সমললৈ যাওক

১৯৫১-৫২ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৫১ৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৫১-৫২
ভাৰত
১৯৪৫ 
২৫ অক্টোবৰ ১৯৫১ৰ পৰা ২১ ফ্ৰেব্ৰুৱাৰী ১৯৫২লৈ
 ১৯৫৭

 
দল কংগ্ৰেছ চি পি আই
জনপ্ৰিয় ভোট ৪৭,৬৬৫,৮৭৫৩,৪৮৪,৪০১
শতাংশ ৪৪.৯৯৩.২৯

নিৰ্বাচনৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী

জৱাহৰলাল নেহৰু
কংগ্ৰেছ

নিৰ্বাচিত প্ৰধানমন্ত্ৰী

জৱাহৰলাল নেহৰু
কংগ্ৰেছ

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৫১-৫২ স্বাধীন ভাৰতৰ প্ৰথম লোকসভাৰ সদস্যসকলক নিৰ্বাচন কৰিবলৈ অনুষ্ঠিত কৰা হৈছিল। ভোটগ্ৰহণ ২৫ অক্টোবৰ,১৯৫১ৰ পৰা ২১ ফেব্ৰুৱাৰী, ১৯৫২লৈ চলিছিল। সৰ্বপ্ৰথম ভোটগ্ৰহণ হিমাচল প্ৰদেশৰ চিনি জিলাত অনুষ্ঠিত হৈছিল।[1] ভাৰতীয় জাতীয় কংগ্ৰেছে ৪৮৯খন আসনৰ ভিতৰত ৩৬৪খন আসন আৰু মুঠ ভোটদান হোৱা ভোটৰ ৪৫% লাভ কৰি চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছিল। এয়া দ্বিতীয় স্থানপ্ৰাপ্ত দলটোৱে লাভ কৰা ভোটতকৈ ৪ গুণৰো অধিক আছিল। জৱাহৰলাল নেহৰু গণতান্ত্ৰিক ভাবে নিৰ্বাচিত ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছিল। এই নিৰ্বাচন ৪৫.৭% ভোটাৰে ভোটদান কৰিছিল।[2]

ৰাজনৈতিক দলসমূহ

[সম্পাদনা কৰক]

পৰাধীন ভাৰতৰ নেহৰুৰ দুগৰাকী কেবিনেট সতীৰ্থই ভাৰতীয় জাতীয় কংগ্ৰেছৰ আধিপত্যক প্ৰত্যাহ্বান জনাই সুকীয়া ৰাজনৈতিক দল গঠন কৰিছিল। ১৯৫১ৰ অক্টোবৰত শ্যামা প্ৰসাদ মুখাৰ্জীয়ে জনসংঘ গঠন কৰিছিল। আনহাতে দলিত নেতা ভীমৰাও ৰামজী আম্বেদকাৰে অনুসূচীত জাতি সংঘৰ (পিছলৈ ৰিপাব্লিকান পাৰ্টি) জন্ম দিছিল। অন্য কেইটামান আগশাৰীৰ ৰাজনৈতিক দল আছিল ভাৰতীয় মাৰ্ক্সবাদী পাৰ্টি, আচাৰ্য কৃপালিনীৰ কিষাণ মজদুৰ প্ৰজা পৰিষদ, ৰামমনোহৰ লোহিয়া আৰু জয়প্ৰকাশ নাৰায়ণে নেতৃত্ব দিয়া চোচিয়েলিষ্ট পাৰ্টি আদি। এই সৰু-সৰু দলবোৰে কিন্তু কংগ্ৰেছৰ বিপৰীতে খোপনি পুতিবলৈ বিশেষ সক্ষম হোৱা নাছিল।

লোকসভা সমষ্টি

[সম্পাদনা কৰক]

প্ৰথমটো সাধাৰণ নিৰ্বাচন ভাৰতৰ ২৬খন প্ৰদেশৰ ৪০১টা লোকসভা সমষ্টিৰ ৪৮৯খন আসনত অনুষ্ঠিত হৈছিল। সেইসময়ত দেশখনৰ ৩১৪টা লোকসভা সমষ্টিত ১খনকৈ আসন, ৮৬টা লোকসভা সমষ্টিত ২খনকৈ আসন আৰু ১টা লোকসভা সমষ্টিত ৩খন আসন আছিল।[3] ১৯৬০ চনত বহু সংখ্যক আসনযুক্ত সমষ্টিৰ ব্যৱস্থাটো উঠাই দিয়া হয়। লোকসভাত ২জন মনোনীত ইঙ্গ-ভাৰতীয় সদস্যও আছিল।

দলসংক্ষিপ্ত ৰূপপ্ৰাপ্ত ভোটশতাংশপ্ৰাপ্ত আসন
অখিল ভাৰতীয় হিন্দু মহাসভাABHM0.954
ৰামৰাজ্য পৰিষদRRP1.973
ভাৰতীয় জনসংঘBJS3,246,2883.063
ভাৰতৰ বলচেভিক পাৰ্টিBPI0.020
ভাৰতৰ কমিউনিষ্ট পাৰ্টিCPI3,484,4013.2916
ফৰৱাৰ্ড ব্লক (মাৰ্ক্সবাদী)FB(M)0.911
ফৰৱাৰ্ড ব্লক (ৰুইকাৰ)FB(R)0.130
ভাৰতীয় জাতীয় কংগ্ৰেছINC47,665,87544.99364
কৃষিকাৰ লোক পাৰ্টিKLP1.411
কিষাণ মজদুৰ প্ৰজা পাৰ্টিKMPP6,156,5585.799
ভাৰতৰ ৰিভ'লুচনাৰী কমিউনিষ্ট পাৰ্টিRCPI0.060
ৰিভ'লুচনাৰী সমাজবাদী পাৰ্টি (ভাৰত)RSP0.443
অনুসূচীত জাতি ফেদাৰেচনSCF2.382
সমাজবাদী পাৰ্টি (ভাৰত)SP11,266,77910.5912
অখিল ভাৰতীয় ৰিপাব্লিকান পাৰ্টি (১)REP0.040
অখিল ভাৰতীয় ৰিপাব্লিকান পাৰ্টি (২)RPP0.050
অখিল ভাৰতীয় সংযুক্ত কিষাণ সভাUKS0.060
সদৌ মণিপুৰ নেচনেল ইউনিয়নAMNU0.020
অল পিপ'লচ্ পাৰ্টি (অসম)APP0.030
চোটা নাগপুৰ চাওঁতাল পৰগনা জনতা পাৰ্টিCNSPJP0.221
কোচিন পাৰ্টিCP0.010
কমনৱেলথ্ পাৰ্টিCWP0.313
গণতন্ত্ৰ পৰিষদGP0.916
গান্ধী সেৱক সেৱাGSS0.010
হিল পিপ'লচ্ পাৰ্টিHPP0.020
হিষ্টোৰিকেল ৰিচাৰ্চHR0.000
হায়দৰাবাদ ষ্টেট প্ৰজা পাৰ্টিHSPP0.010
ঝাৰখণ্ড পাৰ্টিJKP0.713
জাষ্টিচ পাৰ্টি (ভাৰত)JP0.060
কামগাৰ কিষাণ পক্ষKKP0.130
কেৰালা সমাজবাদী পাৰ্টিKSP0.10
খাচী জয়ন্তীয়া দৰবাৰKJD0.030
কিষাণ জনতা সংযুক্ত পাৰ্টিKJSP0.010
কিষাণ মজদুৰ মণ্ডlKMM0.010
কুকি নেচনেল এচোচিয়েচনKNA0.010
লোকসেৱক সংঘLSS0.292
মাদ্ৰাজ ষ্টেট মুচলিম লিগ পাৰ্টিMSMLP0.081
ভাৰতৰ নেচনেল পাৰ্টিNPI0.000
ভাৰতৰ পিজেণ্টচ্ এণ্ড ৱাৰ্কাৰ্চ পাৰ্টিPWPI0.942
পিপলচ্ ডেমোক্ৰেটিক ফ্ৰণ্ট (হায়দৰাবাদ)PDF1.297
প্ৰজা পাৰ্টিPP0.020
পঞ্জাব ডিপ্ৰেছড্ ক্লাচ লিগPDCL0.010
পুৰ্শৰথী পঞ্চায়তPURP0.010
ৰিভ'লুচনাৰী চোচিয়েলিষ্ট পাৰ্টি (উত্তৰ প্ৰদেশ)RSP(UP)0.020
শিৰোমণি আকালী দলSAD0.994
এচ কে পাক্ষSKP0.130
সৌৰাষ্ট্ৰ খেদুত সংঘSKS0.030
তামিলনাডু টয়লাৰচ্ পাৰ্টিTNTP0.844
তামিলনাডু কংগ্ৰেছ পাৰ্টিTNCP0.030
ট্ৰাইবেল সংঘTS0.110
ট্ৰিৱাংকুৰ তামিলনাডুু কংগ্ৰেছ পাৰ্টিTTNC0.111
উত্তৰ প্ৰদেশ প্ৰজা পাৰ্টিUPP0.20
জমিনদাৰ পাৰ্টিZP0.270
নিৰ্দলীয়16,817,91015.937
মনোনীত ইঙ্গ-ভাৰতীয়--2
মুঠ105,944,495100489

লক্ষণীয় পৰাজয়

[সম্পাদনা কৰক]

বোম্বে নৰ্থ চেণ্ট্ৰেল আসনত অনুসূচীত জাতিৰ নেতা তথা অন্যতম সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰ পৰাজিত হৈছিল। আম্বেদকাৰে লাভ কৰা ১২৩৫৭৬টা ভোটৰ বিপৰীতে ১৩৮১৩৭টা ভোট পাই বিশেষ পৰিচিতি নথকা প্ৰাৰ্থী নাৰায়ণ সাবোদা কাজৰ'লকাৰ সেই আসনখনত জয়ী হৈছিল।[4][5]

চৰকাৰ গঠন

[সম্পাদনা কৰক]

লোকসভাৰ প্ৰথম অধ্যক্ষ আছিল গণেশ বাসুদেৱ মাৱলঙ্কাৰ। প্ৰথমখন লোকসভাই মুঠ ৬৭৭খন বৈঠকেৰে (৩,৭৮৪ ঘণ্টা) সৰ্বাধিক সংখ্যক বৈঠক অনুষ্ঠিত কৰাৰ ৰেকৰ্ড স্থাপন কৰিছিল। এইখন লোকসভাৰ কাৰ্যকাল আছিল ১৭ এপ্ৰিল ১৯৫২ৰ পৰা ৪ এপ্ৰিল ১৯৫৭।

সময়সীমা

[সম্পাদনা কৰক]

মূল নিৰ্বাচন ফেব্ৰুৱাৰী, ১৯৫২ত অনুষ্ঠিত হৈছিল যদিও হিমাচল প্ৰদেশক অক্টোবৰ, ১৯৫১ত নিৰ্বাচন পতাৰ সুবিধা দিয়া হৈছিল। কাৰণ প্ৰবল তুষাৰপাত, আদিম অৱস্থাৰ ৰাষ্টা-ঘাট আৰু দুৰ্গম পাহাৰীয়া অঞ্চল হোৱাৰ বাবে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ বহু ভোটগ্ৰহণ কেন্দ্ৰবোৰ দুৰ্গম হৈ পৰিছিল।[6]

অধিক জানিবলৈ পঢ়ক

[সম্পাদনা কৰক]
  • Guha, Ramachandra. "Democracy's Biggest Gamble," World Policy Journal, (Spring 2002) 19#1 pp95–103

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Ramachandra Guha (2008). India After Gandhi: The History of the World's Largest Democracy. ISBN 978-0-06-095858-9.
  2. Nohlen, D, Grotz, F & Hartmann, C (2001) Elections in Asia: A data handbook, Volume I, p572 ISBN 0-19-924958-X
  3. "General Election of India 1951, List of Successful Candidate". Election Commission of India. পৃষ্ঠা: 6. http://eci.nic.in/eci_main/StatisticalReports/LS_1951/VOL_1_51_LS.PDF আহৰণ কৰা হৈছে: 2010-01-12.
  4. Ramachandra Guha (2008). India After Gandhi: The History of the World's Largest Democracy. পৃষ্ঠা. 156. ISBN 978-0-06-095858-9.
  5. "Statistical Report On General Elections, 1951 to The First Lok Sabha: List of Successful Candidates". Election Commission of India. পৃষ্ঠা: 83, 12. http://eci.nic.in/eci_main/StatisticalReports/LS_1951/VOL_1_51_LS.PDF আহৰণ কৰা হৈছে: 2014-06-24.
  6. India's first voter in Himachal Pradesh, by Gautam Dhmeer, in the Deccan Herald; published October 30, 2012; retrieved April 7, 2014