সমললৈ যাওক

১৯৭৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৭৭ৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৭৭
ভাৰত
১৯৭১ ←
১৬-২০ মাৰ্চ ১৯৭৭[1]
→ ১৯৮০

লোকসভাৰ ৫৪২খন আসন
সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ২৭২খন
  প্ৰথম দল দ্বিতীয় দল
 
নেতা মোৰাৰজী দেশাই ইন্দিৰা গান্ধী
দল জনতা পাৰ্টি কংগ্ৰেছ
মিত্ৰদল জনতা পাৰ্টি মৰ্চা কংগ্ৰেছ+
নেতাৰ আসন চুৰাট ৰায়বেৰেলী
(পৰাজয়)
বিজয়ী আসন ৩৪৫ 189
পৰিৱৰ্তিত আসন নতুন -২১৭
শতাংশ ৫১.৮৯ ৪০.৯৮

নিৰ্বাচনৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী

ইন্দিৰা গান্ধী
কংগ্ৰেছ (ই)

নিৰ্বাচিত প্ৰধানমন্ত্ৰী

মোৰাৰজী দেশাই
জনতা পাৰ্টি মৰ্চা

১৯৭৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত বিভিন্ন ঘটনাপ্ৰবাহৰ পৰিপ্ৰেক্ষিতত পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে শাসনৰ বাঘজৰী হেৰুৱাবলগীয়া হৈছিল। ২১মহীয়া অন্তৰ্ৱৰ্তী জৰুৰীকালীন অৱস্থাৰ সামৰণি পেলাই প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ষষ্ঠ লোকসভা গঠনৰ উদ্দেশ্যে সাধাৰণ নিৰ্বাচন ঘোষণা কৰিছিল। জয়প্ৰকাশ নাৰায়ণৰ প্ৰচেষ্টাত ভাৰতীয় লোকদলৰ নেতৃত্বত ইন্দিৰা বিৰোধী বিভিন্ন ৰাজনৈতিক দল লগলগাই গঠন কৰা জনতা মৰ্চাই ২৯৮খন আসন লাভ কৰিছিল। মোৰাৰজী দেশাইক মৰ্চাৰ নেতা নিৰ্বাচন কৰা হৈছিল আৰু তেনেকৈয়ে তেওঁ ভাৰতৰ প্ৰথমজন অনা-কংগ্ৰেছ প্ৰধানমন্ত্ৰী হৈছিল। নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত জনতা মৰ্চাৰ দলবোৰ বিলুপ্তি ঘটাই জনতা পাৰ্টি গঠন কৰা হৈছিল। কংগ্ৰেছে পাইছিল মাত্ৰ ১৫৩খন আৰু হেৰুৱাবলগীয়া হৈছিল ১৯৭খন আসন। ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধী উভয়ে পৰাজয় বৰণ কৰিছিল।[2]

প্ৰেক্ষাপট

[সম্পাদনা কৰক]

জৰুৰীকালীন অৱস্থা

[সম্পাদনা কৰক]

২৫ জুন ১৯৭৫ৰ দিনা মাজৰাতি ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে অন্তৰ্ৱৰ্তী জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে। জৰুৰীকালীন অৱস্থাৰ কালচোৱাত সকলো বিৰোধী ৰাজনৈতিক নেতাসকলক জেলত ভৰাই থলে। বাতৰি কাকতত চেঞ্চৰশ্বিপ লগোৱা হ'ল। অনাতাঁৰ আৰু দূৰদৰ্শনত চৰকাৰৰ বিৰুদ্ধে যোৱা কোনো খবৰ প্ৰকাশ নাপাবলৈয়ো ব্যৱস্থা লোৱা হ'ল। ন্যায়পালিকাই যাতে জৰুৰীকালীন অৱস্থাৰ বিষয়ে প্ৰশ্ন তুলিব নোৱাৰে তাৰবাবে গান্ধীয়ে সদনৰ সংখ্যাগৰিষ্ঠতাৰ সুবিধা লৈ সংবিধানৰ ৩৮তম সংশোধন কৰিলে। ১৯৭৬ চনত ষষ্ঠ লোকসভা গঠনৰ বাবে হবলগীয়া সাধাৰণ নিৰ্বাচন পতা নহ'ল। ১৯৭৭ৰ ২৩ জানুৱাৰীত লোকসভাত ইন্দিৰা গান্ধীয়ে নিৰ্বাচনৰ ঘোষণা কৰে আৰু ২১ মাৰ্চত জৰুৰীকালীন অৱস্থা উঠাই ললে। [3]

জনতা মৰ্চা গঠন

[সম্পাদনা কৰক]

নিৰ্বাচন ঘোষণা কৰা সময়ত সকলো বিৰোধী দলৰ নেতা কাৰাবন্দী হৈ আছিল। নিৰ্বাচন ঘোষণা কৰাৰ পিছত তেওঁলোকক মুক্ত কৰি দিয়া হ'ল। চাৰিটা মুখ্য ৰাজনৈতিক দল- কংগ্ৰেছ (ও), ভাৰতীয় জনসংঘ, ভাৰতীয় লোকদল আৰু চোচিয়েলিষ্ট পাৰ্টিয়ে লগ হৈ জনতা মৰ্চা গঠন কৰিলে আৰু উমৈহতীয়া 'চক্ৰ হলধৰ'ৰ প্ৰতীক চিহ্ন লৈ নিৰ্বাচনত অৱতীৰ্ণ হয়। নিৰ্বাচন হৈ যোৱাৰ পিছত এই আটাইকেইটা দল আৰু কেইটামান ক্ষুদ্ৰ ক্ষুদ্ৰ দল লগ হৈ জনতা পাৰ্টি গঠন কৰিলে।[4] জৰুৰীকালীন অৱস্থাত বলপূৰ্বক বন্ধ্যাকৰণ, বিৰোধী ৰাজনৈতিক নেতাক বিনা বিচাৰে কাৰাগাৰত ভৰাই থোৱা আদি মানৱ অধিকাৰ ভঙ্গৰ যিবোৰ ঘটনা ঘটিছিল, জনতা মৰ্চাই সেইবোৰ ৰাইজক সোঁৱৰাই দিলে। জনতা মৰ্চাৰ নিৰ্বাচনী প্ৰচাৰত কোৱা হৈছিল যে ভোটাৰসকলে নিশ্চিত কৰিব, ৰাইজক কি লাগে- গণতন্ত্ৰ নে একনায়কত্ববাদ। কংগ্ৰেছ দলক হতাশ গৈ পৰা দেখা গৈছিল। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী বাবু জগজীৱন ৰাম ১৯৭৭ৰ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত দলত্যাগ কৰিলে।

নিৰ্বাচনত ৫৪২খন আসনৰ ভিতৰত জনতা মৰ্চাই অকলে ২৯৮খন আৰু তেওঁলোকৰ সহযোগী দলবোৰে ৪৭খন আসন (মুঠ ৩৪৫খন) লাভ কৰিলে। ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছে ১৫৩খন আৰু সহযোগী দলবোৰে ৩৬খন আসনত (মুঠ ১৮৯খন) জয়লাভ কৰিবলৈ সক্ষম হ'ল।[4]

ভোটাৰৰ আচৰণ

[সম্পাদনা কৰক]

ঐতিহাসিকভাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ শক্তিশালী ভেঁটি থকা ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত শোচনীয় পৰাজয় হ'ল। লেখক ধনগৰেই লিখিছে যে এনে পৰাজয়ৰ সংৰচনাত্মক কাৰণ আছিল- শক্তিশালী আৰু একত্ৰিত বিৰোধীদলৰ সৃষ্টি হোৱা, কংগ্ৰেছ দলৰ মাজত দেখা দিয়া অনৈক্য আৰু অৱসাদ, ৰাইজৰ মাজত বিৰোধীদলৰ প্ৰভাৱবিস্তাৰ আৰু প্ৰচাৰমাধ্যমৰ ওপৰত ইন্দিৰা গান্ধীয়ে নিয়ন্ত্ৰণ হেৰুওৱা, যি প্ৰচাৰমাধ্যম জৰুৰীকালীন অৱস্থাত চেঞ্চৰশ্বিপৰ কবলত পৰিছিল। নিৰ্বাচনটোৱে ভোটাৰ ৰাইজক প্ৰতিশোধ লবলৈ তথা জৰুৰীকালীন অৱস্থা আৰু ইয়াৰ কৰ্তৃপক্ষ আৰু দমনকাৰী নীতিবোৰৰ প্ৰতি থকা ক্ষোভ উজাৰিবলৈ সুবিধা দিছিল। প্ৰায়ে উল্লেখ কৰা এটা প্ৰতিশোধ আছিল গ্ৰামীন এলেকাত চলোৱা বন্ধ্যাকৰণ (नसबंदी) অভিযান। মধ্যমবৰ্গীয় ৰাইজে জৰুৰীকালীন অৱস্থাত গান্ধীয়ে বাকস্বাধীনতাৰ নেলু চেপি ধৰা কথাটোত বিশেষ গুৰুত্ব দিছিল।[5] উত্তৰ ভাৰতত তেওঁলোকে মাত্ৰ ২খন আসনহে লাভ কৰিলে। ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধী উভয়ে ক্ৰমে ৰায়বেৰেলী আৰু আমেথি লোকসভা সমষ্টিৰ পৰা পৰাজয়বৰণ কৰিলে।[4]

পশ্চিমবঙ্গতো কংগ্ৰেছে সৰ্বকালৰ নিকৃষ্ট ফল প্ৰদৰ্শন কৰিছিল। ইয়াৰ কাৰণ আছিল কংগ্ৰেছ কাৰ্যকৰ্তাসকলৰ নিজৰ মাজৰ বিভেদ আৰু বিশৃংখলতা। তদুপৰি বহুকেইজন নেতাই দলত্যাগ কৰাত কংগ্ৰেছ নিশকতীয়া হৈ পৰিছিল। বিৰোধীয়ে কংগ্ৰেছৰ দুৰ্নীতি ৰাইজৰ আগত উদঙাই দিছিল নতুন নেতৃত্বক স্বাগতম জনাবলৈ আহ্বান জনাইছিল।[6]

কংগ্ৰেছে দক্ষিণ ভাৰতীয় ৰাজ্য- তামিলনাডু, কৰ্ণাটক, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশত ভাল ফল দেখুৱাইছিল। পশ্চিম ভাৰতৰ ৰাজ্য মহাৰাষ্ট্ৰ আৰু গুজৰাটত দলটোৱে মধ্যমীয়া ফল প্ৰদৰ্শন কৰিছিল। অৱশ্যে মুম্বাইৰ আটাইকেইখন আসন জনতা মৰ্চাই লাভ কৰিছিল।

মৰ্চাভিত্তিক ফলাফল

[সম্পাদনা কৰক]

উৎস: Keesings[7]

 •  মাৰ্চ ১৯৭৭ত অনুষ্ঠিত ভাৰতৰ লোকসভা নিৰ্বাচনৰ সংক্ষিপ্ত ফলাফল
মোৰাৰজী চৰকাৰৰ (১৯৭৭-৭৯) মৰ্চাৰ আধাৰত

উৎস: [1]
মৰ্চা দল আসন লাভ পৰিবৰ্তন প্ৰাপ্ত ভোটৰ %
জনতা মৰ্চা
আসন: 345
আসনৰ পৰিবৰ্তন: +233
প্ৰাপ্ত ভোটৰ %: 51.89
জনতা পাৰ্টি / কংগ্ৰেছ ফৰ ডেমোক্ৰেচি 298 +245 43.17
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) 22 -3 4.30
শিৰোমণি আকালি দল 9 +8 1.26
পিজেণ্ট এণ্ড ৱাৰ্কাৰ্চ পাৰ্টি অৱ ইণ্ডিয়া 5 0.55
ৰিভ'লুচনাৰী চোচিয়েলিষ্ট পাৰ্টি (ভাৰত) 3 +2 n/a
ফৰৱাৰ্ড ব্লক 3 +2 0.34
ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (খোব্ৰাগেড়ে)) 2 +1 0.51
দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম 1 -22 1.76
নিৰ্দলীয় 2
ভাৰতীয় জাতীয় কংগ্ৰেছ মৰ্চা
আসন: 189
আসনৰ পৰিবৰ্তন: -217
প্ৰাপ্ত ভোটৰ %: 40.98
ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা) 153 −197 34.52
অল ইণ্ডিয়া আন্না দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম 19 2.9
ভাৰতীয় কমিউনিষ্ট পাৰ্টি 7 -16 2.82
জম্মু এণ্ড কাশ্মীৰ নেচনেল কনফাৰেঞ্চ 2 0.26
ইণ্ডিয়ান ইউনিয়ন মুচলিম লিগ 2 -2 0.3
কেৰালা কংগ্ৰেছ 2 -1 0.18
ৰিভ'লুচনাৰী চোচিয়েলিষ্ট পাৰ্টি (বিভাজিত) 1 -1
নিৰ্দলীয় 2
অন্যান্য
আসন: 19
অন্যান্য 19

দলভিত্তিক ফলাফল

[সম্পাদনা কৰক]
লোকসভা নিৰ্বাচন ১৯৭৭
ভোটদানৰ হাৰ: 60.49%
% জয়লাভ
(total 545)
ভাৰতীয় লোক দল BLD 41.32 295
ভাৰতীয় কমিউনিষ্ট পাৰ্টি CPI 2.82 7
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) CPI(M) 4.29 22
ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা) INC(I) 34.52 154
কংগ্ৰেছ ফৰ ডেমোক্ৰেচি (জগজীৱন ৰাম) CFD (with Janata Party) 5.28 13
অল ইণ্ডিয়া আন্না দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম AIADMK 2.9 18
ফৰৱাৰ্ড ব্লক AIFB 0.34 2
দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম DMK 1.76 2
ইণ্ডিয়ান ইউনিয়ন মুচলিম লিগ IUML 0.3 2
জম্মু এণ্ড কাশ্মীৰ নেচনেল কনফাৰেঞ্চ NC 0.26 2
কেৰালা কংগ্ৰেছ KC 0.18 1
মহাৰাষ্ট্ৰবাদী গোমন্তক পাৰ্টি MGP 0.06 1
মণিপুৰ পিপ'লচ্ পাৰ্টি MPP 0.06 0
মুচলিম লিগ (অপ'জিচন) ML(O) 0.17 0
পিজেণ্ট এণ্ড ৱাৰ্কাৰ্চ পাৰ্টি অৱ ইণ্ডিয়া PWPI 0.55 5
ৰিভ'লুচনাৰী চোচিয়েলিষ্ট পাৰ্টি (ভাৰত) RSP 0.45 4
শিৰোমণি আকালি দল SAD 1.26 9
ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট (ভাৰত) UDF 0.07 1
বিশাল হাৰিয়ানা VH 0.1 1
ঝাৰখণ্ড পাৰ্টি JP 0.07 1
ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (খোব্ৰাগেড়ে) RPI(K) 0.51 2
নিৰ্দলীয় 5.5 9
ইংগ-ভাৰতীয় মনোনীত সদস্য 2

তথ্য উৎস

[সম্পাদনা কৰক]
  1. http://www.ipu.org/parline-e/reports/arc/INDIA_1977_E.PDF
  2. M.R. Masani, "India's Second Revolution," Asian Affairs (1977) 5#1 pp 19–38.
  3. "What happened after emergency was imposed". Archived from the original on 2014-08-01. https://web.archive.org/web/20140801173705/http://news.oneindia.in/feature/2013/what-happened-after-emergency-was-imposed-1245682.html। আহৰণ কৰা হৈছে: 27 আগষ্ট 2014. 
  4. 4.0 4.1 4.2 "Formation of Janata Party". http://www.primepoint.in/2013/09/post-emergency-scenario-rise-and-fall.html। আহৰণ কৰা হৈছে: 27 আগষ্ট 2014. 
  5. D.N. Dhanagare, "Sixth Lok Sabha Election in Uttar Pradesh – 1977: The End of the Congress Hegemony," Political Science Review (1979) 18#1 pp 28–51
  6. Mira Ganguly and Bangendu Ganguly, "Lok Sabha Election, 1977: The West Bengal Scene," Political Science Review (1979) 18#3 pp 28–53
  7. "Janata Party Victory in Lok Sabha Elections - Emergency lifted - Cabinet formed by Mr Desai - Dissolution of Nine State Assemblies - Merger of Janata Party and Congress for Democracy - Developments in States - Relations with Soviet Union and China | Keesing's World News Archives". Keesings.com. http://www.keesings.com/search?kssp_selected_tab=article&kssp_a_id=28429n01ind। আহৰণ কৰা হৈছে: 2014-08-18. 

অধিক জানিবলৈ পঢ়ক

[সম্পাদনা কৰক]
  • Guha, Ramachandra. India After Gandhi: The History of the World's Largest Democracy (2008) pp 491–518
  • Klieman, Aaron S. "Indira's India: Democracy and Crisis Government," Political Science Quarterly (1981) 96#2 pp. 241–259 in JSTOR
  • Roy, Ramashray; Sheth, D. L. "The 1977 Lok Sabha Election Outcome: The Salience of Changing Voter Alignments Since 1969," Political Science Review (1978), Vol. 17 Issue 3/4, pp 51–63