশবাৰীহৰেশ্বৰ গোস্বামীছোচিয়েলিষ্ট পাৰ্টি
৫৪পূব-বংশৰ শিলাসুন্দৰী ঘোপাৰাধিকাৰাম দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৫৫গুৱাহাটীগৌৰী শংকৰ ভট্টাচাৰ্যভাৰতৰ কমিউনিষ্ট পাৰ্টি
৫৬মঙলদৈপুৰন্দৰ শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ
৫৭কলাইগাঁওদণ্ডীৰাম দত্তছোচিয়েলিষ্ট পাৰ্টি
৫৮পানেৰীডেভিদচন ভাবোৰা
শশধৰ ঘোষ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৯ঢেকিয়াজুলি উত্তৰঅমিয় কুমাৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৬০ঢেকিয়াজুলি দক্ষিণমহিকান্ত দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৬১তেজপুৰ উত্তৰবিশ্বদেৱ শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ
৬২তেজপুৰ দক্ষিণকমলাপ্ৰসাদ আগৰৱালাভাৰতীয় জাতীয় কংগ্ৰেছ
৬৩চতিয়াবিজয় চন্দ্ৰ ভাগৱতীভাৰতীয় জাতীয় কংগ্ৰেছ
৬৪গহপুৰগহন চন্দ্ৰ গোস্বামীভাৰতীয় জাতীয় কংগ্ৰেছ
৬৫লাহৰিঘাটমহম্মদ ৰফিকনিৰ্দলীয়
৬৬মৰিগাঁওবেলিৰাম দাস
মতিৰাম বৰা
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৭নগাঁও ৰহাপ্ৰতাপ চন্দ্ৰ শৰ্মা
মহেন্দ্ৰ হাজৰিকা
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৮যমুনামুখবিমলাকান্ত বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
৬৯চামগুৰিউষা বৰঠাকুৰভাৰতীয় জাতীয় কংগ্ৰেছ
৭০কলিয়াবৰলীলাকান্ত বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
৭১ৰূপহীহাটমহম্মদ ইদ্ৰিছভাৰতীয় জাতীয় কংগ্ৰেছ
৭২গোলাঘাট পূবৰাজেন্দ্ৰ নাথ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৭৩গোলাঘাট পশ্চিমচানু খেৰীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৪দেৰগাঁওদেৱেশ্বৰ ৰাজখোৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৭৫যোৰহাট দক্ষিণকুলধৰ চলিহাভাৰতীয় জাতীয় কংগ্ৰেছ
৭৬যোৰহাট উত্তৰৰামনাথ দাস
নীলমণি ফুকন
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৭তিতাবৰসৰজুপ্ৰসাদ সিংঅল পিপ'লচ্ পাৰ্টি
৭৮তিয়কহৰিনাৰায়ণ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৭৯আমগুৰিৰবীন কাকতিভাৰতীয় জাতীয় কংগ্ৰেছ
৮০শিৱসাগৰগিৰিন্দ্ৰনাথ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
৮১নাজিৰাআনন্দ চন্দ্ৰ বেজবৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৮২নাজিৰা সোণাৰিথানুৰাম গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
৮৩সোণাৰিপূৰ্ণানন্দ চেতিয়াভাৰতীয় জাতীয় কংগ্ৰেছ
৮৪বিহপুৰীয়াসৰ্বেশ্বৰ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৮৫উত্তৰ লক্ষীমপুৰহেনচন্দ্ৰ হাজৰিকা
কৰ্ক দলে’
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৬মৰাণঘনকান্ত গগৈনিৰ্দলীয়
৮৭ডিব্ৰুগড় পশ্চিমফয়নুৰ আলিভাৰতীয় জাতীয় কংগ্ৰেছ
৮৮ডিব্ৰুগড় পূবৰমেশ চন্দ্ৰ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৮৯তিনিচুকীয়া উত্তৰইন্দ্ৰেশ্বৰ খাউণ্ডভাৰতীয় জাতীয় কংগ্ৰেছ
৯০তিনিচুকীয়া দক্ষিণযদুনাথ ভূঞাভাৰতীয় জাতীয় কংগ্ৰেছ
৯১বৰডুবিমাণিক চন্দ্ৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৯২জয়পুৰজগোকান্ত বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৯৩ডুমডুমাহৰিহৰ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৯৪ডিগবৈযাদৱ চন্দ্ৰ খাখলাৰী
দলবীৰ সিং লোহাৰ
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ

তথ্য উৎস

[সম্পাদনা কৰক]