১৯৯৮ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৮ৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৮
ভাৰত
১৯৯৬ ←
ফেব্ৰুৱাৰী ১৬, ফেব্ৰুৱাৰী ২২ আৰু ফেব্ৰুৱাৰী ২৮, ১৯৮৮
→ ১৯৯৯

 
দল বিজেপি কংগ্ৰেছ
মিত্ৰদল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা কংগ্ৰেছ+
জনপ্ৰিয় ভোট 139,701,871 98,140,471
শতাংশ 37.21% 26.14%

নিৰ্বাচনৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী

ইন্দৰ কুমাৰ গুজৰাল
ইউ এফ

নিৰ্বাচিত প্ৰধানমন্ত্ৰী

অটল বিহাৰী বাজপায়ী
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা

১৯৯৮ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ইন্দৰ কুমাৰ গুজৰাল চৰকাৰৰ পতন আৰু ১৯৯৬ চনত গঠন কৰা দ্বাদশ লোকসভাৰ ভঙ্গ হোৱাৰ পিছত অনুষ্ঠিত হৈছিল। জৈন কমিচনৰ প্ৰতিবেদনত ৰাজীৱ গান্ধী হত্যা ষড়যন্ত্ৰত দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম জড়িত বুলি উল্লেখ থকাৰ অভিযোগ উঠে। সেই আচিলাতে প্ৰধানমন্ত্ৰী গুজৰালক ভাৰতীয় জাতীয় কংগ্ৰেছে ডি এম কেক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰিবলৈ হেঁচা দিয়ে। সংযুক্ত মৰ্চা এই হেঁচাত সৈমান নহ'ল আৰু ২৮ নবেম্বৰ ১৯৯৭ত গুজৰালে ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিলে। ৪ ডিচেম্বৰ ১৯৯৭ত ১১শ লোকসভা ভঙ্গ কৰি দিয়া হ'ল[1][2] নতুন নিৰ্বাচনৰ ফলাফল আছিল এখন ওলোমা সংসদ। কোনো এটা দলেই বা মৰ্চাই নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাপালে যদিও ভাৰতীয় জনতা পাৰ্টিয়ে ২৮৬জন সাংসদৰ সমৰ্থনত অটল বিহাৰী বাজপায়ীয়ে ২য় বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ কৰিলে। কিন্তু নিম্ন সদনত ১৮খন আসন থকা অল ইণ্ডিয়া দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগমে সমৰ্থন উঠাই লোৱাত এই চৰকাৰখনৰো ১৯৯৮ৰ শেষৰপিনে পতন ঘটে; যাৰ পৰিণতিত ১৯৯৯ত পুনৰ নতুন নিৰ্বাচন পাতিবলগীয়া হ'ল। লক্ষণীয় য়ে স্বাধীনতাৰ পিছত কংগ্ৰেছ দলে প্ৰথমবাৰৰ বাবে ক্ৰমাগত দুটা নিৰ্বাচনত পৰাজয় বৰণ কৰিলে।

ফলাফল[সম্পাদনা কৰক]

দল সংক্ষিপ্ত ৰূপ মৰ্চ্চা ভোটৰ % প্ৰাপ্ত আসন
ভাৰতীয় জনতা পাৰ্টি BJP ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা 25.59% 182
ভাৰতীয় জাতীয় কংগ্ৰেছ INC কংগ্ৰেছ 25.82% 141
ভাৰতৰ কমিউনিষ্ট পাৰ্টি(মাৰ্ক্সবাদী) CPI(M) সংযুক্ত মৰ্চা 5.4% 32
সমাজবাদী পাৰ্টি SP 4.93% 20
অল ইণ্ডিয়া দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম AIADMK ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা 1.83% 18
ৰাষ্ট্ৰীয় জনতা দল RJD জনমৰ্চা 2.78% 17
তেলুগু দেশম পাৰ্টি TDP 2.77% 12
সমতা পাৰ্টি SAP ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা 1.76% 12
ভাৰতৰ কমিউনিষ্ট পাৰ্টি CPI সংযুক্ত মৰ্চা 1.75% 9
বিজু জনতা দল BJD ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা 1% 9
শিৰোমণি আকালি দল SAD ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা 0.81% 8
অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ WBTMC ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা 2.42% 7
জনতা দল JD সংযুক্ত মৰ্চা 3.24% 6
নিৰ্দলীয় - 2.37% 6
শিৱসেনা SS ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা 1.77% 6
দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম DMK সংযুক্ত মৰ্চা 1.44% 6
বহুজন সমাজ পাৰ্টি BSP জনমৰ্চা 4.67% 5
বিপ্লৱী সমাজবাদী পাৰ্টি RSP সংযুক্ত মৰ্চা 0.55% 5
হাৰিয়ানা লোকদল (ৰাষ্ট্ৰীয়) HLD(R) 0.53% 4
পাট্টালি মাক্কাল কাট্ চি PMK ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা 0.42% 4
ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়া RPI 0.37% 4
তামিল মানিলা কংগ্ৰেছ TMC(M) সংযুক্ত মৰ্চা 1.4% 3
লোকশক্তি LS ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা 0.69% 3
মুৰামালাৰ্চি দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম MDMK ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা 0.44% 3
জম্মু এণ্ড কাশ্মীৰ নেচনেল কনফাৰেঞ্চ NC 0.21% 3
ফৰৱাৰ্ড ব্লক AIFB সংযুক্ত মৰ্চা 0.33% 2
মুচলিম লিগ কেৰালা ষ্টেট কমিটি MUL কংগ্ৰেছ 0.22% 2
অৰুণাচল কংগ্ৰেছ AC 0.05% 2
মনোনীত ইংগ-ভাৰতীয় সদস্য - -% 2
অল ইণ্ডিয়া ৰাষ্ট্ৰীয় জনতা পাৰ্টি AIRJP জনমৰ্চা 0.56% 1
সমাজবাদী ৰাষ্ট্ৰীয় জনতা পাৰ্টি (ৰাষ্ট্ৰীয়) SJP(R) জনমৰ্চা 0.32% 1
হাৰিয়ানা বিকাশ পাৰ্টি HVP ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা 0.24% 1
অল ইণ্ডিয়া মজলিচ-ই-ইত্তেহাদুল মুচলিমেন AIMIM 0.13% 1
অল ইণ্ডিয়া ইন্দিৰা কংগ্ৰেছ (চেকুলাৰ) AIIC(S) সংযুক্ত মৰ্চা 0.12% 1
জনতা পাৰ্টি JP ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা 0.12% 1
কেৰালা কংগ্ৰেছ (মণি) KC কংগ্ৰেছ 0.1% 1
সংযুক্ত সংখ্যালঘু মৰ্চা, অসম UMFA 0.1% 1
পিজেণ্টচ্ এণ্ড ৱাৰ্কাৰ্চ পাৰ্টি PWPI 0.07% 1
স্বায়ত্ত্বশাসিত ৰাজ্য দাবী কমিটি ASDC 0.05% 1
মণিপুৰ ষ্টেট কংগ্ৰেছ পাৰ্টি MSCP 0.05% 1
চিক্কিম ডেমোক্ৰেটিক ফ্ৰণ্ট SDF 0.03% 1
ঝাৰখণ্ড মুক্তি মৰ্চা JMM জনমৰ্চা 0.36% 0
অসম গণ পৰিষদ AGP সংযুক্ত মৰ্চা 0.29% 0
হিল পিপ'লচ্ ডেমোক্ৰেটিক পাৰ্টি HPDP 0.2% 0
এন টি আৰ টেলেগু দেশম পাৰ্টি (লক্ষ্মী পাৰ্বতী) NTRTDP(LP) ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা 0.1% 0
কেৰালা কংগ্ৰেছ KC সংযুক্ত মৰ্চা 0.09% 0
ইউনাইটেড ডেমোক্ৰেটিক পাৰ্টি (মেঘালয়) UDP 0.06% 0
ইউনাইটেড গোৱানচ্ ডেমোক্ৰেটিক পাৰ্টি UGDP 0.04% 0
মণিপুৰ পিপ'লচ্ পাৰ্টি MPP 0.03% 0
মহাৰাষ্ট্ৰবাদী গোমন্তক পাৰ্টি MGP 0.02% 0
মিজো নেচনেল ফ্ৰণ্ট MNF ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা 0.02% 0
মুঠ 100% 545

সংক্ষিপ্ত ফলাফল[সম্পাদনা কৰক]

মৰ্চ্চা ভোটৰ % আসন
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা 46.61% 254
কংগ্ৰেছ আৰু সহযোগী দল 26.42% 144
সংযুক্ত মৰ্চা 11.74% 64
জনমৰ্চা 4.40% 24
অন্য 10.82% 59
মুঠ 100% 545

তথ্য উৎস[সম্পাদনা কৰক]