সমললৈ যাওক

১৯৯৮ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৮ৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৮
ভাৰত
১৯৯৬ 
ফেব্ৰুৱাৰী ১৬, ফেব্ৰুৱাৰী ২২ আৰু ফেব্ৰুৱাৰী ২৮, ১৯৮৮
 ১৯৯৯

 
দল বিজেপি কংগ্ৰেছ
মিত্ৰদল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা কংগ্ৰেছ+
জনপ্ৰিয় ভোট 139,701,87198,140,471
শতাংশ 37.21%26.14%

নিৰ্বাচনৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী

ইন্দৰ কুমাৰ গুজৰাল
ইউ এফ

নিৰ্বাচিত প্ৰধানমন্ত্ৰী

অটল বিহাৰী বাজপায়ী
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা

১৯৯৮ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ইন্দৰ কুমাৰ গুজৰাল চৰকাৰৰ পতন আৰু ১৯৯৬ চনত গঠন কৰা দ্বাদশ লোকসভাৰ ভঙ্গ হোৱাৰ পিছত অনুষ্ঠিত হৈছিল। জৈন কমিচনৰ প্ৰতিবেদনত ৰাজীৱ গান্ধী হত্যা ষড়যন্ত্ৰত দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম জড়িত বুলি উল্লেখ থকাৰ অভিযোগ উঠে। সেই আচিলাতে প্ৰধানমন্ত্ৰী গুজৰালক ভাৰতীয় জাতীয় কংগ্ৰেছে ডি এম কেক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰিবলৈ হেঁচা দিয়ে। সংযুক্ত মৰ্চা এই হেঁচাত সৈমান নহ'ল আৰু ২৮ নবেম্বৰ ১৯৯৭ত গুজৰালে ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিলে। ৪ ডিচেম্বৰ ১৯৯৭ত ১১শ লোকসভা ভঙ্গ কৰি দিয়া হ'ল[1][2] নতুন নিৰ্বাচনৰ ফলাফল আছিল এখন ওলোমা সংসদ। কোনো এটা দলেই বা মৰ্চাই নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাপালে যদিও ভাৰতীয় জনতা পাৰ্টিয়ে ২৮৬জন সাংসদৰ সমৰ্থনত অটল বিহাৰী বাজপায়ীয়ে ২য় বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ কৰিলে। কিন্তু নিম্ন সদনত ১৮খন আসন থকা অল ইণ্ডিয়া দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগমে সমৰ্থন উঠাই লোৱাত এই চৰকাৰখনৰো ১৯৯৮ৰ শেষৰপিনে পতন ঘটে; যাৰ পৰিণতিত ১৯৯৯ত পুনৰ নতুন নিৰ্বাচন পাতিবলগীয়া হ'ল। লক্ষণীয় য়ে স্বাধীনতাৰ পিছত কংগ্ৰেছ দলে প্ৰথমবাৰৰ বাবে ক্ৰমাগত দুটা নিৰ্বাচনত পৰাজয় বৰণ কৰিলে।

দল সংক্ষিপ্ত ৰূপ মৰ্চ্চা ভোটৰ % প্ৰাপ্ত আসন
ভাৰতীয় জনতা পাৰ্টিBJPৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা25.59%182
ভাৰতীয় জাতীয় কংগ্ৰেছINCকংগ্ৰেছ25.82%141
ভাৰতৰ কমিউনিষ্ট পাৰ্টি(মাৰ্ক্সবাদী)CPI(M)সংযুক্ত মৰ্চা5.4%32
সমাজবাদী পাৰ্টিSP4.93%20
অল ইণ্ডিয়া দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগমAIADMKৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা1.83%18
ৰাষ্ট্ৰীয় জনতা দলRJDজনমৰ্চা2.78%17
তেলুগু দেশম পাৰ্টিTDP2.77%12
সমতা পাৰ্টিSAPৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা1.76%12
ভাৰতৰ কমিউনিষ্ট পাৰ্টিCPIসংযুক্ত মৰ্চা1.75%9
বিজু জনতা দলBJDৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা1%9
শিৰোমণি আকালি দলSADৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা0.81%8
অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছWBTMCৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা2.42%7
জনতা দলJDসংযুক্ত মৰ্চা3.24%6
নিৰ্দলীয়-2.37%6
শিৱসেনাSSৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা1.77%6
দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগমDMKসংযুক্ত মৰ্চা1.44%6
বহুজন সমাজ পাৰ্টিBSPজনমৰ্চা4.67%5
বিপ্লৱী সমাজবাদী পাৰ্টিRSPসংযুক্ত মৰ্চা0.55%5
হাৰিয়ানা লোকদল (ৰাষ্ট্ৰীয়)HLD(R)0.53%4
পাট্টালি মাক্কাল কাট্ চিPMKৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা0.42%4
ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়াRPI0.37%4
তামিল মানিলা কংগ্ৰেছTMC(M)সংযুক্ত মৰ্চা1.4%3
লোকশক্তিLSৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা0.69%3
মুৰামালাৰ্চি দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগমMDMKৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা0.44%3
জম্মু এণ্ড কাশ্মীৰ নেচনেল কনফাৰেঞ্চNC0.21%3
ফৰৱাৰ্ড ব্লকAIFBসংযুক্ত মৰ্চা0.33%2
মুচলিম লিগ কেৰালা ষ্টেট কমিটিMULকংগ্ৰেছ0.22%2
অৰুণাচল কংগ্ৰেছAC0.05%2
মনোনীত ইংগ-ভাৰতীয় সদস্য--%2
অল ইণ্ডিয়া ৰাষ্ট্ৰীয় জনতা পাৰ্টিAIRJPজনমৰ্চা0.56%1
সমাজবাদী ৰাষ্ট্ৰীয় জনতা পাৰ্টি (ৰাষ্ট্ৰীয়)SJP(R)জনমৰ্চা0.32%1
হাৰিয়ানা বিকাশ পাৰ্টিHVPৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা0.24%1
অল ইণ্ডিয়া মজলিচ-ই-ইত্তেহাদুল মুচলিমেনAIMIM0.13%1
অল ইণ্ডিয়া ইন্দিৰা কংগ্ৰেছ (চেকুলাৰ)AIIC(S)সংযুক্ত মৰ্চা0.12%1
জনতা পাৰ্টিJPৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা0.12%1
কেৰালা কংগ্ৰেছ (মণি)KCকংগ্ৰেছ0.1%1
সংযুক্ত সংখ্যালঘু মৰ্চা, অসম UMFA0.1%1
পিজেণ্টচ্ এণ্ড ৱাৰ্কাৰ্চ পাৰ্টি PWPI0.07%1
স্বায়ত্ত্বশাসিত ৰাজ্য দাবী কমিটিASDC0.05%1
মণিপুৰ ষ্টেট কংগ্ৰেছ পাৰ্টিMSCP0.05%1
চিক্কিম ডেমোক্ৰেটিক ফ্ৰণ্টSDF0.03%1
ঝাৰখণ্ড মুক্তি মৰ্চাJMMজনমৰ্চা0.36%0
অসম গণ পৰিষদAGPসংযুক্ত মৰ্চা0.29%0
হিল পিপ'লচ্ ডেমোক্ৰেটিক পাৰ্টিHPDP0.2%0
এন টি আৰ টেলেগু দেশম পাৰ্টি (লক্ষ্মী পাৰ্বতী)NTRTDP(LP)ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা0.1%0
কেৰালা কংগ্ৰেছKCসংযুক্ত মৰ্চা0.09%0
ইউনাইটেড ডেমোক্ৰেটিক পাৰ্টি (মেঘালয়)UDP0.06%0
ইউনাইটেড গোৱানচ্ ডেমোক্ৰেটিক পাৰ্টিUGDP0.04%0
মণিপুৰ পিপ'লচ্ পাৰ্টিMPP0.03%0
মহাৰাষ্ট্ৰবাদী গোমন্তক পাৰ্টিMGP0.02%0
মিজো নেচনেল ফ্ৰণ্টMNFৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা0.02%0
মুঠ100%545

সংক্ষিপ্ত ফলাফল

[সম্পাদনা কৰক]
মৰ্চ্চা ভোটৰ % আসন
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা46.61%254
কংগ্ৰেছ আৰু সহযোগী দল26.42%144
সংযুক্ত মৰ্চা11.74%64
জনমৰ্চা4.40%24
অন্য10.82%59
মুঠ100%545

তথ্য উৎস

[সম্পাদনা কৰক]