ভাৰতৰ কমিউনিষ্ট পাৰ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ পৰা পুনঃনিৰ্দেশিত)

ভাৰতীয় কমিউনিষ্ট পাৰ্টি (ইংৰাজী: Communist Party of India) চমুকৈ CPI হ'ল ভাৰতৰ আটাইতকৈ পুৰণি কমিউনিষ্ট দল আৰু দেশৰ আঠটা জাতীয় দলৰ ভিতৰত অন্যতম।[1] ১৯২৫ চনৰ ২৬ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ কানপুৰত চিপিআই প্ৰতিষ্ঠা কৰা হয়।[2][3][4]

বিশিষ্ট নেতৃত্ব[সম্পাদনা কৰক]

  • বিষ্ণু চট্টোপাধ্যায়, (এপ্ৰিল, ১৯১০ - ১১ এপ্ৰিল, ১৯৭১) জমিদাৰতন্ত্ৰ বিৰোধী কৃষক আন্দোলনৰ ঐতিহাসিক নেতা আৰু সাম্যবাদী ৰাজনীতিবিদ।
  • ভূপেশ গুপ্ত, (২০ অক্টোবৰ, ১৯১৪ - ৬ আগষ্ট, ১৯৮১) কমিউনিষ্ট আন্দোলনৰ অন্যতম নেতা।
  • অজয় ঘোষ, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক আৰু তাত্ত্বিক নেতা।
  • সোমনাথ লাহিড়ী (১ সেপ্টেম্বৰ, ১৯০৯ - ১৯ অক্টোবৰ ১৯৮৪) প্ৰখ্যাত কমিউনিষ্ট নেতা, সুলেখক আৰু সংবিধান ৰচয়িতা গণপৰিষদৰ একমাত্ৰ সাম্যবাদী সদস্য।
  • ভবাণী সেন, ৰাজ্যিক সম্পাদক, পলিটব্যুৰ সদস্য আৰু খ্যাতনামা বামপন্থী বুদ্ধিজীৱী।
  • অৰ্ধেন্দুভূষণ বৰ্ধন, (২৪ সেপ্টেম্বৰ, ১৯২৪) ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ (সি পি আই) প্ৰাক্তন সাধাৰণ সম্পাদক।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]