ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৮৯

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৮৯
ভাৰত
১৯৮৪ ←
২২ আৰু ২৬ নবেম্বৰ, ১৯৮৯[1]
→ ১৯৯১

  V. P. Singh (cropped).jpg Rajiv Gandhi (cropped).jpg
দল জনতা দল কংগ্ৰেছ
মিত্ৰদল ৰাষ্ট্ৰীয় মৰ্চা কংগ্ৰেছ+
শতাংশ ৪০.৬৬% ৩৯.৫৩%

নিৰ্বাচনৰ পূৰ্বৰ প্ৰধান মন্ত্ৰী

ৰাজীৱ গান্ধী
কংগ্ৰেছ+

নিৰ্বাচিত প্ৰধান মন্ত্ৰী

বিশ্বনাথ প্ৰতাপ সিং
ৰাষ্ট্ৰীয় মৰ্চা

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৮৯ নৱম লোকসভাৰ সদস্যসকলক নিৰ্বাচিত কৰিবলৈ অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত ৰাজীৱ গান্ধীৰ পৰাজয় হৈছিল, কাৰণ বিৰোধী দলবোৰে একগোট হৈ জাতীয় মৰ্চাৰ অধীনত এখন সংখ্যালঘু চৰকাৰ গঠন কৰিছিল। প্ৰধান মন্ত্ৰী হৈছিল বিশ্বনাথ প্ৰতাপ সিং। চৰকাৰক বাম মৰ্চা আৰু ভাৰতীয় জনতা পাৰ্টিয়ে বাহিৰৰ পৰা সমৰ্থন দিছিল আৰু চৰকাৰত অংশগ্ৰহণ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছিল।

পৃষ্ঠভূমি[সম্পাদনা কৰক]

১৯৮৪ত অনুষ্ঠিত হোৱা অষ্টম লোকসভাৰ নিৰ্বাচনত ৰাজীৱ গান্ধীয়ে যদিও বিপুল সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল, যদিও পৰৱৰ্তী নিৰ্বাচনত বফৰ্চ কেলেংকাৰী, পাঞ্জাৱৰ সন্ত্ৰাসবাদ, শ্ৰীলংকা চৰকাৰ আৰু এল.টি.টি.ইৰ মাজত চলি থকা যুদ্ধ আদি সমস্যাই ৰাজীৱ গান্ধী চৰকাৰক ভাৰাক্ৰান্ত কৰি ৰাখিছিল। গান্ধীৰ আটাইতকৈ চোকা সমালোচক আছিল বিশ্বনাথ প্ৰতাপ সিং, যিয়ে গান্ধী চৰকাৰত বিত্ত মন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰী হৈ থকা অৱস্থাত সিঙে বফৰ্চ টোপ ক্ৰয়ত অবৈধ ধনৰ লেন-দেন হোৱাৰ অভিযোগ আনিছিল, যিয়ে ৰাজীৱ গান্ধীৰ ভাৱমূৰ্তি ম্লান কৰিছিল। সিঙক মন্ত্ৰীসভাৰ পৰা আঁতৰোৱা হৈছিল আৰু তেতিয়া তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য পদৰ লগতে লোকসভাৰ সদস্য পদো ত্যাগ কৰিছিল।[2] তেওঁ অৰুণ নেহৰু আৰু আৰিফ মহম্মদৰ লগ হৈ জনমৰ্চা গঠন কৰিছিল আৰু এলাহাবাদ লোকসভা সমষ্টিৰ পৰা উপ-নিৰ্বাচনত জয়ী হৈ পুনৰ সংসদত প্ৰবেশ কৰিছিল।[3]

ৰাজীৱ গান্ধীৰ চৰকাৰৰ বিৰুদ্ধে একগোট হৈ যুঁজিবলৈ ১১ অক্টোবৰ, ১৯৮৮ৰ দিনা জনতা দল গঠন কৰা হয়। ১১ অক্টোবৰ আছিল মূল জনতা পাৰ্টিৰ আধ্যাত্মিক নেতা জয়প্ৰকাশ নাৰায়ণৰ জন্মদিন। জনতা দলত জনমৰ্চা, জনতা পাৰ্টি, লোকদল, সমাজবাদী কংগ্ৰেছ চামিল হয়। বিশ্বনাথ প্ৰতাপ সিং এই ৰাজনৈতিক দলটোৰ সভাপতি নিৰ্বাচিত হয়। জনতা দলৰ উদ্যোগত বিভিন্ন আঞ্চলিক দল, দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম, তেলুগু দেশম, অসম গণ পৰিষদ আদিক লৈ জাতীয় মৰ্চা গঠন কৰা হয়। ইয়াৰ আহ্বায়ক, সভাপতি আৰু সাধাৰণ সম্পাদক আছিল ক্ৰমে বিশ্বনাথ প্ৰতাপ সিং, এন টি ৰামাৰাও আৰু পি উপেন্দ্ৰ।[4]

ফলাফল[সম্পাদনা কৰক]

১৯৮৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল আছিল এনেধৰণৰ:[5]

লোকসভা নিৰ্বাচন
ভোটদানৰ হাৰ: 61,95%
% জয়
(মুঠ 545)
ভাৰতীয় জনতা পাৰ্টি BJP 11,36 85
ভাৰতীয় কমিউনিষ্ট পাৰ্টি CPI 2,57 12
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) CPI(M) 6,55 33
ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) IC(S) 0,33 1
ভাৰতীয় জাতীয় কংগ্ৰেছ INC 39,53 197
জনতা দল JD 17,79 143
অল ইণ্ডিয়া আন্না দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম AIADMK 1,5 11
অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক AIFB 0,42 3
ইণ্ডিয়ান ইউনিয়ন মুচলিম লিগ MUL 0,32 2
জম্মু-কাশ্মীৰ নেচনেল ফ্ৰণ্ট NC 0,2 3
মহাৰাষ্ট্ৰবাদী গোমন্টক পাৰ্টি MGP 0,04 1
বিপ্লৱী সমাজবাদী পাৰ্টি RSP 0,62 4
চিক্কিম সংগ্ৰাম পৰিষদ SSP 0,03 1
তেলুগু দেশম পাৰ্টি TDP 3,29 2
অখিল ভাৰতীয় হিন্দু মহাসভা ABHS 0,07 1
অল ইণ্ডিয়া মজলিচ-ই-ইত্তেহাদুল মুচলিমেন AIMIM 0,21 1
বহুজন সমাজ পাৰ্টি BSP 2,07 3
গোৰ্খা নেচনেল লিবাৰেচন ফ্ৰণ্ট GNLF 0,14 1
ইণ্ডিয়ান পিপ’লচ্ ফ্ৰণ্ট IPF 0,25 1
ঝাৰখণ্ড মুক্তি মৰ্চা JMM 0,34 3
কেৰালা কংগ্ৰেছ (মণি) KC(M) 0,12 1
মাৰ্ক্সিষ্ট কো-অৰ্ডিনেচন কমিটি MCO 0,08 1
শিৰোমণি আকালি দল (সমৰজিৎ সিং মান) SAD(M) 0,77 6
শিৱসেনা SS 0,11 1
নিৰ্দলীয় - 5,25 12
ইংগ-ভাৰতীয় মনোনীয় প্ৰাৰ্থী - - 2

প্ৰধানমন্ত্ৰিত্বৰ বাবে যুঁজ[সম্পাদনা কৰক]

বিশ্বনাথ প্ৰতাপ সিং[সম্পাদনা কৰক]

নিৰ্বাচনৰ আগত অনা কংগ্ৰেছ শক্তিটোৱে স্পষ্টৰূপত ৰাজীৱ গান্ধীৰ বিকল্প হিচাপে বিশ্বনাথ প্ৰতাপ সিঙক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীৰ ৰূপত প্ৰক্ষেপ কৰিছিল যদিও ১ ডিচেম্বৰত সংসদ ভৱনৰ কেন্দ্ৰীয় হলত হোৱা এখন নাটকীয় সভাত বিশ্বনাথ প্ৰতাপ সিঙে প্ৰধানমন্ত্ৰীৰ বাবে দেৱীলালৰ নামটো প্ৰস্তাৱ কৰে। হাৰিয়ানাৰ এজন জাট নেতা দেৱীলালে এই প্ৰস্তাৱ অস্বীকাৰ কৰে আৰু কয় যে চৰকাৰখনত তেওঁ এজন বৃদ্ধ খুৰাকৰ (elder uncle) ভূমিকাত থাকিয়ে ভাল পাব আৰু সেয়েহে সিঙেই প্ৰধানমন্ত্ৰী হব লাগে।[6] এই কথাত জনতা পাৰ্টিৰ পূৰ্বৰ মুখ্যনেতা আৰু ভি.পি. সিঙৰ বিৰোধী চন্দ্ৰ শেখৰ আশ্চৰ্য চকিত হয়। শেখৰে দেৱীলালক প্ৰধানমন্ত্ৰী হোৱাটো আশা কৰিছিল। তেওঁ সিঙৰ মন্ত্ৰীসভাত অংশগ্ৰহণ কৰিবলৈ অসন্মতি প্ৰকাশ কৰে।[7]

চন্দ্ৰ শেখৰ[সম্পাদনা কৰক]

৬৪জন সাংসদৰ সৈতে জনতা দল ভংগ কৰি চন্দ্ৰ শেখৰে সমাজবাদী জনতা পাৰ্টি গঠন কৰে আৰু কংগ্ৰেছৰ সমৰ্থন লৈ ১০ নবেম্বৰ, ১৯৯০ত প্ৰধানমন্ত্ৰীৰ শপত লয়। কিন্তু ৰাজীৱ গান্ধীৰ ওপৰত চোৰাংচোৱাগিৰি কৰি থকাৰ অভিযোগত কংগ্ৰেছে সমৰ্থন উঠাই লয় আৰু ৬ মাৰ্চ, ১৯৯১ত শেখৰে পদত্যাগ কৰে। অৱশ্যে পৰৱৰ্তী নিৰ্বাচনলৈ তেওঁ তদাৰকী প্ৰধানমন্ত্ৰী হৈ থাকে।

তথ্য উত্স[সম্পাদনা কৰক]